ETV Bharat / state

Angkita Dutta Controversy: কংগ্ৰেছত নেতৃত্বৰ অভাৱ, দলটোত কোনেও কাকো নমনা হৈছে: মনোজ ধানোৱাৰ

author img

By

Published : Apr 22, 2023, 10:01 AM IST

কংগ্ৰেছত নেতৃত্বৰ অভাৱ, দলটোত কোনেও কাকো নমনা হৈছে- অংকিতা দত্ত সন্দৰ্ভত এই মন্তব্য আপৰ নেতা মনোজ ধানোৱাৰৰ ৷ এগৰাকী মহিলা নেত্ৰীক কংগ্ৰেছ দলৰ ভিতৰত অত্যাচাৰ চলোৱা হৈছে ৷ ই সঁ‌চাকৈয়ে দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে আপৰ ৰাজ্যিক সমন্বয়ক মনোজ ধানোৱাৰে (Monoj Dhanowar reacts on Angkita Dutta issue) ৷

Monoj Dhanowar reacts on Ankita Dutta issue
অংকিতাৰ বাবে খোলা আপৰ দুৱাৰ: মনোজ ধানোৱাৰ

কংগ্ৰেছত নেতৃত্বৰ অভাৱ; দলটোত কোনেও কাকো নমনা হৈছে-মনোজ ধানোৱাৰ

মৰাণ, 22 এপ্ৰিল: প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি অংকিতা দত্তই সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভিৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগে ৰাজ্যজুৰি তোলপাৰ লগোৱাৰ সময়তে এই বিতৰ্ক সন্দৰ্ভত মন্তব্য কৰিছে প্ৰাক্তন কংগ্ৰেছী নেতা তথা বৰ্তমানৰ আপৰ ৰাজ্যিক সমন্বয়ক মনোজ ধানোৱাৰে ৷ "কংগ্ৰেছত নেতৃত্বৰ অভাৱ; দলটোত কোনেও কাকো নমনা হৈছে"- অংকিতা দত্ত সন্দৰ্ভত এই মন্তব্য আপৰ নেতা মনোজ ধানোৱাৰৰ ৷ এগৰাকী মহিলা নেত্ৰীক কংগ্ৰেছ দলৰ ভিতৰত অত্যাচাৰ চলোৱা হৈছে ৷ ই সঁ‌চাকৈয়ে দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে আপৰ ৰাজ্যিক সমন্বয়ক মনোজ ধানোৱাৰে (Angkita Dutta Controversy Update) ৷

মৰাণত সাংবাদিকৰ আগত মন্তব্য কৰি আপৰ নেতাজনে কয় যে, কংগ্ৰেছত এতিয়া নেতৃত্বৰ অভাৱ হৈছে ৷ দলটোত কোনেও কাকো নমনা হৈছে ৷ এজনে কয় অংকিতা দত্তক বহিষ্কাৰ কৰা হৈছে, আন এজনে কয় বহিষ্কাৰ কৰা হোৱা নাই ৷ এই বিলাকেই তেওঁলোকৰ মতৰ অমিল (Monoj Dhanowar reacts on Angkita Dutta issue) ৷

"মই কংগ্ৰেছ দলত থাকোঁতে এই বিলাকৰ ভুক্তভোগী আছিলোঁ ।" এই বুলি মন্তব্য কৰে মনোজ ধানোৱাৰে ৷ কংগ্ৰেছ দলটোত নেতৃত্বৰ দুৰ্বল ভূমিকা । ইফালে অংকিতা দত্ত আপলৈ আহিব বিচাৰিলে আপৰ দুৱাৰ সদায় খোলা আছে বুলিও আপৰ নেতা মনোজ ধানোৱাৰে মন্তব্য কৰে (AAP Leader reacts on Angkita Dutta issue) ৷

উল্লেখযোগ্য যে, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থই শুকুৰবাৰে অংকিতা দত্তক নিলম্বন কৰা বুলি মন্তব্য কৰিছিল ৷ এই মন্তব্য সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাচতেই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ কিন্তু কমলাক্ষ দে’ পুৰকায়স্থৰ মন্তব্যৰ বিপৰীতে এতিয়ালৈকে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তক দলৰ পৰা নিলম্বনৰ কোনো সিদ্ধান্ত সম্পৰ্কে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীক অৱগত কৰা নাই বুলি স্পষ্টীকৰণ দিয়ে সভাপতি ভূপেন বৰাই (Bhupen Bora on Angkita Dutta expel row) ৷

লগতে পঢ়ক: Poor Road at Kaliabor: কলিয়াবৰত বিধস্ত পথে জ্বলাকলা খুৱাইছে পথচাৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.