AMFIRS 2022 in Darrang: মঙলদৈত মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত চেক বিতৰণ

author img

By

Published : Oct 28, 2022, 9:10 PM IST

Cheques distribution under AMFIRS 2022 in  Darrang

শুকুৰবাৰে মঙলদৈ চহৰস্থিত গান্ধী ময়দানত অনুস্থিত এখন সভাত অসম চৰকাৰৰ ‘‘অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২২’’ বাবে ঋণ ৰেহাই বাবে চেক বিতৰণ কৰা হয় (Cheques distribution under AMFIRS 2022 in Darrang) ।

দৰং, 28 অক্টোবৰ: শুকুৰবাৰে মঙলদৈ চহৰস্থিত গান্ধী ময়দানত অনুস্থিত এখন সভা অনুষ্ঠিত হয় ৷ এই সভাত দৰং জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী (Minister Chandra Mohan Patowary) উপস্থিত থাকে ৷

মঙলদৈত মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত চেক বিতৰণ

মন্ত্ৰীগৰাকীৰ উপস্থিতিত অসম চৰকাৰৰ ‘‘অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২২’’ বাবে ঋণ ৰেহাই বাবে চেক বিতৰণ কৰা হয় (Cheques distribution under AMFIRS 2022 in Darrang) । দৰং জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত যিসকল মাইক্ৰ'ফাইনেন্সৰ ঋণ গ্ৰহণকাৰী মহিলাই তেওঁলোকৰ ঋণৰ কিস্তি নিয়মীয়াকৈ পৰিশোধ কৰি আহিছিল, তাৰে দ্বিতীয় কিস্তি হিচাবে তেনে শ্ৰেণীৰ প্ৰায় ৩৭২৪ মহিলাক গাইপতি সৰ্বাধিক ২০,০০০ টকাৰ চেক প্ৰদান কৰা হয় (Microfinance Loan Waiver Scheme) ।

উপস্থিত হিতাধিকাৰীসকলক উদ্দেশ্যি দিয়া ভাষণত মন্ত্ৰী পাটোৱাৰীয়ে অসম চৰকাৰৰ এই কল্যাণমূলক আঁচনি অসমৰ ইতিহাসত নজিৰবিহীন বুলি উল্লেখ কৰে ৷ লগতে তেওঁ কয় যে বৰ্তমানৰ ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেটে ৰাজ্যখনৰ আৰ্থিকভাৱে পিছপৰা শ্ৰেণীক সদায় অগ্ৰাধিকাৰ দি গৈ থাকিব (AMFIRS 2022 in Darrang) ।

মন্ত্ৰীগৰাকীয়ে লগতে উপস্থিত হিতাধিকাৰী মহিলাসকলক সম্বোধন কৰি তেওঁলোকক এতিয়াৰ পৰা ঋণ গ্ৰহণ কৰিবলৈ হ’লে যাতে ঋণ সমূহৰ সদব্যৱহাৰ হয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ অনুৰোধ জনায় । এই চেক প্ৰদান অনুষ্ঠানত সাংসদ দিলীপ শইকীয়া, দলগাঁৱৰ বিধায়ক মজিবৰ ৰহমানো উপস্থিত থাকে ।

উপৰোক্ত ব্যক্তি সকলৰ উপৰিও জিলা উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মা, মঙলদৈ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসকে আদি কৰি কেইবাগৰাকীও গণ্য মান্য ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকি ভাষণ প্ৰদান কৰে । উল্লেখযোগ্য যে অসম চৰকাৰে মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত ঋণগ্ৰস্ত মহিলাসকলক তিনিটা শ্ৰেণীত বিভক্ত কৰা হৈছে ।

লগতে পঢ়ক: Neel Pawan Baruah death: জুইশলা বাকচত ক্ষুদ্ৰ চিত্ৰ অংকনৰে বিশেষ শৈলীৰ সৃষ্টি কৰিছিল নীলপৱনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.