ETV Bharat / state

Physical training camp: অগ্নিপথ আঁচনিৰ শাৰীৰিক প্ৰশিক্ষণ শিবিৰত ভাস্কৰ জ্যোতি মহন্ত

author img

By

Published : Jul 13, 2022, 2:14 PM IST

DGP present at free physical training camp of 'Agnipath' scheme in Moran
Physical training camp: টিংখাঙত 'অগ্নিপথ' আঁচনিৰ বিনামূলীয়া শাৰীৰিক প্ৰশিক্ষণ শিবিৰত উপস্থিত ভাস্কৰ জ্যোতি মহন্ত

টিংখাঙত 'অগ্নিপথ' আঁচনিৰ বিনামূলীয়া শাৰীৰিক প্ৰশিক্ষণ শিবিৰত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত (Assam DGP Bhaskar Jyoti Mahanta in Moran)৷ 'অগ্নিপথ' আঁচনিৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ অব্যাহত থকাৰ বিপৰীতে টিংখাং সমষ্টিৰ অন্তৰ্গত দিৰৈ বাগান খেলপথাৰত অঞ্চলটোৰ প্ৰায় দুই শতাধিক যুৱক-যুৱতীয়ে শাৰীৰিক প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰে ।

মৰাণ, 13 জুলাই: আজি টিংখাঙত উপস্থিত হয় অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত (Assam DGP Bhaskar Jyoti Mahanta) । টিংখাঙৰ দিৰৈ বাগান খেলপথাৰত হৈ থকা 'অগ্নিপথ' আঁচনিৰ বিনামূলীয়া শাৰীৰিক প্ৰশিক্ষণ শিবিৰত উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধানগৰাকী ।

দেশজুৰি অব্যাহত আছে 'অগ্নিপথ' আচঁনিৰ বিৰুদ্ধে প্ৰতিবাদ (Protest against Agneepath Scheme) ৷ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা সেনা বাহিনীত ঠিকাভিত্তিক 'অগ্নিপথ' আঁচনিৰ বিৰুদ্ধে বিভিন্ন স্থানত চলিছে এই প্ৰতিবাদ ৷ 'অগ্নিপথ' আঁচনিৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ অব্যাহত থকাৰ বিপৰীতে টিংখাং সমষ্টিৰ অন্তৰ্গত দিৰৈ বাগান খেলপথাৰত অঞ্চলটোৰ প্ৰায় দুই শতাধিক যুৱক-যুৱতীয়ে শাৰীৰিক প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰে । দেশমাতৃৰ সেৱাৰ উদ্দেশ্য আগত ৰাখি অগ্নিপথত যোগ দিবলৈ বিনামূলীয়া শাৰীৰিক প্ৰশিক্ষণ শিবিৰত এই দুই শতাধিক যুৱক-যুৱতীয়ে কঠোৰ শাৰীৰিক অনুশীলনত অংশগ্ৰহণ কৰিছে ।

Physical training camp: টিংখাঙত 'অগ্নিপথ' আঁচনিৰ বিনামূলীয়া শাৰীৰিক প্ৰশিক্ষণ শিবিৰত উপস্থিত ভাস্কৰ জ্যোতি মহন্ত

উল্লেখযোগ্য যে, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বড়াৰ উদ্যোগত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা, টিংখাং স্পৰ্টছ এছোচিয়েচন, কৰ্মৰত সৈনিক আৰু প্ৰাক্তন সৈনিকৰ সহযোগত যুৱক-যুৱতীক অগ্নিপথত অন্তৰ্ভুক্তিৰ বাবে সহায়ক হোৱাকৈ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছে । এই প্ৰশিক্ষণ শিবিৰত এনেদৰেই এতিয়া যুৱক-যুৱতী সকলে অধিক আগ্ৰহ তথা দেশমাতৃক সেৱা আগবঢ়াই অগ্নিবীৰ হ'বলৈ কৰিছে অনুশীলন ।

ডিব্ৰুগড় জিলা আৰু চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ অহা যুৱক-যুৱতীক প্ৰশিক্ষণ দিছে সেনা জোৱান আৰু প্ৰাক্তন সেনা জোৱানসকলে । এই প্ৰশিক্ষণৰ যোগেদি যথেষ্ট সংখ্যক যুৱক-যুৱতীক অগ্নিবীৰ হোৱাত সহায়ক হ'ব বুলি অনুষ্ঠানত উপস্থিত থাকি মন্তব্য আগবঢ়ায় কেবিনেট মন্ত্ৰী বিমল বৰা তথা আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ।

লগতে পঢ়ক: অগ্নিপথ আঁচনি বাতিলৰ দাবীত টীয়কত কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.