ETV Bharat / state

Transportation Guidelines: যান-বাহনৰ বকেয়াসহ সকলো কৰ পৰিশোধৰ নিৰ্দেশ পৰিবহণ বিভাগৰ

author img

By

Published : Jun 27, 2023, 9:49 AM IST

Important Transportation Guidelines of Assam state
লক্ষ্য কৰ সংগ্ৰহ

30 জুনৰ ভিতৰত যান-বাহনৰ বকেয়াসহ যাৱতীয় সকলো কৰ পৰিশোধৰ নিৰ্দেশ পৰিবহণ বিভাগৰ ৷ এই সন্দৰ্ভত এক জাননী জাৰি কৰিছে বিভাগটোৱে ৷ কৰ পৰিশোধ নকৰিলে ভৰবি লাগিব জৰিমনা ৷

গুৱাহাটী, 27 জুন: কৰ সংগ্ৰহৰ লক্ষ্যৰে যান-বাহনৰ বকেয়াসহ চলিত বিত্তীয় বৰ্ষৰ সকলো কৰ সংগ্ৰহৰ বাবে পৰিবহণ বিভাগে জোৰদাৰ অভিযান চলাইছে ৷ সমান্তৰালভাৱে ৰাজপথত সকলোৰে বাবে সদাসুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তোলাৰ বাবেও অব্যাহত ৰাখিছে অভিযান ।

বিগত সময়চোৱাত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে চলোৱা অভিযানকালত ডিমাণ্ড ন’টিছ প্ৰেৰণ, ফোন আৰু মেচেজযোগে আনকি ৰাজহুৱাকৈ ঘোষণা কৰিও সকলো শ্ৰেণীৰ যান-বাহনৰ মালিক, কৰ্তৃপক্ষক যান-বাহনৰ বকেয়াসহ যাৱতীয় কৰ পৰিশোধ কৰি বাহনৰ নথি-পত্ৰসমূহ সঠিক কৰি ৰাখিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে ৷

Important Transportation Guidelines of Assam state
কৰ পৰিশোধৰ নিৰ্দেশ পৰিবহণ বিভাগৰ

তৎস্বত্বেও যান-বাহনৰ নথি-পত্ৰসমূহ সঠিক কৰি ৰখাৰ ক্ষেত্ৰত বিভিন্ন বিসংগতি ধৰা পৰাৰ উপৰি দীৰ্ঘদিন ধৰি কৰ আদায় নিদিয়া, যানবাহন চলোৱাৰ নীতি-নিৰ্দেশনাসমূহ মানি নচলা আদি বিভিন্ন গুৰুতৰ অভিযোগত হাজাৰৰো অধিক বাহনে অতিৰিক্ত জৰিমনা ভৰাৰ উপৰি বহু বাহন জব্দ কৰিছে বিভাগে ।

সেয়ে কামৰূপ মহানগৰ জিলাৰ তিনিগৰাকীকৈ জিলা পৰিবহণ বিষয়া ক্ৰমে সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাস আৰু আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলামে এইক্ষেত্ৰত পূৰ্বতকৈও অধিক তৎপৰতাৰে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ গ্ৰহণ কৰে ৷

ইফালে জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত প্ৰৱৰ্তক পৰিদৰ্শক, সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শকৰ অভিযানকাৰী দলে মহানগৰীৰ গুৰুত্বপূৰ্ণ স্থানসমূহত অভিযান আৰম্ভ কৰিছে ৷

সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে সময়মতে যান-বাহনৰ কৰ পৰিশোধ নকৰা সকলো শ্ৰেণীৰ বাহনৰ মালিক, নিৰ্মাণকাৰী সংস্থা, যানবাহনৰ মালিক, স্বত্বাধিকাৰী সকলোকে অহা 30 জুনৰ ভিতৰত যান-বাহনৰ যাৱতীয় কৰ পৰিশোধ কৰা আৰু চালকৰ অনুজ্ঞাপত্ৰ, বাহনৰ পঞ্জীয়ন, ফিটনেছ, ইঞ্চিউৰেঞ্চ, প্ৰদূষণ মুক্তৰ প্ৰমাণ-পত্ৰসহ সকলো নথি-পত্ৰ লগত ৰাখিহে গাড়ী চলাবলৈ চালকসকললৈ আহ্বান জনাইছে ।

লগতে পঢ়ক : Assam flood: ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি; প্ৰথমটো বানত মৃত্যু 5 জনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.