ETV Bharat / state

Shah called Rahul as Baba: ৰাহুল গান্ধীক সময় থাকোঁতেই সলনি হ’বলৈ সকিয়নী অমিত শ্বাহৰ

author img

By

Published : Apr 11, 2023, 7:22 PM IST

Updated : Apr 11, 2023, 7:36 PM IST

Amit Shah criticized Rahul Gandhi in Dibrugarh
:ৰাহুল গান্ধীক সময় থাকোঁতেই সলনি হ’বলৈ সকিয়নী

দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৰ্বাঞ্চলত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ অসমৰ ভূমিত উপস্থিত হৈয়েই বিশাল জনসভাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক বাবা বুলি সম্বোধন কৰি সমালোচনাৰে থকা সৰকা কৰে অমিত শ্বাহে (Amit Shah addressing Rahul Gandhi as Baba)৷

ৰাহুল গান্ধীক সময় থাকোঁতেই সলনি হ’বলৈ সকিয়নী

মৰাণ, 11 এপ্ৰিল : মঙলবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত এখন জনসভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah criticized Rahul Gandhi) ৷ শেহতীয়াকৈ সাংসদ পদ খাৰিজ হোৱা কংগ্ৰেছী নেতাজনক বাবা বুলি সম্বোধন কৰি গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah slams Congress) কয়, "এটা সময়ত উত্তৰ-পূৰ্বাঞ্চলক কংগ্ৰেছৰ ঘৰ বুলি কৈছিল । এতিয়া ৰাহুল গান্ধীয়ে গোটেই দেশ যাত্ৰা কৰিও শেহতীয়াকৈ তিনিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰিব নোৱাৰিলে । ৰাহুল গান্ধীয়ে বিদেশলৈ গৈ দেশৰ বদনাম কৰে ৷"

"ৰাহুল বাবা এতিয়াও সময় আছে বুজি লওক, এতিয়া উত্তৰ-পূবৰ পৰাহে কংগ্ৰেছ চাফা হৈছে ৷ যদি এই গতিৰেই গৈ থাকে তেনেহ’লে সমগ্ৰ দেশত কংগ্ৰেছৰ অস্তিত্ব নোহোৱা হৈ যাব ৷ কংগ্ৰেছৰ লোকসকলে প্ৰধানমন্ত্ৰীৰ কবৰ খান্দিব খুজিছে, কিন্তু কংগ্ৰেছে ক’লেই সকলো নহয়, সমগ্ৰ দেশবাসীয়ে দিনে ৰাতিয়ে নৰেন্দ্ৰ মোডীৰ দীৰ্ঘায়ুৰ হকে প্ৰাৰ্থনা কৰে ৷ ৰাহুল গান্ধীয়ে যিমানেই মোডীক গালি শপনি পাৰিব সিমানেই পদুম ফুল অধিক শক্তিশালী হৈ ফুলিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত উত্তৰ-পূৱ ভাৰতৰ লগতে সমগ্ৰ দেশতে উন্নয়ণৰ জয়যাত্ৰা আৰম্ভ হৈছে ।" নেতাজনক উদ্দেশ্যি কটাক্ষ কৰি এই মন্তব্য প্ৰকাশ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে ৷

উল্লেখ্য যে, ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ অসম ভ্ৰমণ কাৰ্যসূচী সমাপ্ত হোৱাৰ পিচতে সোমবাৰে অৰ্থাৎ 10 এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৰ্বাঞ্চলত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অৰুণাচলৰ পৰা বিশেষ হেলিকপ্টাৰযোগে ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰত উপস্থিত হোৱাৰ পিচতে বিহু নৃত্য, মৰাণ জনগোষ্ঠীয় নৃত্যৰে উষ্ম আদৰণি জনায় গৃহমন্ত্ৰীগৰাকীক (Amit Shah visits Assam)৷

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে এক বিশাল কনভয়ৰে ডিব্ৰুগড় চহৰলৈ আদৰি নিয়া হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক (Amit Shah in Dibrugarh)। ডিব্ৰুগড় চহৰত বিজেপিৰ অত্যাধুনিক আঞ্চলিক কাৰ্যালয় ভূমি পূজন অনুষ্ঠানত অংশ লৈ ইয়াৰ পিচতেই পোনে পোনে মানকটা খেলপথাৰত আয়োজন কৰা বিজেপিৰ বিশাল জনসভাত অংশ লয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ ডিব্ৰুগড়ত অনুষ্ঠিত বিশাল জনসভা সম্বোধন কৰি অমিত শ্বাহে আক্ৰমণৰ লক্ষ্য কৰি লয় কংগ্ৰেছ নেতা ৰাহুল গান্ধীক (Amit Shah addressing Rahul Gandhi as Baba) ।

লগতে পঢ়ক: Mega Bihu event : সৰুসজাইৰ বিহুকলৈ দুষ্ট চক্ৰক কঠোৰ সকিয়নী মন্ত্রী পীযুষ হাজৰীকাৰ

এই জনসভাত প্ৰায় ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউৰ প্ৰায় চল্লিছ হাজাৰ বিজেপি কৰ্মী তথা ৰাইজ উপস্থিত থাকে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সংগ দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, কেইবাজনো সাংসদৰ লগতে কেইবাজনো কেবিনেট মন্ত্ৰী, বিধায়ক উপস্থিত থাকে।

Last Updated :Apr 11, 2023, 7:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.