ETV Bharat / state

MLA Taranga Gogoi: এইবাৰ ব্যতিক্ৰমী ৰূপত নাহৰকটীয়াৰ বিধায়কগৰাকী

author img

By

Published : Dec 2, 2021, 7:02 PM IST

এইবাৰ ব্যতিক্ৰমী ৰূপত বিধায়ক তৰংগ গগৈ (MLA Taranga Gogoi) ৷ নিজৰ ব্যস্ততাপূৰ্ণ কামকাজক ক্ষন্তেক সময়ৰ বাবে একাষৰীয়া কৰি পথাৰত ধান কাটি, ডাঙৰী কঢ়িয়াই লগতে দাৱনীৰ সৈতে চাহ-জলপান, ৰাবাব টেঙাৰ জুতি লৈ নষ্টালজিক হৈ পৰে নাহৰকটীয়াৰ বিধায়ক গৰাকী ৷

MLA Taranga Gogoi
ব্যতিক্ৰমী ৰূপত বিধায়ক তৰংগ গগৈ

মৰাণ, 2 ডিচেম্বৰ : ব্যতিক্ৰমী ৰূপত এগৰাকী জনপ্ৰতিনিধি ৷ পথাৰত ধান কটাৰ লগতে ডাঙৰী কঢ়িয়াইছে বিধায়কজনে (Paddy harvesting by MLA) । আনকি দাৱনীৰ লগত একলগে বহি চাহ-জলপান খোৱাৰ লগতে জুতি ল'লে ৰাবাব টেঙাৰো ।

নাহৰকটীয়াৰ চাচনী খাটোৱা গাঁৱৰ ধাননি পথাৰত এইবাৰ ব্যতিক্ৰমী ৰূপত দেখা গ'ল নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ (MLA Taranga Gogoi)ক । ধাননি পথাৰখনত দাৱনী সকলৰ সৈতে এফালৰ পৰা ধানৰ মুঠি কাটি গৈছে যুৱ বিধায়কজনে । ধান কটাৰ লগতে ডাঙৰীও কঢ়িয়াইছে বিধায়ক তৰংগয়ে ।

ব্যতিক্ৰমী ৰূপত বিধায়ক তৰংগ গগৈ

আঘোণৰ ভৰ দুপৰীয়া পথাৰৰ মাজত দাৱনীসকলৰ সৈতে চাহ-জলপান আৰু ৰবাব টেঙাৰ জুতি লোৱাত ব্যস্ত বিধায়ক গগৈ ৷ মূলতঃ নাহৰকটীয়াৰ জনতাই যাতে কৃষি কাৰ্যৰ লগতে বিভিন্ন ক্ষেত্ৰত ইজনে সিজনক সহায় কৰি এক হৈ সমাজখন যাতে আগুৱাই নিয়ে, তাৰেই এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে বিধায়ক তৰংগ গগৈয়ে ।

MLA Taranga Gogoi
ব্যতিক্ৰমী ৰূপত বিধায়ক তৰংগ গগৈ

দিনটো পথাৰত দাৱনীৰ সৈতে ধান কটাৰ লগতে ৰবাব টেঙাৰ জুতি লৈ নষ্টালজিক হৈ পৰে নাহৰকটীয়াৰ বিধায়ক গৰাকী ৷ ইফালে, বিধায়কজনক কাষতে পাই একপ্ৰকাৰ উৎফুল্লিত হৈ পৰিল দাৱনীসকলো । ভিভিআইপি আচৰণৰ সলনি এজন সহজ সৰল চহা কৃষকৰ ৰূপত জনতাৰ কাষত থিয় হোৱাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে চাচনী খাটোৱা গাঁওবাসী ৷ সমাজক একত্ৰিত কৰি ৰখাৰ স্বাৰ্থত বিধায়ক তৰংগ গগৈয়ে লোৱা এনে ব্যতিক্ৰমী প্ৰচেষ্টাক এতিয়া সকলোৱে সলাগ জনাইছে ৷

লগতে পঢ়ক : নাৱেৰে বুঢ়ীদিহিং নদীৰ খহনীয়া পৰিদৰ্শন তৰংগ গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.