ETV Bharat / state

Save Dehing Patkai : কেনে আছে দ্য আমাজন অফ ইষ্ট ?

author img

By

Published : Jun 5, 2022, 7:51 PM IST

Deforestation at dihing patkai in Duliajan
উন্মোচিত হৈছে দিহিং পাটকাই বৰ্ষাৰণ্য ধংস যজ্ঞ ছবি

‘‘দা আমাজন অফ ইষ্ট’’ হিচাবে পৰিচিত দিহিং পাটকাই বৰ্ষাৰণ্য ৷ ইয়াৰ সৌন্দৰ্যতাই আজিও হাত বাউলি মাতে পৰ্যটক তথা প্ৰকৃতিপ্ৰেমীক ৷ কিন্তু বিশ্ব পৰিৱেশ দিৱস দিনটোত উন্মোচিত হৈছে দিহিং পাটকাই বৰ্ষাৰণ্য ধংস যজ্ঞৰ ছবি (Amazon of the East under threat) ৷ কোনোবাই খবৰ ৰাখিছেনে বৰ্ষাৰণ্য দিহিং পাটকাই কেনে আছে ?

মৰাণ, ৫ জুন : আজি বিশ্ব পৰিৱেশ দিৱস (World Environment Day2022)। সমগ্ৰ বিশ্ববাসীৰ লগতে আজিৰ দিনটোত অসমৰ ভিন্ন প্ৰান্ত উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস ৷ কিন্তু কোনোবাই খবৰ ৰাখিছেনে বৰ্ষাৰণ্য দিহিং পাটকাই কেনে আছে ?

দুলীয়াজানৰ নিচেই কাষতে অৱস্থিত দিহিং পাটকাই বৰ্ষাৰণ্য (Dehing Patkai National Park) । ইয়াৰ সৰ্বমুঠ মাটিকালি ৯০০ বৰ্গ কিলোমিটাৰ । নেচাৰ্চ বেকন নামৰ বেচৰকাৰী সংগঠনটোৰ দীৰ্ঘদিনীয়া আন্দোলনৰ পিছত ভাৰত চৰকাৰে ১১১.১৯ বৰ্গ কিলোমিটাৰহে দিহিং-পাটকাই অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰিছিল ।

অৱশেষত ২০২১ চনৰ ৩ জুলাইত অসমৰ মানচিত্ৰত ৰাষ্ট্ৰীয় উদ্যানৰূপে মৰ্যদা পাইছিল দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানে (Dehing Patkai National Park) ।

উল্লেখযোগ্য যে, এই বিশাল অভয়াৰণ্যত ৪০ তকৈ অধিক প্ৰজাতিৰ সৰীসৃপ, ৩০০ তকৈ অধিক প্ৰজাতিৰ বনৰীয়া চৰাই, ৪০ তকৈ অধিক প্ৰজাতিৰ স্তন্যপায়ী, ১৫৫ তকৈ অধিক প্ৰজাতিৰ পখিলা, ৩৫ তকৈ অধিক প্ৰজাতিৰ মাছ, ৬০ তকৈ অধিক সংখ্যক প্ৰজাতিৰ বৃক্ষ আৰু উদ্ভিদৰ লগতে ১০১ তকৈ অধিক প্ৰজাতিৰ অৰ্কিড পোৱা যায় ।

উন্মোচিত হৈছে দিহিং পাটকাই বৰ্ষাৰণ্য ধংস যজ্ঞ ছবি

লগতে পঢ়ক : দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত গুলীয়াগুলি

ইয়াৰ উপৰিও দিহিং পাটকাই বৰ্ষাৰণ্য প্ৰাকৃতিক সৌন্দৰ্যতাৰ লগতে বহু গুণে সমৃদ্ধিশালী । সমগ্ৰ বিশ্বজুৰি পৰিচিত দিহিং পাটকাই বৰ্ষাৰণ্যক ‘‘দ্য আমাজন অফ ইষ্ট’’ বুলিও কোৱা হয় । পৃথিৱীৰ এই অনন্য ৰূপক আমি প্ৰকৃতিৰ এক উপহাৰ বুলি ক'লেও হয়টো ভুল নহ’ব ।

প্ৰকৃতিৰ কোলাত সদায় জীৱ-জন্তু সুৰক্ষিত । এগৰাকী সংবেদনশীল ব্যক্তি হিচাপে প্ৰকৃতিক সুৰক্ষা আৰু সংৰক্ষণ কৰা দায়িত্ব আমাৰ সকলোৰে দায়িত্ব (Save Dehing Patkai National Park) । আনহাতে, এচাম মানৱৰূপী দানৱে আজিও অব্যাহত ৰাখিছে প্ৰকৃতি ধ্বংসলীলা । দায়িত্ব দূৰৰ কথা চৰকাৰৰ নিৰ্দেশকো অমান্য কৰা এনে কাৰ্য মানৱ সমাজত কেতিয়াও গ্ৰহণযোগ্য নহয় ।

মানৱ সমাজ প্ৰকৃতিৰ প্ৰতি সদায় দায়বদ্ধ । কাৰণ প্ৰকৃতি সুৰক্ষিত থাকিলেহে প্ৰাণী জীয়াই থাকিব । সেয়ে প্ৰকৃতিক সদায় সংৰক্ষণ কৰা উচিত ।

লগতে পঢ়ক : দীপৰ বিলৰ ৰে’লপথত বৈদ্যুতিকৰণক লৈ ৰে’ল বিভাগ আৰু বন বিভাগৰ মুখামুখি সংঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.