ETV Bharat / state

Attack on MLA vehicle: নিজকে নিৰ্দোষী বুলি বাৰে বাৰে ক’লে প্ৰশান্ত ফুকনৰ বাহনত আক্ৰমণ কৰা মদন শ্বাহে

author img

By

Published : Aug 20, 2023, 11:58 AM IST

বিধায়ক প্ৰশান্ত ফুকনৰ বাহনত আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপিত হোৱা মদন শ্বাহৰ সংবাদ মাধ্যমৰ সমুখত স্বীকাৰোক্তি ৷ নিজকে নিৰপৰাধী সজোৱাৰ চেষ্টা অভিযুক্তৰ ৷

MLA Prasanta Phukan
বিধায়ক প্ৰশান্ত ফুকনৰ বাহনত আক্ৰমণ চলোৱা অভিযোগক নস্যাৎ কৰিলে অভিযুক্তই

বিধায়ক প্ৰশান্ত ফুকনৰ বাহনত আক্ৰমণ চলোৱা অভিযোগক নস্যাৎ কৰিলে অভিযুক্তই

ডিব্ৰুগড়, 20 আগষ্ট: পৌৰসভাৰ কাৰ্যালয়ত এখন সভাত অংশ লৈ ওলাই অহাৰ সময়তে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ বাহনৰ ওপৰত শনিবাৰে আক্ৰমণ কৰিছিল একাংশ দুৰ্বৃত্তই । মদন শ্বাহ নামৰ এজন ব্যক্তিৰ নেতৃত্বত প্ৰায় 200 জনীয়া দুৰ্বৃত্তৰ দলে বিধায়কৰ বাহন ঘেৰাও কৰি প্ৰতিবাদ কৰাৰ লগতে বাহনত আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল ।

ইয়াৰ পাছতেই ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ বাহনত আক্ৰমণৰ ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা অভিযুক্ত মদন শ্বাহক গ্ৰেপ্তাৰ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে ৷ কেমেৰাৰ সমুখত আক্ৰমণৰ সৈতে জড়িত নহয় বুলি স্বীকাৰোক্তি দিয়ে মদন শ্বাহে ।

গ্ৰেপ্তাৰ হোৱা মদন শ্বাহৰ নেতৃত্বত 200 জনীয়া দুৰ্বৃত্তৰ দলে বিধায়ক প্ৰশান্ত ফুকনৰ বাহন ঘেৰাও কৰি প্ৰতিবাদ কৰাৰ লগতে বাহনত আক্ৰমণ কৰাৰ উপৰিও পৌৰসভাৰ কাৰ্যালয়ত আক্ৰমণ কৰিছিল বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই ডিব্ৰুগড় সদৰ থানাৰ চৌহদত মদন শ্বাহে কয়, "মই কোনো অপৰাধ কৰা নাই ৷ মই নিৰ্দোষী ।"

জানিব পৰা অনুসৰি ডিব্ৰুগড় চহৰখনত অবৈধভাৱে পদপথ দখল কৰি থকা সকলো ব্যৱসায় প্ৰতিষ্ঠানত উচ্ছেদ চলাইছিল ডিব্ৰুগড় পৌৰসভা আৰু প্ৰশাসনে । ইয়াতে ক্ষোভিত হৈ একাংশ ব্যৱসায়ীয়ে এই আক্ৰমণ চলোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে । এই ঘটনাত আৰু বহু কেইজন আটক হোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিছে ডিব্ৰুগড় আৰক্ষীয়ে ।

জানিব পৰা মতে, শনিবাৰে ডিব্ৰুগড় পৌৰসভা কাৰ্যালয়ত অনুষ্ঠিত হৈছিল এখন গুৰুত্বপূৰ্ণ সভা ৷ এই সভাত উপস্থিত আছিল স্থানীয় বিধায়ক প্ৰশান্ত ফুকন ৷ ডিব্ৰুগড় চহৰৰ বিভিন্ন সমস্যাক লৈ এই সভা আয়োজন কৰা হৈছিল ৷ কিন্তু অন্য এখন সভা থকাৰ বাবে আধাতে সভা এৰি পৌৰসভা কাৰ্যালয়ৰ পৰা ওলাই গৈছিল ডিব্ৰুগড়ৰ বিধায়কগৰাকী ৷ ইয়াৰ পিচতেই একাংশ দুৰ্বৃত্তই চলাইছিল বিধায়ক গৰাকীৰ বাহনত আক্ৰমণ ৷

লগতে পঢ়ক: MLA Prasanta Phukan: ডিব্ৰুগড়ত বিধায়ক প্ৰশান্ত ফুকনৰ বাহনৰ ওপৰত আক্ৰমণ; অভিযুক্ত মদন শ্বাহক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.