ETV Bharat / state

তীব্ৰ আৰ্থিক সংকটত ভুগিছে আলফা (স্বা): আৰক্ষী অধীক্ষক যুৱৰাজ

author img

By

Published : May 28, 2022, 5:37 PM IST

ULFA I in financial crisis
তীব্ৰ আৰ্থিক সংকটত ভুগিছে আলফা স্বাধীন: আৰক্ষী অধীক্ষক যুৱৰাজ

অৰ্থ সংকটত পৰিছে আলফা(স্বা) (ULFA I in financial crisis) ৷ সহযোগী নিষিদ্ধ সংগঠনৰ হেঁচাত ধন সংগ্ৰহৰ লগতে অসমত কুটাঘাট সংঘটিত কৰা আশংকা ৷ এই মন্তব্য চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষকৰ ৷

মৰাণ, 28 মে’: ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতে আলফা(স্বা) আৰু চৰকাৰৰ মাজৰ শান্তি আলোচনাৰ প্ৰক্ৰিয়াত কিছু ইতিবাচক ইংগিত পোৱা গৈছিল । কিন্তু আলফা-চৰকাৰৰ মাজৰ এই প্ৰক্ৰিয়াৰ মাজতে নিষিদ্ধ ঘোষিত সংগঠনটোৱে সমান্তৰালভাৱে চলাই গৈছে নতুন সদস্য ভৰ্তি অভিযান (Joining in ULFA I)।

নিতৌ নতুন সদস্যভৰ্তি হৈ থকাৰ খবৰে ৰাজ্যজুৰি তোলপাৰ লগাই থকাৰ মাজতে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক যুৱৰাজে সোণাৰিত আলফা সন্দৰ্ভত বহুকেইটা বিস্ফোৰক মন্তব্য কৰে । অৰ্থ সংকটত পৰি আলফা স্বাধীনে সহযোগী নিষিদ্ধ সংগঠনৰ হেঁচাত ধন সংগ্ৰহৰ লগতে অসমত কুটাঘাট সংঘটিত কৰা আশংকা প্ৰকাশ কৰে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক যুৱৰাজে (Charaideo SP Yuvaraj)।

তীব্ৰ আৰ্থিক সংকটত ভুগিছে আলফা স্বাধীন: আৰক্ষী অধীক্ষক যুৱৰাজ

শেহতীয়াকৈ ১৫ আৰু ১৬ মে'ত সহযোগী নিষিদ্ধ সংগঠনৰ সৈতে আলফা স্বাধীনৰ নেতৃত্ব আলোচনাত বহাৰ তথ্য পোহৰলৈ অহা বুলি মন্তব্য কৰিছে আৰক্ষী অধীক্ষকগৰাকীয়ে । আনহাতে চৰাইদেউ জিলাত যাতে কোনো ধৰণৰ ধন দাবী তথা কুটাঘাটৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি চৰাইদেউ আৰক্ষী প্ৰশাসন সষ্টম হৈ উঠিছে বুলি কয় আৰক্ষী অধীক্ষক গৰাকীয়ে ।

লগতে পঢ়ক: অসমত বাংলাদেশৰ জেহাদী দলৰ আত্মগোপনঃ 7 ৰাজ্যত সতৰ্কতা জাৰি কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.