ETV Bharat / state

Attempt to rape case: হাপজান পৰ্বত চাহ বাগিচাত যুৱতীক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 4:25 PM IST

Accused of attempt to rape a girl in Naharkatia
হাপজান পৰ্বত চাহ বাগিচাত যুৱতীক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ

পুৱাতেই উত্তাল হৈ পৰিল নাহৰকটীয়াৰ হাপজান পৰ্বত চাহ বাগিচা । বাগিচাখনৰ প্ৰধান পৰিচালকৰ বিৰুদ্ধে উত্থাপিত হোৱা এক অভিযোগক কেন্দ্ৰ কৰি উত্তেজিত হৈ পৰে চাহ শ্ৰমিকসকল । এগৰাকী যুৱতীক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে বাগিচাখনৰ প্ৰধান পৰিচালক গৌতম কাৰ্কিৰ বিৰুদ্ধে ।

হাপজান পৰ্বত চাহ বাগিচাত যুৱতীক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ

নাহৰকটীয়া,১৪ অক্টোবৰ: নাহৰকটীয়াৰ হাপজান পৰ্বত চাহ বাগিচাত চাঞ্চল্যকৰ ঘটনা । শনিবাৰে পুৱাতেই বাগিচাখনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । এগৰাকী যুৱতীক ধৰ্ষণৰ অপচেষ্টা চলোৱাক লৈ উত্তেজিত হৈ পৰে বাগিচাখনৰ কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজ তথা দল-সংগঠন । নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত নামৰূপ হাপজান পৰ্বত চাহ বাগিচাৰ প্ৰধান পৰিচালকৰ বিৰুদ্ধে এগৰাকী যুৱতীক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

উল্লেখ্য যে প্ৰধান পৰিচালকৰ কোৱাৰ্টাৰত বনকৰা ২০ বছৰীয়া যুৱতীগৰাকীক প্ৰধান পৰিচালক গৌতম কাৰ্কিয়ে শ্লীলতা হানিৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই উত্তাল পৰিস্থিতিৰ উদ্ভৱ হয় বাগিচাখনত । যুৱতীগৰাকীৰ লগতে স্থানীয় ৰাইজে শনিবাৰে উক্ত ঘটনা সন্দৰ্ভত নামৰূপ থানাত দাখিল কৰে এখন এজাহাৰ । উক্ত এজাহাৰৰ ভিত্তিত নামৰূপ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি 342/354B/506 IPC, PS 84/23 ৰ অধীনত এটা গোচৰ ৰুজু কৰি হাপজান পৰ্বত চাহ বাগিচাৰ প্ৰধান পৰিচালক গৌতম কাৰ্কিক আটক‌ কৰে ।

ইফালে ঘটনা সন্দৰ্ভত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নাহৰকটীয়া আঞ্চলিকৰ বিষয়ববীয়াই নামৰূপ আৰক্ষী থানাত উপস্থিত হৈ ঘটনাৰ উচিত তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী উত্থাপন কৰিছে । আনহাতে ক্ষোভিত চাহ শ্ৰমিকসকলে গৌতম কাৰ্কিক আটক‌ কৰাৰ সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা পৰিলক্ষিত হয় । চাহ শ্ৰমিকসকল এনেধৰনৰ চাহ বাগিচাৰ উচ্চ পদস্থ বিষয়াৰ শোষণৰ বলি অহাৰ অভিযোগ সততে উত্থাপিত হৈ আহিছে । সেয়ে এইক্ষেত্ৰত প্ৰশাসনক উচিত তদন্ত কৰি এক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে চাহ শ্ৰমিকসকলে ।

লগতে পঢ়ক: Assam man death:হৃদয় বিদাৰক; অন্ধ্ৰপ্ৰদেশত অসমৰ যুৱকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.