ETV Bharat / state

Cheques Distribution at Sonari: চৰাইদেউত 779 গৰাকী মহিলাক চেক প্ৰদান

author img

By

Published : Oct 28, 2022, 9:45 PM IST

cheques-distribution-under-amfirs-2022-at-sonari
চৰাইদেউত 779 গৰাকী মহিলাক চেক প্ৰদান

শুকুৰবাৰে কেবিনেট মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত চৰাইদেউ জিলাৰ 779 গৰাকী মহিলাক সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত মহিলাসকলক আনুষ্ঠানিকভাৱে দ্বিতীয় কিস্তিৰ চেক প্ৰদান কৰা হয় (Cheques Distribution at Sonari) ।

ডিব্ৰুগড়, 28 অক্টোবৰ: ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল মাইক্ৰফাইনেন্সৰ ঋণ লৈ পৰিশোধ কৰিব নোৱাৰা মহিলা সকলক সহায় কৰাৰ । শাসনলৈ অহাৰ পাছতেই মুখ্যমন্ত্ৰীক এই ক্ষেত্ৰত তৎপৰ হোৱা পৰিলক্ষিত হৈছে ।

প্ৰথম পৰ্যায়ত ৰাজ্যৰ প্ৰায় সমূহ জিলাতেই মহিলাসকলক ‘‘অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২২’’ৰ (Microfinance loan waiver scheme) আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰা পাছতেই দ্বিতীয় পৰ্যায়ৰ আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ।

চৰাইদেউত 779 গৰাকী মহিলাক চেক প্ৰদান

শুকুৰবাৰে কেবিনেট মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত চৰাইদেউ জিলাৰ 779 গৰাকী মহিলাক সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত মহিলাসকলক আনুষ্ঠানিকভাৱে দ্বিতীয় কিস্তিৰ চেক প্ৰদান কৰা হয় (Cheques Distribution at Sonari) ।

অনুষ্ঠানত মন্ত্ৰী যোগেন মহনৰ সৈতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলা উপায়ুক্ত পল বৰুৱা, অতিৰিক্ত উপায়ুক্ত জাভেদ আৰমান, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, জিলা পৰিষদৰ সভানেত্ৰী বন্তি কোঁৱৰকে ধৰি প্ৰশাসনীয় বিষয়াসকল উপস্থিত থাকে ।

মন্ত্ৰী যোগেন মহনে অনুষ্ঠানত অংশ লৈ মাইক্ৰ'ফাইনেন্সৰ ঋণ লৈ পৰিশোধ কৰাত সমস্যাত পৰা মহিলাসকলক আত্মনিৰ্ভৰশীল হিচাপে গঢ়ি তোলাৰ বাবে মাইক্ৰ'ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনিৰ জৰিয়তে চেক প্ৰদান কৰা হৈছে (Cheques Distribution under AMFIRS 2022 at Sonari) । ইয়াৰ জৰিয়তে মাইক্ৰ'ফাইনেন্সৰ (Assam Micro Finance Incentive and Relief Scheme) ঋণগ্ৰস্ত মহিলাসকলে যথেষ্ট সকাহ লাভ কৰিব আৰু পুনৰ বেংকৰ পৰা ঋণ লৈ আত্মনিৰ্ভৰশীল হৈ উঠিবলৈ প্ৰেৰণা লাভ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে কয় ৷

ইফালে, শুকুৰবাৰে মঙলদৈ চহৰস্থিত গান্ধী ময়দানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিতিত অসম চৰকাৰৰ "অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২২" বাবে ঋণ ৰেহাই বাবে চেক বিতৰণ কৰা হয় (Cheques Distribution under AMFIRS 2022 in Darrang) । দৰং জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত যিসকল মাইক্ৰ'ফাইনেন্সৰ ঋণগ্ৰহণকাৰী মহিলাই তেওঁলোকৰ ঋণৰ কিস্তি নিয়মীয়াকৈ পৰিশোধ কৰি আহিছিল, তাৰে দ্বিতীয় কিস্তিৰ হিচাবে তেনে শ্ৰেণীৰ প্ৰায় ৩৭২৪ মহিলাক গাইপতি সৰ্বাধিক ২০,০০০ টকাৰ চেক প্ৰদান কৰা হয় ।

লগতে পঢ়ক: AMFIRS 2022 in Darrang: মঙলদৈত মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত চেক বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.