ETV Bharat / state

মহাবিদ্যালয়ত আসনৰ সংখ্যা বৃদ্ধিৰ আহ্বান ডিব্ৰুগড় আছুৰ

author img

By

Published : Aug 2, 2021, 10:32 PM IST

aasu sent memorandum to dibrugarh dc
ডিব্ৰুগড় আছুৰ স্মাৰকপত্ৰ প্ৰদান

ডিব্ৰুগড় জিলাৰ মহাবিদ্যালয়সমূহত স্নাতক আৰু উচ্চতৰ মাধ্যমিক শাখাত আসনৰ সংখ্যা বৃদ্ধিৰ বাবে সোমবাৰে জিলা উপায়ুক্ত (DC)ক স্মাৰকপত্ৰ প্ৰদান আছু (AASU)ৰ ৷ নামভৰ্তিৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন হ’ব লগা নহয় আৰু কোনো শিক্ষাৰ্থী যাতে উচ্চ শিক্ষাৰ পৰা বঞ্চিত নহয়, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে আছুৱে ৷

মৰাণ, 2 আগষ্ট : ক’ভিড (Covid) মহামাৰীৰ সময়চোৱাত যাতে ছাত্ৰ-ছাত্ৰীসকলে বিগত বৰ্ষৰ দৰে নামভৰ্তিৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন হ’ব লগা নহয় আৰু কোনো শিক্ষাৰ্থী যাতে উচ্চ শিক্ষাৰ পৰা বঞ্চিত হ’বলগীয়া নহয়, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সোমবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত (Dibrugarh DC)ক এখন স্মাৰক পত্ৰ প্ৰদান কৰে জিলা ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে ৷ কিয়নো বিগত বৰ্ষসমূহত ডিব্ৰুগড় জিলাৰ উচ্চ শিক্ষানুষ্ঠানসমূহত উচ্চতৰ মাধ্যমিক আৰু স্নাতক দুয়োটা শাখাতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আসনৰ অভাৱ হোৱা পৰিলক্ষিত হৈছিল । ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষাৰ নামভৰ্তিৰ বাবে হাহাকাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল জিলাখনত ।

aasu sent memorandum to dibrugarh dc
ডিব্ৰুগড় আছুৰ স্মাৰকপত্ৰ প্ৰদান

ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা (AASU)ই এইক্ষেত্ৰত জিলা উপায়ুক্তক প্ৰদান কৰা স্মাৰকপত্ৰখনত নিম্নলিখিত বিষয়সমূহ উল্লেখ আছে- 1. প্ৰতিখন মহাবিদ্যালয়তে স্নাতক আৰু উচ্চতৰ মাধ্যমিক শাখাত আসনৰ সংখ্যা বৃদ্ধি কৰা । 2. মহাবিদ্যালয়সমূহত পৰ্যাপ্ত পৰিমাণৰ বেঞ্চ-ডেক্স আৰু শ্ৰেণীকোঠাৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে আন আন আনুসংগিক প্ৰয়োজনীয়তা পূৰণ কৰা । 3. প্ৰতিখন মহাবিদ্যালয়তে ৰাতিপুৱা আৰু দিনৰ দুটা ভাগত পাঠদানৰ ব্যৱস্থা কৰা । 4. আমন্ত্ৰিত শিক্ষকৰ ব্যৱস্থা কৰি শিক্ষকৰ অভাৱ পূৰণ কৰা ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীক সাক্ষাৎ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ

উক্ত দাবী কেইটাৰ ওপৰত জিলা প্ৰশাসনে পৰ্যালোচনা কৰি তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে জিলা উপায়ুক্তগৰাকীয়ে ।

প্ৰতিনিধি দলটোত উপস্থিত থাকে আছুৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক তছেন ডেকা, কেন্দ্ৰীয় সমিতিৰ সদস্য অনিল গগৈ, জিলা ছাত্ৰ সন্থাৰ সভাপতি বুলবুল দত্ত, জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৱনী কুমাৰ গগৈ আৰু ডিব্ৰুগড় সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰূপজ্যোতি বৰঠাকুৰ ।

লগতে পঢ়ক : শিক্ষা বিষয়ক বিভিন্ন সমস্যা লৈ শিক্ষামন্ত্ৰীলৈ স্মাৰকপত্ৰ বিধায়ক চক্ৰধৰ গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.