ETV Bharat / state

নাচি-বাগি ভোটাৰক আকৰ্ষণৰ চেষ্টা বিমল বৰাৰ

author img

By

Published : Mar 14, 2021, 1:05 PM IST

নাচি-বাগি ভোটাৰক আকৰ্ষণৰ চেষ্টা বিমল বৰাৰ
নাচি-বাগি ভোটাৰক আকৰ্ষণৰ চেষ্টা বিমল বৰাৰ

নিতৌ নতুন কৌশলেৰে ভোটাৰক আকৰ্ষণত ব্যস্ত হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থী ৷ কি কংগ্ৰেছ, কি বিজেপি কোনো পিছ পৰা নাই ৷ শনিবাৰে বিশেষ নিৰ্বাচনী গীতৰ তালে তালে নৃত্য কৰি নিৰ্বাচনী প্ৰচাৰ চলালে টিংখাঙৰ বিজেপি প্ৰাৰ্থী বিমল বৰাই ৷

টিংখাং,14 মাৰ্চ: নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিয়ে সমষ্টিয়ে প্ৰাৰ্থীসকলৰ মাজত সৃষ্টি হৈছে নিৰ্বাচনী তৎপৰতা ৷ নিতৌ নতুন কৌশলেৰে ভোটাৰক আকৰ্ষণত ব্যস্ত হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থী ৷ কি কংগ্ৰেছ, কি বিজেপি কোনো পিছ পৰা নাই ৷ শনিবাৰে বিশেষ নিৰ্বাচনী গীতৰ তালে তালে নৃত্য কৰি নিৰ্বাচনী প্ৰচাৰ চলালে টিংখাঙৰ বিজেপি প্ৰাৰ্থী বিমল বৰাই ৷ অগনন দলীয় সমৰ্থক আৰু ৰাইজৰ মাজত নাচি বাগি হৰ্ষোল্লাসেৰে ৰাইজৰ মন জয় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে প্ৰাৰ্থী গৰাকীয়ে।

নাচি-বাগি ভোটাৰক আকৰ্ষণৰ চেষ্টা বিমল বৰাৰ

উল্লেখ্য যে, নেতা গৰাকীয়ে পুৱাৰে পৰা সমষ্টিটোৰ বিভিন্ন ঠাইত পঞ্চায়তে পঞ্চায়তে বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰি প্ৰচাৰ চলোৱা সভাত প্ৰায় সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে। ৰাইজৰ বিপুল সহৰি দেখি আনন্দত উৎফুল্লিত হৈ পৰে প্ৰাৰ্থী বিমল বৰা। আনহাতে, প্ৰতিদ্বন্দ্বি প্ৰাৰ্থী এতোৱা মুণ্ডাক তীব্ৰ প্ৰশ্ন বানেৰে থকা সৰকা কৰে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিমল বৰাই ।

লগতে পঢ়ক: বিশ্বনাথত প্ৰমোদ বৰঠাকুৰৰ হৈ প্ৰচাৰ চলাব ৰাজনাথ সিঙে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.