ETV Bharat / state

MLA Binod Hazarika Press meet: ন-পুৰণি বিজেপিক লৈ দলত নাই কোনো ধৰণৰ সংঘাত

author img

By

Published : Aug 21, 2023, 4:03 PM IST

দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰা পাছতেই শাসক দল বিজেপিত আৰম্ভ হৈছে সংঘাত । জ্যেষ্ঠসকলক গুৰুত্বহীন কৰাৰ অভিযোগ উত্থাপন কৰি একাংশ বিজেপিৰ জ্যেষ্ঠ নেতাই মুকলিকৈ দলৰ নেতৃত্বৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে । ইয়াৰ পাচতেই দলটোৰ আন একাংশ জ্যেষ্ঠ নেতাই দলৰ ভিতৰত কোনো সংঘাত নথকাৰ কথা স্পষ্ট কৰে ৷ এইবাৰ পুনৰ এই কথা উল্লেখ কৰে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই ৷

MLA Binod Hazarika Press meet
লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা

লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা

ডিব্ৰুগড়, ২১ আগষ্ট: বিজেপি দলত ন-পুৰণি বিজেপিক লৈ কোনো ধৰণৰ সংঘাত নাই । কেৱল কেইজনমান ব্যক্তিয়ে মাত্ৰ অসন্তুষ্ট হৈ কিছু কথা কৈছে । উল্লেখ্য যে, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, প্ৰাক্তন বিজেপি সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দৰে জ্যেষ্ঠ নেতাই ন বিজেপি নেতাৰ বাবে বিজেপি দলত অৰাজক পৰিবেশ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন কৰিছিল ৷ ইয়াৰ পাচত বিজেপি দলৰ আন কেইবাজনো জ্যেষ্ঠ নেতা তথা বিধায়কে দলৰ ভিতৰচ’ৰাত ন-পুৰণি বিজেপিৰ মাজত কোনো ধৰণৰ সংঘাত নথকাৰ কথা উল্লেখ কৰে । এইবাৰ এই কথা পুনৰবাৰ স্পষ্ট কৰে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই ৷

লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই ডিব্ৰুগড়ত সংবাদমেল সম্বোধন কৰি কয়, সৰ্বানন্দ সোণোৱালে আন দলৰ পৰা আহি বিজেপিক নেতৃত্ব দি চৰকাৰ গঠন কৰিছিল । এতিয়াও ঠিক তেনেদৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমক আগুৱাই নিয়াৰ বাবে কাম কৰিছে । ইয়াত ন- পুৰণি বুলি কথা নাই । কেৱল কেইজনমান ব্যক্তি মাত্ৰ অসন্তুষ্ট হৈ কিছু কথা কৈছে বুলি কয় বিধায়ক বিনোদ হাজৰিকাই ।

সমষ্টি পুনৰ নিৰ্ধাৰণত লাহোৱাল সমষ্টি বিলুপ্তিককৰণ কৰি চাবুৱা লাহোৱাল সমষ্টি গঠন কৰি লাহোৱাল ৰাইজৰ আবেগ আৰু দাবীক চৰকাৰ আৰু নিৰ্বাচন আয়োগে শ্ৰদ্ধা জনোৱা বুলিও কয় বিধায়কগৰাকীয়ে । তেওঁ লগতে কয় যে, মানুহ চৰ্চালৈ তেতিয়া আহে যেতিয়া বিৰ্তক হয় ৷ ক্ষোভতে কেতিয়াবা তেওঁলোক আৱেগিক হৈ মিডিয়াৰ কাষলৈ গুচি যায় ৷ কিন্তু দলৰ মজিয়াত তেওঁলোকে এই বিষয়ে আলোচনা কৰিলে আজি বিষয়টো ইমান ডাঙৰ নহ’লহেঁতেন ৷

লগতে পঢ়ক: MLA Chakradhar Gogoi: বিজেপি দলত ন-পুৰণি বিজেপি বুলি ষ্টাম্প মৰা নাথাকে; বিধায়ক চক্ৰধৰ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.