ETV Bharat / state

ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ৰ কামকাজ অচল !

author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 5:13 PM IST

All Assam District Administration Employees Union :সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ ৷ বিভিন্ন ধৰণৰ সমস্যাৰে জৰ্জৰিত হৈ থকা কৰ্মচাৰী সন্থাই শীঘ্ৰেই তেওঁলোকৰ দাবীসমূহ পূৰণৰ আহ্বান জনাইছে ৷

All Assam District Administration Employees Association protests in dibrugarh
প্ৰতিবাদত বহিল আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী

প্ৰতিবাদত বহিল আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী

ডিব্ৰুগড়, 21 ডিচেম্বৰ : এখন জিলাৰ ৰাইজৰ শান্তি নিৰাপত্তাৰ মূল চালিকা শক্তি জিলা আয়ুক্ত কাৰ্যালয় । জিলা উন্নয়নৰ প্ৰতিটো কামতে আয়ুক্ত কাৰ্যালয়ৰ সকলো নিম্ন বৰ্গৰ পৰা আৰম্ভ কৰি উচ্চ বৰ্গৰ কৰ্মচাৰী জড়িত থাকে । কিন্তু ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ৰ সকলো কামকাজ বন্ধ কৰি এইবাৰ প্ৰতিবাদত বহিল আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকল ।

জিলা আয়ুক্ত কাৰ্যালয়ৰ কামকাজ অচল কৰি ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ ৷ দাবী পূৰণ নকৰিলে ধাৰাবাহিক প্ৰতিবাদ কৰাৰ হুংকাৰ ৷

বহুকেইটা দাবী পূৰণৰ বাবে দুদিনীয়াকৈ ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা‌ই বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰিছে প্ৰতিবাদ । জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ নতুন পেন্সন আঁচনি বাতিল কৰি পুৰণি পেন্সন আঁচনি পুনৰ প্ৰৱৰ্তন কৰা, শিক্ষাগত অৰ্হতা অনুসৰি তৃতীয় বৰ্গৰ কৰ্মচাৰীক গ্ৰেজুৱেট গ্ৰেড পে’ প্ৰদান কৰা, মুখ্য পিয়ন পদ পুনৰ বাহাল কৰাকে আদি কৰি বহু কেইটা দাবী পূৰণৰ দাবীত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা প্ৰতিবাদ সাব্যস্ত কৰে ।

এই সমস্যাসমূহ সমাধানৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী আৰু মুখ্য সচিবে নিৰ্দেশনা দিয়াৰ পাচতো দাবীসমূহ পূৰণৰ বাবে চৰকাৰৰ নিৰ্দিষ্ট বিভাগসমূহে গুৰুত্ব প্ৰদান নকৰাত জিলা আয়ুক্ত কাৰ্যালয়ৰ সকলো কাম কাজ বন্ধ কৰি দুদিনীয়াকৈ দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে । এই সমস্যাসমূহ সামাধান নকৰিলে আগন্তুক ২৯ ডিচেম্বৰ তাৰিখে দিনজোৰা কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰা হ’ব বুলি ডিব্ৰুগড় জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : বিভিন্ন সমস্যা সমাধানৰ দাবীত গোলাঘাটত জিলা প্ৰশাসনিক কৰ্মচাৰীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.