ETV Bharat / state

ডিব্ৰুগড়ত এচিড আক্ৰমণৰ ঘটনা: অভিযুক্তক আটক

author img

By

Published : Feb 15, 2021, 10:33 AM IST

Updated : Feb 15, 2021, 12:17 PM IST

ডিব্ৰুগড়ত এচিড আক্ৰমণৰ ঘটনা: অভিযুক্তক আটক
ভেলেন্টাইন দেৰ দিনাই ডিব্ৰুগড়ত অঘটন

প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই ভেলেণ্টাইন ডে’ৰ দিনা এচিড আক্ৰমণৰ বলি হৈছে ডিব্ৰুগড়ৰ জয়পুৰ কছাৰী গাঁৱৰ 32 বছৰীয়া বিউতি হাজৰিকা ৷

মৰাণ,15 ফেব্ৰুৱাৰীঃ প্ৰেমৰ নামত উৎসৰ্গিত দিন ভেলেণ্টাইন ডে’ৰ দিনাই ডিব্ৰুগড়ত সংঘটিত হৈছে এক অঘটন ৷ এই বিশেষ দিনটোতে এচিড আক্ৰমণৰ বলি হৈছে এগৰাকী যুৱতী ৷ ডিব্ৰুগড়ৰ আমোলাপট্টিৰ মিৰ্জাবাগত দেওবাৰে সন্ধিয়া সংঘটিত হৈছে এই ঘটনা ৷ সম্প্ৰতি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে যুৱতীগৰাকী ।

প্ৰাপ্ত তথ্য অনুসৰি, বহু দিনৰ পৰাই এজন লোকে ভুক্তভোগী যুৱতীগৰাকীক দি আহিছিল প্ৰেমৰ প্ৰস্তাৱ ৷ প্ৰেমৰ প্ৰস্তাৱ মানি নোলোৱাৰ বাবেই অৱশেষত এচিড আক্ৰমনৰ বলি হ’বলগা হয় যুৱতীগৰাকী ৷ যুৱতীগৰাকী হৈছে ডিব্ৰুগড়ৰ জয়পুৰ কছাৰী গাঁৱৰ 32 বছৰীয়া বিউটি হাজৰিকা ৷ ডিব্ৰুগড়ৰ আমোলাপট্টিৰ নিজৰা পথত বায়েকৰ ঘৰত থাকি এটা শ্বপিং মলত কৰ্মৰত আছিল বিউটি ৷

ডিব্ৰুগড়ত এচিড আক্ৰমণৰ ঘটনা: অভিযুক্তক আটক

অইন দিনাৰ দৰে মিৰ্জাবাগৰ কৰ্মস্থলীৰ পৰা কৰ্তব্য সমাপন কৰি চাইকেলেৰে ঘৰলৈ ওভতাৰ পথত আমোলাপট্টিৰ নাট্য মন্দিৰৰ ওচৰত এই আক্ৰমণৰ সন্মুখীন হয় যুৱতীগৰাকী ৷ ইফালে যুৱতীগৰাকীৰ পৰিয়ালে সদৰী কৰা মতে,ঘটনা সংক্ৰান্তত জড়িত এজন ব্যক্তিক আটক কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ যোৰহাটত চোৰাং গৰুভৰ্তি 5 খনকৈ বাহন জব্দ

Last Updated :Feb 15, 2021, 12:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.