ETV Bharat / state

ডিব্ৰুগড়ৰ টেঙাখাটত AJYCPৰ পথ অৱৰোধ

author img

By

Published : Jul 29, 2021, 3:17 PM IST

অসম আৰক্ষী জিন্দাবাদ শ্ল'গানেৰে টেঙাখাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পথ অৱৰোধ । শীঘ্ৰে অসমৰ সীমান্ত সমস্যা সমাধানৰ বাবে চৰকাৰক দাবী জনায় প্ৰতিবাদকাৰীয়ে ।

AJYCP Protest
ডিব্ৰুগড়ৰ টেঙাখাটত AJYCPৰ পথ অৱৰোধ

মৰাণ, ২৯ জুলাই : অসম মিজোৰাম সীমান্তৰ লাইলাপুৰৰ (Lailapur) ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে বিভিন্ন দল সংগঠনে । মিজোৰাম আৰক্ষী আৰু দুৰ্বৃত্তই নিৰ্বিচাৰ গুলী চলাই অসম আৰক্ষীৰ ৬ গৰাকী জোৱান আৰু এগৰাকী সাধাৰণ নাগৰিকক হত্যা কৰা ঘটনাই এক প্ৰকাৰ জোকাৰি গৈছে অসম । উল্লেখ্য এতিয়াও ঘটনাত আহত বহু জোৱান আৰু সাধাৰণ লোকে হাস্পতালৰ বিচনাত চটফটাই আছে । কেইবাগৰাকী জোৱানক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ ।

মিজোৰামৰ আৰক্ষী আৰু দুৰ্বৃত্তৰ বাবেই সমগ্ৰ অসমে আজি কান্দিছে । কিন্তু মিজোৰামক এই ভুলৰ বাবে ক্ষমা কৰিব পাৰিব জানো অসমে ? মিজোৰাম চৰকাৰক ইতিমধ্যে সমালোচনা কৰাৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত মিজোৰাম চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে দল সংগঠনে ।

ৰাজ্যজুৰি বৃহস্পতিবাৰৰ দিনটোত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে (Asom Jatiyatabadi Yuba Chatra Parishad) প্ৰতিবাদ সাব্যস্ত কৰিছে । দীৰ্ঘদিন ধৰি অনান্য ৰাজ্যৰ লগত থকা অসমৰ সীমা সমস্যাসমূহ সমাধান নোহোৱাৰ বাবে সংগঠনটোৱে ডিব্ৰুগড় জিলাৰ টেঙাখাটত প্ৰতিবাদ সাব্যস্ত কৰে । টেঙাখাটৰ মুখ্য ৰাজপথ কিছু সময়ৰ বাবে অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ অৱৰোধকাৰীসকলে প্ৰখৰ ৰ’দকো নেওচি হাতে হাতে প্লে'কাৰ্ড লৈ অসম পুলিচ জিন্দাবাদ ধ্বনি দিয়া দেখা যায় ।

অতি শীঘ্ৰে অসমৰ সীমা সমস্যা সমাধান কৰিবৰ বাবে গৃহ বিভাগৰ লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক(Narendra Modi) দাবী জনায় সংগঠনটোৱে ৷ অন্যথা ভৱিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সকীয়নি প্ৰদান কৰে সংগঠনৰ নেতাসকলে ৷ প্ৰতিবাদী কাৰ্য্যসূচীত টেঙাখাত AJYCPৰ উপদেষ্টা জিন্টু মহন, উপ সভাপতি গৌতম বৰুৱা আৰু সম্পাদক পাৰ্থ প্ৰতিম কোঁৱৰে নেতৃত্ব প্ৰদান কৰে ৷

ইফালে AJYCPৰ লগতে বিভিন্ন সংগঠনে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে প্ৰতিবাদ সাব্যস্ত কৰে । কিছু কিছু স্থানত থকা মিজোৰাম ভৱনৰ (Mizoram Bhaban) সন্মুখতো প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনসমূহে । অৱশ্যে প্ৰতিবাদসমূহৰ প্ৰতিক্ৰিয়া স্বৰূপে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে সীমান্ত সমস্যা সমাধানৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :অসম-মিজোৰাম সংঘাত : তিনিচুকীয়াত গৃহমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.