ETV Bharat / state

টেক্স ক'ত লগাব তাৰ চিন্তা কৰিবলৈ চিন্তন বৈঠক অনুষ্ঠিত কৰিছে: ৰাণা গোস্বামী

author img

By

Published : Sep 25, 2022, 4:19 PM IST

টেক্স ক'ত লগাব তাৰ চিন্তা কৰিবলৈ চিন্তন বৈঠক অনুষ্ঠিত কৰিছে: ৰাণা গোস্বামী
টেক্স ক'ত লগাব তাৰ চিন্তা কৰিবলৈ চিন্তন বৈঠক অনুষ্ঠিত কৰিছে: ৰাণা গোস্বামী

ৰাজ্যখনক বিভিন্ন দিশত আগবঢ়াই নিয়াৰ বাবে প্ৰয়োজনীয় দিহা-পৰামৰ্শ কামনাৰে কাজিৰঙাত শনিবাৰৰ পৰা অনুষ্ঠিত হৈছে চিন্তন শিৱিৰৰ (Chintan Shivir at Kaziranga)৷ কিন্তু ইয়াকে লৈ বিৰোধীয়ে নেতিবাচক সমালোচনা কৰা পৰিলক্ষিত হৈছে ৷ চৰকাৰে টেক্স ক'ত লগাব তাৰ চিন্তা কৰিবলৈকে চিন্তন অনুষ্ঠিত কৰা বুলি মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ।

ডিব্ৰুগড়, 25 ছেপ্টেম্বৰ: চৰকাৰৰ কামকাজ অধিক গতিশীল কৰাৰ উদ্দেশ্যে চৰকাৰে কাজিৰঙাত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিছে চিন্তন বৈঠক (Chintan Shivir at Kaziranga)। চিন্তন বৈঠকত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা সকলো মন্ত্ৰী, উচ্চ পৰ্যায়ৰ বিষয়াই অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে । চৰকাৰৰ এই চিন্তন বৈঠকক লৈ বিৰোধী কংগ্ৰেছে তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে ।

দেওবাৰে মৰাণৰ চেপনত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে(APCC working president Rana Goswami) কয়, ‘‘চৰকাৰে টেক্স ক'ত লগাব তাৰ চিন্তা কৰিবলৈ চিন্তন বৈঠক অনুষ্ঠিত কৰিছে’’। লগতে কংগ্ৰেছ কাৰ্যকৰী সভাপতিগৰাকীয়ে বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়, ‘‘ৰাজভঁৰাল এতিয়া শূন্য সেয়ে এতিয়া চৰকাৰে সকলোতে টেক্স লগাইছে’’ ।

টেক্স ক'ত লগাব তাৰ চিন্তা কৰিবলৈ চিন্তন বৈঠক অনুষ্ঠিত কৰিছে: ৰাণা গোস্বামী

প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে নতুন স্মাৰ্ট মিটাৰৰ প্ৰসংগতো মন্তব্য আগবঢ়ায় ৷ APDCLএ পুৰণি মিটাৰসমূহৰ ঠাইত স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰাক লৈ তেওঁ কয় যে, এই মিটাৰসমূহ ক্ৰয়ৰ নামত বৃহৎ ধনৰ অংক থকা বুলি মন্তব্য কৰে (APDCL smart meter)৷ ৰাজ্যৰ প্ৰায় 60 লাখ বিদ্যুতৰ গ্ৰাহকৰ বাবে বহিঃৰাজ্যৰ কোম্পানীৰ পৰা স্মাৰ্ট মিটাৰ ক্ৰয় কৰি বৃহৎ পৰিমানৰ ধনৰ অপচয় কৰা বুলি মন্তব্য কৰে ৰাণা গোস্বামীয়ে ৷

চৰকাৰে কৰ বৃদ্ধি কৰাৰ প্ৰসংগত তেওঁ কয় যে, এতিয়া কেৱল টোপনি আৰু মৃতদেহ সৎকাৰৰ ক্ষেততহে কৰ আৰোপ কৰিবলৈ বাকী আছে ৷ ৰাজভঁৰাল শূন্য হোৱাৰ বাবে কৰ বৃদ্ধি কৰা বুলি উল্লেখ কৰি তেওঁ প্ৰশ্ন কৰে যে, ইয়াৰ পাছতো জিলাই জিলাই কেবিনেট বৈঠক অনুষ্ঠিত কিয় কৰিছে ?

উল্লেখ্য যে, অসমক সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক আৰু অৰ্থনৈতিক উন্নয়নৰ দিশত সুপৰিকল্পিতভাৱে আগুৱাই নিয়াৰ বাবে ২৪ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত অনুষ্ঠিত কৰা হৈছে চিন্তন শিবিৰ ৷ চিন্তন শিবিৰৰ প্ৰথমটো দিনত সদগুৰু উপস্থিত থাকি তেওঁৰ প্ৰৱচন আগবঢ়ায় (Sadhguru in Chintan Shivir at Kaziranga) । দ্বিতীয় দিনা অৰ্থাৎ দেওবাৰে শ্ৰী শ্ৰী ৰবি শংকৰে প্ৰৱচন আগবঢ়ায় (SriSri Ravi Shankar at Chintan Shivir)।

লগতে পঢ়ক: কাজিৰঙাত যোগাসন ৰাজ্যৰ কেইবাগৰাকী কেবিনেট মন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.