ETV Bharat / state

ST status : জনজাতিকৰণৰ দাবীত আকৌ সৰৱ হৈছে মটক যুৱ ছাত্ৰ সন্মিলন

author img

By

Published : Jun 27, 2023, 10:45 AM IST

Updated : Jun 27, 2023, 11:15 AM IST

জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়ত মটক যুৱ ছাত্ৰ সন্মিলনৰ গুৰুত্বপূৰ্ণ সংবাদমেল ৷ শীঘ্ৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব সন্মিলনে ৷

Press meet by All Assam Matak Youth Student Association
মটক যুৱ ছাত্ৰ সন্মিলনৰ সংবাদমেল

মটক যুৱ ছাত্ৰ সন্মিলনৰ সংবাদমেল

ডিব্ৰুগড়, 27 জুন: সমাগত লোকসভা নিবাৰ্চন । নিবাৰ্চনৰ প্ৰাকক্ষণত পুনৰ প্ৰাসংগিক হৈ উঠিছে জনজাতিকৰণৰ বিষয়টো । ডিব্ৰুগড়ৰ ইকৰাতলী বিনৈগুটীয়াত সদৌ অসম মটক যুৱ ছাত্র সন্মিলনে সোমবাৰে আয়োজন কৰে সংবাদমেলৰ । অসমৰ অন্যতম ভূমিপুত্ৰ মটক জনগোষ্ঠীক জনজাতিকৰণ নকৰাৰ প্ৰতিবাদত মটক যুৱ ছাত্ৰ সন্মিলনে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি সংবাদমেলত উল্লেখ কৰে ।

চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ ছয় মাহৰ ভিতৰত প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰা এবছৰ পাচতো কেৱল মিথ্যাচাৰৰ আশ্ৰয় লোৱা কাৰ্যত মুকলি ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে । মটক জনগোষ্ঠী অধ্যুষিত প্ৰতিখন জিলা, সদৰ, আঞ্চলিকে সৰ্বাত্মক আন্দোলন গঢ়ি তুলিব বুলি সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে । অইল অৱৰোধ আৰু বিমান বন্দৰ অৱৰোধৰো কাৰ্যসূচী গ্ৰহণ কৰিছে সংগঠনটোৱে ।

সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সন্মিলনে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত মটক জনগোষ্ঠী আৰু তাহানিৰ মটক ৰাজ্যৰ সীমা থানবান হৈ পৰিব বুলি গুৰুতৰ অভিযোগ তুলি সংবাদমেলত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে মটক যুৱ ছাত্ৰ সন্মিলনে । নিৰ্বাচন আয়োগক বিষয়টো পুনৰ বিবেচনাৰ দাবী তোলে মটক যুৱ ছাত্ৰ সন্মিলনে ।

মটক জনগোষ্ঠীক মহানগৰীত এডোখৰ মাটি প্ৰদানৰ চৰকাৰৰ প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হোৱাত চৰকাৰক তীব্ৰ ভাষাৰে ধিক্কাৰ দিয়ে সংগঠনটোৱে । সমষ্টি পুনৰ নিৰ্ধাৰণত মটক জনগোষ্ঠীয় অধ্যুষিত লাহোৱাল বিধানসভা সমষ্টি কৰ্তন আৰু তিনিচুকীয়া জিলাত নতুনকৈ মাকুম সমষ্টি গঠন কৰাৰ ফলত মটক জনগোষ্ঠীৰ ৰাইজ নিজ ভূ-খণ্ডৰ পৰা বিচ্ছিন্ন হোৱা বুলি উল্লেখ কৰি ইয়াৰ বিৰুদ্ধে জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি হুংকাৰ প্ৰদান কৰে ।

উল্লেখ্য যে, লাহোৱাল সমষ্টি কৰ্তনৰ পাচতো স্থানীয় বিজেপি বিধায়ক বিনোদ হাজৰিকাৰ নীৰৱ ভূমিকাক কটু সমালোচনা কৰে মটক যুৱ ছাত্ৰ সন্মিলনে । বিধায়কগৰাকীক স্থিতি স্পষ্ট কৰিবৰ বাবে দাবী জনায় মটক যুৱ-ছাত্র সন্মিলনে ।

লগতে পঢ়ক : Transportation Guidelines: যান-বাহনৰ বকেয়াসহ সকলো কৰ পৰিশোধৰ নিৰ্দেশ পৰিবহণ বিভাগৰ

Last Updated : Jun 27, 2023, 11:15 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.