ETV Bharat / state

Vineet Bagaria suicide case: বিনীত বাগাৰীয়াৰ বাসগৃহত উপস্থিত লুৰিণজ্যোতি গগৈ

author img

By

Published : Jul 21, 2022, 11:36 AM IST

AJP president Lurinjyoti Gogoi visited late Vineet Bagaria house in Dibrugarh
বিনীত বাগাৰীয়াৰ বাসগৃহত উপস্থিত লুৰিণজ্যোতি গগৈ

আইনলৈ মানু্হৰ ভয় নোহোৱা পৰিৱেশৰ সৃষ্টি হোৱা বাবেই বিনীত বাগাৰীয়াৰ দৰে মানুহে আত্মহত্যা (Vineet Bagaria suicide case)কৰিব লগা হৈছে- লুৰিণজ্যোতি গগৈ ৷

ডিব্ৰুগড়, 21 জুলাই: মানসিক অত্যাচাৰৰ বলি হৈ মৃত্যুৰ পথ বাচি লোৱা ডিব্ৰুগড়ৰ পশুপ্ৰেমী বিনীত বাগাৰীয়াৰ (Animal activist Vineet Bagaria) আত্মহত্যাৰ ঘটনাৰ ন্যায়ৰ অপেক্ষাত ৰাজ্যবাসী ৷ বিনীত বাগাৰীয়াৰ আত্মহত্যাৰ ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ পাছত খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিষয়টোত হস্তক্ষেপ কৰাৰ পাছতো আজিও মুকলি আকাশৰ তলত ঘটনাৰ লগত জড়িত অভিযুক্ত।

বিনীত বাগাৰীয়াৰ বাসগৃহত উপস্থিত লুৰিণজ্যোতি গগৈ

বুধবাৰে বিনীত বাগাৰীয়াৰ ডিব্ৰুগড়ৰ বাসগৃহত উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ (AJP president Lurinjyoti Gogoi visited late Vineet Bagaria house in Dibrugarh)৷ আত্মহত্যাৰ ঘটনাৰ লগত জড়িত থকা দোষীক শীঘ্ৰেই গেপ্তাৰৰ বাবে দাবী জনায় অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে । লগতে জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে কয়, আইনলৈ মানুহৰ ভয় নোহোৱা পৰিৱেশ সৃষ্টি হোৱা বাবেই বিনীত বাগাৰীয়াৰ দৰে মানুহে আত্মহত্যা কৰিব লগা হৈছে । চৰকাৰে আইনৰ প্ৰতি বিশ্বাস ৰাখিব পৰা এটা পৰিৱেশ গঢ় দিব লাগিব ।

উল্লেখযোগ্য যে, ভাড়াতীয়াৰ অত্যাচাৰ সহিব নোৱাৰি আত্মহত্যা কৰিছিল বিনীত বাগাৰীয়াই (Vineet Bagaria Suicide Case)৷

লগতে পঢ়ক: Vineet Bagaria suicide case: বৈদুল্লাৰ পৰিয়ালৰ বিৰুদ্ধে হঠাৎ তৎপৰ ডিব্ৰুগড় আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.