ETV Bharat / state

New office building of AASU: মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা চৰকাৰক ৰাজনৈতিকভাৱে প্ৰত্যুত্তৰ দিবলৈ আহ্বান আছুৰ

author img

By

Published : Aug 6, 2023, 9:07 PM IST

New office building of AASU
আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱা

ডিব্ৰুগড়ৰ চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ নৱ-নিৰ্মিত কাৰ্যালয় ভৱন মুকলি ৷ গায়ন-বায়নেৰে এক মাংগলিক পৰিৱেশৰ মাজত শ্বহীদ ভৱনটো ৰাইজৰ বাবে মুকলি । উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক শংকৰজ্যোতি বৰুৱা ।

আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱা

ডিব্ৰুগড়, ৬ আগষ্ট: ডিব্ৰুগড়ৰ চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ নৱ-নিৰ্মিত কাৰ্যালয়টো আজি অৰ্থাৎ দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ নৱ-নিৰ্মিত মুখ্য কাৰ্যালয় শ্বহীদ ভৱন আৰু শ্বহীদ বেদীৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক শংকৰজ্যোতি বৰুৱা ।

চাবুৱা অঞ্চলৰ বিশিষ্ট ব্যক্তি, শিক্ষাবিদ, শ্বহীদ পৰিয়াল, ছাত্ৰ সন্থাৰ প্ৰাক্তন সতীৰ্থসকলৰ উপস্থিতিত শ্বহীদ ভৱনটো আনুষ্ঠানিকভাৱে মুকলি কৰে শংকৰজ্যোতি বৰুৱাই । লগতে শ্বহীদ বেদী উন্মোচন কৰে ডিব্ৰুগড়‌ জিলা ছাত্ৰ সন্থাৰ সভাপতি বুলবুল দত্তই ।

গায়ন-বায়নেৰে এক মাংগলিক পৰিৱেশৰ মাজত শ্বহীদ ভৱনটো ৰাইজৰ বাবে মুকলি কৰা হয় । শ্বহীদ ভৱনটো ছাত্ৰ সন্থাৰ বিভিন্ন কাম-কাজ, চাবুৱা অঞ্চলৰ শৈক্ষিক, আৰ্থ-সামাজিক সমস্যাৰ আলোচনা, ছাত্ৰ-ছাত্ৰীৰ সমস্যা, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ অনুষ্ঠান অনুষ্ঠিত কৰা বাবে সুবিধা হ'ব বুলি কয় আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ।

এই অনুষ্ঠানতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুৰ কেন্দ্ৰীয় সম্পাদকগৰাকীয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয় । শংকৰজ্যোতি বৰুৱাই কয়, ‘‘মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে চৰকাৰ । বজাৰত জুই লগা সময়ত চৰকাৰখন শুই আছে । এই চৰকাৰ কেৱল হিতাধিকাৰী সৃষ্টিত ব্যস্ত । হিতাধিকাৰী সৃষ্টি কৰি ৰাইজৰ কষ্টৰ ধন লৈ গৈছে চৰকাৰে । মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে এই চৰকাৰক আহ্বান জনাই লাভ নাই ।’’ ইয়াৰ পৰিৱৰ্তে ৰাজনৈতিকভাৱে চৰকাৰক প্ৰত্যুত্তৰ দিবলৈ ৰাইজক আহ্বান জনালে আছু সম্পাদক শংকৰজ্যোতি বৰুৱাই ।

লগতে পঢ়ক: Akhil Gogoi on Price Hike: চৰকাৰৰ নীতিৰ বাবে অত্যাৱশ্যকীয় সমগ্রীৰ দামবৃদ্ধি হৈছে; অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.