ETV Bharat / state

চৰাইদেউত ১২ বজাৰ লগে লগেই জিলা প্ৰশাসনে বন্ধ কৰালে বিপনী

author img

By

Published : Jun 18, 2021, 9:02 PM IST

all-shops-are-closed-atcharaideo-district-after-new-sop
১২ বজাৰ লগে লগেই বন্ধ কৰিলে মৰাণৰ বিপণী

নতুন SOP প্ৰয়োগ কৰা দুটা দিনৰ পাছতে পুনৰ চৰাইদেউ জিলা প্ৰশাসনে দিলে নতুন নিৰ্দেশ । আজিৰে পৰা পুনৰ মৰাণ নগৰ সমিতি আৰু চেপন টাউনৰ পৰা ২ কিলোমিটাৰ ভিতৰৰ লৈকে সকলো বিলাক ব্যৱসায়ী প্ৰতিষ্ঠান দিনৰ ১২ বজাতে বন্ধ কৰি দিলে প্ৰশাসনে । লগতে বিয়লি ১ বজাৰ পৰা পুৱা ৫ বজালৈ সকলোকে চলা ফুৰা কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে চৰাইদেউ জিলা প্ৰশাসনে ।

মৰাণ, 18 জুন : ক'ভিড (Covid 19)ৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত চৰকাৰে নতুন নীতি-নিৰ্দেশনা (SOP) জাৰি কৰিছে । নতুন নীতি-নিৰ্দেশনা (SOP) অনুসৰি চৰাইদেউ জিলাত আবেলি ৪ বজালৈ ব্যৱসায়ী প্ৰতিষ্ঠান খোলা ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছে ৷ ইয়াৰ ফলস্বৰূপে চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ সীমামূৰীয়া অঞ্চল মৰাণত সীমিত সংখ্যক ব্যৱসায়িক প্ৰতিষ্ঠান খোলা ৰখা দেখা গৈছে ৷

বিশেষ কৈ চৰাইদেউ জিলাৰ অন্তৰ্গত ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ খোলা ৰখাৰ বিপৰীতে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত প্ৰতিষ্ঠানসমূহ দুপৰীয়া 12 বজাতে বন্ধ কৰা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে, ৰাজ্য চৰকাৰ তথা প্ৰশাসনে নতুন নীতি-নিৰ্দেশনা (SOP) জাৰি কৰি কিছু কিছু ক্ষেত্ৰত শিথিলতা জাৰি কৰিছে যদিও ডিব্ৰুগড় জিলাত আগৰ দৰেই অটুট ক'ভিড নিৰ্দেশনা ৷ নতুন নীতি-নিৰ্দেশনাৰ দুদিনৰ পাছতে চৰাইদেউ জিলা প্ৰশাসনে ১২ বজাৰ লগে লগেই বন্ধ কৰিলে মৰাণ সকলো বিপনী ৷

নতুন নীতি-নিৰ্দেশনা প্ৰয়োগ কৰা দুদিনৰ পাছতে পুনৰ চৰাইদেউ জিলা প্ৰশাসনে দিলে নতুন নিৰ্দেশ । শুকুৰবাৰৰ পৰা পুনৰ মৰাণ নগৰ সমিতি আৰু চেপন টাউনৰ পৰা ২ কিলোমিটাৰ ভিতৰলৈ সকলো বিলাক ব্যৱসায়ী প্ৰতিষ্ঠান দিনৰ ১২ বজাতে বন্ধ কৰি দিলে প্ৰশাসনে । লগতে বিয়লি ১ বজাৰ পৰা পুৱা ৫ বজালৈ সকলোকে চলা ফুৰা কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে চৰাইদেউ জিলা প্ৰশাসনে ।

উল্লেখ্য যে ক'ভিডৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত চৰকাৰে জৰি কৰা নতুন নীতি-নিৰ্দেশনা অনুসৰি উজনিৰ চৰাইদেউ জিলাত আবেলি ৪ বজালৈ দোকান-পোহাৰ খোলা দিছিল । ফলত চৰাইদেউ জিলা আৰু ডিব্ৰুগড় জিলাৰ সীমামূৰীয়া মৰাণত চৰাইদেউ জিলা অংশৰ দোকান-পোহাৰ খোলা ৰাখিছিল ৷ আনহাতে ডিব্ৰুগড় জিলাৰ অংশৰ দোকান পোহাৰ সমূহ দিনৰ ১২ বজাতে বন্ধ হৈ পৰিছে । কিন্তু এই পৰিস্থিতিত মৰাণত সৃষ্টি হৈছিল বিশৃংখল পৰিবেশ । অহা ২২ জুনলৈকে নতুন নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে এই নীতি-নিৰ্দেশনাত । নতুন SOPৰ নীতি-নিৰ্দেশনাসমূহ ক্ৰমে :

১. গুৱাহাটীত ১ বজাৰ সলনি ২ বজাৰ পৰা নিৰ্ধাৰিত কৰা হৈছে কাৰ্ফিউ ।

২. বিয়লি ৫ বজাৰ পৰা কাৰ্ফিউৰ সময় দিয়া হৈছে দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউত ।

৩. দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউত দিনৰ ৪ বজালৈ খোলা থাকিব দোকান-পোহাৰ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ধাবা, ৰেষ্টুৰেণ্ট ।

৪. দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউ ৷ এইকেইখন জিলাৰ বাহিৰে বাকী জিলাসমহূত ১২ বজাতে বন্ধ হ’ব দোকান-পোহাৰৰ লগতে কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান ।

৫. ২১ জুনলৈ নিয়ন্ত্ৰণ নহ’লে কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ আৰু নগাঁৱত অধিক কঠোৰ হ’ব নিয়ম ।

৬. কাৰ্যালয়লৈ আহিব লাগিব দুটা ড’জ ভেকচিন লোৱা সকলো ব্যক্তি ।

৭. গৰ্ভৱতী মহিলা, ৫ বছৰতকৈ তলৰ শিশুৰ মাতৃ, দিব্যাংগসকলে ঘৰৰ পৰাই কৰিব পাৰিব কাম ।

৮. বন্ধ থাকিব সমূহ শিক্ষানুষ্ঠান ।

৯. ধৰ্মীয় অনুষ্ঠান, বিবাহ, সৎকাৰত সৰ্বাধিক ১০ জনেহে ভাগ ল’ব পাৰিব ।

১১. ২২ জুনলৈকে আন্তঃজিলা যাতায়াত বন্ধ থাকিব ।


লগতে পঢ়ক:নতুন ক'ভিড প্ৰট'কলক লৈ অসন্তুষ্ট মৰাণবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.