ETV Bharat / state

Dilapidated road in Duliajan:বিধ্বস্ত পথ মেৰামতিৰ দাবীত দুলিয়াজানত মানৱ শৃংখল

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 8:51 PM IST

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ গৃহ সমষ্টিত মূল পথটো নিৰ্মাণৰ দাবীত এ জে ৱাই চি পি প্ৰতিবাদ । দুলিয়াজানৰ পৰা লাহোৱাল সংযোগী পথ নিৰ্মাণৰ দাবীত এই প্ৰতিবাদ ।

AJYCP protest in Duliajan
কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ গৃহ সমষ্টিতেই বিধ্বস্ত পথ

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ গৃহ সমষ্টিতেই বিধ্বস্ত পথ

মৰাণ,২৬ আগষ্ট: ৰাজ্যৰ প্ৰায়ভাগ জিলাতেই পথৰ তথৈবচ অৱস্থা ৷ এই পথৰ দুৰাৱস্থাৰ বাবে বছৰৰ পাছত বছৰ ৰাইজে দুৰ্ভোগ ভুগি আহিছে ৷ বিধ্বস্ত পথ মেৰামতি কৰিলৈ চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিচতো মেৰামতিৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপিত হৈছে । ফলতে হাজাৰ হাজাৰ ৰাইজে এজাক বৰষুণতে যাতায়াতৰ বাবে হাহাকাৰ কৰিবলগীয়া হয় ৷

পৰিৱৰ্তনৰ নামত ৰাজ্য চৰকাৰে ৰঙীন বিজ্ঞাপন দি উন্নয়নৰ জয়গান গাই থকা সময়ত খোদ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ গৃহ সমষ্টিত উন্নয়ন বিচাৰি হাহাকাৰ কৰিছে ৰাইজে । মন্ত্ৰীগৰাকীৰ গৃহ সমষ্টিত মূল পথৰ বিধ্বস্ত অৱস্থাই জলাকলা খুৱাইছে ৰাইজক । কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে দুলিয়াজানৰ বিধায়ক তেৰছ গোৱালাই পথ নিৰ্মাণত গুৰুত্ব প্ৰদান নকৰাত শনিবাৰে পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ।

লগতে পঢ়ক:Bhupen Bora react over price hike:মুখ্যমন্ত্ৰীয়ে ষ্টাইল কৰাতকৈ সমস্যা সমাধানত গুৰুত্ব দিয়ক :ভূপেন বৰা

জিলাখনৰ দুলিয়াজান-টিংৰাই চাৰিআলি টেঙাখাত লাহোৱাল সংযোগী পথটো একেবাৰে জৰাজীৰ্ণ হৈ পৰাত ছাত্ৰ-ছাত্ৰীকে ধৰি সকলো ৰাইজৰ যাতায়তত সমস্যা সৃষ্টি হোৱাত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টেঙাখাত আৰু দুলিয়াজান আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে জৰাজীৰ্ণ পথ নিৰ্মাণত ব্যৰ্থ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী মুৰ্দাবাদ, বিধায়ক তেৰচ গোৱালা মুৰ্দাবাদ, তেৰচ গোৱালাৰ কাম নাই, বিজেপি গ'বেক , অসম চৰকাৰ হায় হায়, জৰাজীৰ্ণ পথ নিৰ্মাণ কৰিব লাগিবই আদি চৰকাৰ বিৰোধী শ্ল'গান দি উত্তাল পৰিবেশৰ সৃষ্টি কৰে ।

এই কাৰ্যসূচীত ডিব্ৰুগড় জিলাৰ সম্পাদক গৌৰাংগ গগৈ সাংস্কৃতিক সম্পাদক নৱজ্যোতি বুঢ়াগোহাঁই, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পাৰ্থপ্ৰতীম কোঁৱৰৰ লগতে টেঙাখাত আৰু দুলিয়াজান আঞ্চলিক সমিতিৰ কেইবাজনো নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক;Protest in tea estate in Dibrugarh:শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত উত্তাল ডিব্ৰুগড়ৰ চেঁচা চাহ বাগিচা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.