ETV Bharat / state

মুখ্যমন্ত্ৰীক সাক্ষাৎ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ

author img

By

Published : Jul 13, 2021, 12:04 PM IST

অসম বিধানসভাৰ বাজেট অধিৱেশন(Budget Session)ৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Dr. Himanta Biswa Sarma)ক সাক্ষাৎ কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়(Dibrugarh University)ৰ ছাত্ৰ একতা সভাৰ প্ৰতিনিধিৰ এটা দলে । বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যাসমূহৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীক এখন স্মাৰকপত্ৰ দাখিল কৰে প্ৰতিনিধিসকলে ।

Dibrugarh University student union submits memorandum to CM Himanta Biswa Sarma
মুখ্যমন্ত্ৰীক সাক্ষাৎ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰতিনিধিৰ

মৰাণ, ১৩ জুলাই : সোমবাৰে ছাত্ৰ-ছাত্ৰীৰ সমস্যাৰ বিষয়ে অৱগত কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰতিনিধিৰ দলে । ড৹ শৰ্মাক মুখ্যমন্ত্ৰীৰ কাৰ্যালয়তে সাক্ষাৎ কৰি বিশ্ববিদ্যালয়ৰ সমস্যা সমধানৰ বিভিন্ন দাবী সম্বলিত এখন স্মাৰকপত্ৰ দাখিল কৰে প্ৰতিনিধিসকলে । মুখ্যমন্ত্ৰীৰ সৈতে চমু আলোচনাতো মিলিত হয় প্ৰতিনিধি দলটোৱে । উক্ত বৈঠকত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সম্মুখীন হৈ থকা দীৰ্ঘদিনীয়া সমস্যাৰাজিৰ বিষয়ে মুখ্যমন্ত্ৰীগৰাকীক অৱগত কৰা হয় ।

আলোচনাৰ সময়ত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে । বৈঠকত মুখ্যমন্ত্ৰীয়ে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক শীঘ্ৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমস্যাসমূহ সমাধান কৰাৰ নিৰ্দেশ দিয়ে বুলি প্ৰতিনিধি দলটোৰ পৰা জানিব পৰা গৈছে । নতুনকৈ ছাত্ৰাবাসৰ নিৰ্মাণ, ৩৭ নং ঘাইপথৰ ওপৰেদি ফুট ব্ৰীজৰ নিৰ্মাণ, উন্নতমানৰ খেলপথাৰ আৰু পেভিলিয়নৰ ব্যৱস্থা, বিশ্ববিদ্যালয়ৰ স্বাস্থ্যকেন্দ্ৰৰ উন্নীতকৰণ, নেটৱৰ্ক ব্যৱস্থাৰ উন্নীতকৰণ, পুনৰ মেছ ছাবছিডি (mess subsidy) দিয়াৰ ব্যৱস্থা আদি কৰিবলৈ দাবী জনাইছিল ছাত্ৰসকলে ।

ডিব্ৰুগড় বিশ্ববিদ্যালয় কাৰিকৰী আৰু অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ অতিমাত্ৰা মাচুল আৰু বিভিন্ন সমস্যাবোৰৰ বিষয়তো মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব সহকাৰে আলোচনা কৰে বুলিও জানিব পৰা গৈছে ।

Dibrugarh University student union submits memorandum to CM Himanta Biswa Sarma
মুখ্যমন্ত্ৰীক সাক্ষাৎ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰতিনিধিৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে দীৰ্ঘদিন ধৰি এই সমস্যাৰ সন্মুখীন হৈ আহিছিল । পূৰ্বেও তেওঁলোকে এই সমস্যাসমূহ সমাধানৰ বাবে আহ্বান জনাই আহিছিল ৷ কিন্তু কোনো ভাল ফল পোৱা নাছিল । এইবাৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই সমস্যাসমূহ সমাধান কৰিব বুলি ছাত্ৰসকলে আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: ২৩ কোটিৰ কৰ ফাঁকি : এছ কে চেইলৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.