ETV Bharat / state

Assam man death:হৃদয় বিদাৰক; অন্ধ্ৰপ্ৰদেশত অসমৰ যুৱকৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 2:27 PM IST

কেৰেলাত কাম কৰিবলৈ যোৱা চিমেন চাপৰিৰ শম্ভূ দাসৰ অন্দ্ৰপ্ৰদেশত দুৰ্বৃত্তৰ হাতত মৃত্যু, দুজন সন্ধানহীন ৷

miscreants kill assam man in andhrapradesh
অন্ধ্ৰপ্ৰদেশত অসমৰ যুৱকৰ মৃত্যু

অন্ধ্ৰপ্ৰদেশত অসমৰ যুৱকৰ মৃত্যু

জোনাই, ১৪ অক্টোবৰ : বহি:ৰাজ্যলৈ কৰ্ম সংস্থাপনৰ বাবে যোৱা ধেমাজি জিলাৰ চিমেন চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত ১ নং চিমেন চাপৰিৰ এজন যুৱকৰ মৃতদেহ বহি:ৰাজ্যত উদ্ধাৰ হৈছে ৷ যুৱকজনৰ লগতে যোৱা আন দুজন লোক বৰ্তমানলৈকে সন্ধানহীন হৈ আছে ৷ এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

শনিবাৰে পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, ধেমাজি জিলাৰ চিমেন চাপৰি আৰক্ষী থানাৰ ১ নং চিমেন চাপৰিৰ সোণালী চাপৰি গাঁৱৰ প্ৰয়াত হৰিতোষ দাসৰ পুত্ৰ শম্ভূ দাস, চন্দ্ৰ টকবিৰ পুত্ৰ মোহন টকবি আৰু প্ৰদীপ গগৈৰ পুত্ৰ কণ গগৈয়ে যোৱা ৯ অক্টোবৰ তাৰিখে কেৰালাত কাম কৰিবলৈ বুলি ডিব্ৰুগড়ৰ পৰা ৰে’লেৰে ৰাওনা হৈছিল । ডিব্ৰুগড়ৰ পৰা কেৰালা অভিমুখী ৰে’লত একেটা ডবাতে থকা অন্য যাত্ৰীৰ সৈতে অসমৰ যুৱককেইজন তৰ্ক বিৰ্তকত লিপ্ত হয় । যাত্ৰাৰ পথত অন্ধ্ৰপ্ৰদেশ পোৱাৰ পাচত শম্ভূ দাস আৰু কণ গগৈক দুৰ্বৃত্তৰ দলে কাকিন্দা ৰে’ল ষ্টেচনত নমাই লৈ যায় ।

Assam man died
শম্ভু দাস

দুৰ্বৃত্তই আক্ৰমণ কৰিবলৈ চেষ্টা চলোৱাৰ কথা শম্ভূ দাসে নিজ পৰিয়ালক অৱগত কৰে । শম্ভূ দাসৰ পৰিয়ালে চিমেন চাপৰি আৰক্ষীক বিষয়টো অৱগত কৰাৰ লগে লগে আৰক্ষীয়ে অন্ধ্ৰপ্ৰদেশৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰে । কিন্তু এই ঘটনাৰ ডেৰঘন্টা পাৰ হোৱাৰ পাচতে অন্ধ্ৰপ্ৰদেশৰ কাকিন্দা ৰে’লৱে ষ্টেচনত শম্ভূ দাসক দুৰ্বৃত্তই ৰে’লৰ পৰা নমাই লৈ যায় ৷

Assam man died
কণ গগৈ

অৱশেষত অন্ধ্ৰপ্ৰদেশৰ আৰক্ষীয়ে দুৰ্বৃত্তই হত্যা কৰি থৈ যোৱা ৪০ বছৰীয়া শম্ভূ দাসৰ মৃতদেহটো এখন উৰণ সেতুৰ তলত উদ্ধাৰ কৰে ৷ মৃতদেহ উদ্ধাৰৰ পাচতে আৰক্ষীয়ে শম্ভূ দাসৰ পৰিয়ালৰ লোকক অৱগত কৰে । শম্ভূ দাসৰ লগতে কণ গগৈকো দুৰ্বৃত্তই ৰে’ল ষ্টেচনৰ পৰা নমাই লৈ গৈছিল কিন্তু তেওঁ কথমপি পলাই যাবলৈ সক্ষম হয় । শম্ভূ দাসৰ সহযাত্ৰী মোহন টকবিয়ে আন এখন ৰে’লত উঠি প্ৰাণ ৰক্ষা কৰে । বৰ্তমান মোহন টকবিয়ে ঘটনাস্থলীৰ পৰা দুশ কিলোমিটাৰ নিলগৰ বিজয়ৱাড়া আৰক্ষী থানাত আশ্ৰয় লৈ আছে ।

লগতে পঢ়ক : Assam youth death : পুনৰ বহিঃৰাজ্যত কৰ্মসংস্থাপনৰ বাবে যোৱা অসমৰ যুৱকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.