ETV Bharat / state

AJP Ek Asom Yatra:'এক অসম যাত্ৰা'লৈ বিশিষ্ট সাহিত্যিক নগেন শইকীয়াৰ পূৰ্ণ সমৰ্থন

author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 2:54 PM IST

এক অসম যাত্ৰাৰ মাজতেই বিশিষ্ট সাহিত্যিক ড৹ নগেন শইকীয়াক সাক্ষাৎ অসম জাতীয় পৰিষদৰ নেতৃবৃন্দৰ । ড৹ নগেন শইকীয়াৰ আশীৰ্বাদ লৈ ডিব্ৰুগড়ত দ্বিতীয় দিনা এক অসম যাত্ৰা আৰম্ভ কৰিছে অসম জাতীয় পৰিষদে ।

Eminent litterateur Dr Nagen Saikia
বিশিষ্ট সাহিত্যিক ড৹ নগেন শইকীয়া

বিশিষ্ট সাহিত্যিক ড৹ নগেন শইকীয়া

ডিব্ৰুগড়, ৬ অক্টোবৰ: অসম জাতীয় পৰিষদে ২১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰা 'এক অসম যাত্ৰা' বৃহস্পতিবাৰে ডিব্ৰুগড়ত উপস্থিত হয় । ধুবুৰীৰ নেতাইধুবুনী ঘাটৰ পৰা আৰম্ভ কৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা আজি ডিব্ৰুগড়ত দ্বিতীয় দিনৰ বাবে অনুষ্ঠিত হয় । দ্বিতীয় দিনাৰ কাৰ্যসূচী আৰম্ভ কৰাৰ পূৰ্বে ডিব্ৰুগড়ত বিশিষ্ট সাহিত্যিক,বুদ্ধিজীৱী ড৹ নগেন শইকীয়াক সাক্ষাৎ কৰে জাতীয় পৰিষদৰ নেতৃবৃন্দই ।

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাকে প্ৰমুখ্যে কৰি কেন্দ্ৰীয় নেতা সকলে ড৹ নগেন শইকীয়াৰ সৈতে বহু সময় ধৰি আলোচনাত মিলিত হয় । বিশিষ্ট চিন্তাবিদ গৰাকীৰ পৰা দিহা পৰামৰ্শ গ্ৰহণ কৰে জাতীয় পৰিষদৰ নেতৃবৃন্দই । সাম্প্ৰদায়িকতাৰ বিৰোধিতা কৰি সম্প্ৰীতিৰ অসম গঢ়াৰ বাবে ধুবুৰীৰ পৰা শদিয়ালৈ 'এক অসম যাত্ৰা' কৰা বুলি দাবী কৰা অসম জাতীয় পৰিষদলৈ বিশিষ্ট সাহিত্যিক চিন্তাবিদ গৰাকীয়ে পূৰ্ণ সমৰ্থন আগবঢ়াইছে । কিয়নো এক অসম যাত্ৰা চলি থকাৰ মাজতেই ড৹ শইকীয়াই শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছিল । সেয়ে ডিব্ৰুগড়ত উপস্থিত হোৱাৰ পাছতেই অসম জাতীয় পৰিষদৰ নেতৃত্বই আজি ডিব্ৰুগড়ৰ গৃহত ড৹ শইকীয়াক সাক্ষাৎ কৰি আশীৰ্বাদ গ্ৰহণ কৰি ডিব্ৰুগড়ত দ্বিতীয় দিনৰ বাবে এক অসম যাত্ৰা কাৰ্যসূচী আৰম্ভ কৰিছে ।

উল্লেখযোগ্য যে অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰাক লৈ শাসক দল বিজেপিৰ নেতা-মন্ত্ৰী সকলে তীব্ৰ সমালোচনা কৰিছে যদিও ৰাইজৰ অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পোৱা গৈছে । অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ এই কাৰ্যসূচী সফল কৰিবলৈ কালি দিনটো শ শ ৰাইজ ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হয় ।

উল্লেখ্য় যে অসম জাতীয় পৰিষদৰ ‘এক অসম যাত্ৰা’ যাত্ৰা বৃহস্পতিবাৰে ডিব্ৰুগড়ত উপস্থিত হয় ৷ জাতীয় পৰিষদৰ নেতৃবৃন্দই ডিব্ৰুগড়ত প্ৰৱেশ কৰি ঐতিহাসিক চেঁচা মৈদামত চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তিত সেৱা কৰি এক অসম, ঐক্যবদ্ধ অসম গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰে ।

লগতে পঢ়ক:AJP Ek Asom Yatra : চ্যুকাফাৰ প্ৰতিমূৰ্তিত সেৱা লৈ ডিব্ৰুগড়ত এক অসম যাত্ৰা অসম জাতীয় পৰিষদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.