ETV Bharat / state

Crackdown on Amritpal: খালীস্তানপন্থী নেতা-সদস্যৰে ভৰিছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ

author img

By

Published : Mar 22, 2023, 7:10 PM IST

Crackdown on Amritpal
খালীস্তানপন্থী নেতা-সদস্যই ভৰিছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ

ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰ এতিয়া খালীস্তানপন্থী নেতাই ভৰি পৰি পৰিছে ৷ এই পৰ্যন্ত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে 8 খালীস্তানপন্থী নেতা ৷ যাৰ বাবে কটকটীয়া কৰা হৈছে ডিব্ৰুগড় কাৰাগাৰৰ নিৰাপত্তা ব্যৱস্থা ৷ অধিক খালিস্তানপন্থী নেতা-সদস্যক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনাৰ সম্ভাৱনা (Amritpal Singh case update) ৷

খালীস্তানপন্থী নেতা-সদস্যই ভৰিছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ

ডিব্ৰুগড়, 22 মাৰ্চ: দেশৰ ভিতৰতে এতিয়া অতি চৰ্চিত কাৰাগাৰত পৰিণত হৈছে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰ ৷ কিয়নো অশান্ত পঞ্জাৱৰ খালিস্তানপন্থী বিচ্ছিন্নতাবাদী নেতাৰে ভৰি পৰিছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ ৷ ইজনৰ পাচত সিজনকৈ গ্ৰেপ্তাৰ হোৱা ‘ৱাৰিছ পঞ্জাৱ দে’ৰ (Waris Punjab De) মুৰব্বী অমৃতপাল সিঙৰ বহু ঘনিষ্ঠক অনা হৈছে অসমলৈ (Amritpal Singh crackdown) ৷

প্ৰথম অৱস্থাত দেওবাৰে চাৰি ‘‘ৱাৰিছ পঞ্জাৱ দে’’ নেতা-সদস্যক ডিব্ৰুগড়লৈ অনাৰ পাচত মঙলবাৰে পুনৰ চাৰিজনক অনা হয় ডিব্ৰুগড়ৰ কাৰাগৰলৈ ৷ ইয়াৰ ভিতৰত আছে অমৃতপাল সিঙৰ খুড়াক, গাড়ী চালক আৰু আন 6 জন ঘনিষ্ঠ ৷ ইফালে আটাইকেইজন বিদ্ৰোহী নেতাক লৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত (Dibrugarh central jail) ৷

সম্প্ৰতি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰে-বাহিৰে গঢ়ি তোলা হৈছে নিছিদ্ৰ নিৰাপত্তা ৷ মোতায়েন কৰা হৈছে অসম আৰক্ষীৰ প্ৰায় ডজন কমাণ্ডো ৷ ইফালে সমগ্ৰ নিৰাপত্তা ব্যৱস্থা তদাৰকৰ বাবে ডিব্ৰুগড়তে বাহৰ পাতি আছে অসম আৰক্ষীৰ মহাপৰিদৰ্শক প্ৰশান্ত কুমাৰ ভূঞা ৷ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশমৰ্মে কেন্দ্ৰীয় কাৰাগাৰৰ নিৰাপত্তা ব্যৱস্থা সময়ে সময়ে তদাৰক কৰি আছে মহাপৰিদৰ্শক প্ৰশান্ত কুমাৰ ভূঞাই (Khalistani leader kept in Dibrugarh jail) ৷

আনহাতে, দুদিনমানৰ পূৰ্বে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ পৰিদৰ্শন কৰি বুজ লৈছিল ইয়াৰ নিৰাপত্তা ব্যৱস্থা ৷ এক বিশেষ সূত্ৰে লাভ কৰা খবৰ অনুসৰি ডিব্ৰুগড়লৈ আৰু অধিক খালাস্তানী সদস্যক অনাৰ সম্ভাৱনা আছে ৷ পঞ্জাৱৰ পৰিস্থিতি শান্ত নোহোৱা পৰ্যন্ত ডিব্ৰুগড় কাৰাগাৰতে সময়ত কটাব লাগিব এইসকল খালিস্তানপন্থী নেতাই । ৰাজ্যবাসীৰ মাজত এতিয়া প্ৰশ্নৰ সৃষ্টি হৈছে যে, কিয় এইসকল খালিস্তানপন্থী বিচ্ছিন্নতাবাদী নেতাক ডিব্ৰুগড় কাৰাগাৰলৈ লৈ অনা হৈছে (Operation against Amritpal Singh) ?

এই সম্পৰ্কত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা নতুবা ডিব্ৰুগড় প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ মন্তব্য এই পৰ্যন্ত দিয়া নাই ৷ উল্লেখ্য যে, পঞ্জাৱৰ ‘ৱাৰিছ পঞ্জাৱ দে’ৰ লগত অসম তথা উত্তৰ-পূৱৰ কোনো ধৰণৰ সম্পৰ্ক নাই ৷ যিহেতু ‘ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙৰ সমৰ্থকসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাচতেই অধিক উত্তপ্ত হৈ পৰিছিল পঞ্জাৱ ৷ সেয়ে অমৃতপাল সিঙৰ (Fugitive Amritpal Singh) অতি ঘনিষ্ঠসকলক অধিক তদন্ত আৰু নিৰাপত্তাজনিত কাৰণতে ডিব্ৰুগড়লৈ লৈ অহা হৈছে ।

বৰ্তমানলৈকে শতাধিক খালীস্তানপন্থী নেতা-সদস্যক গ্ৰেপ্তাৰ কৰিছে পঞ্জাৱ আৰক্ষীয়ে ৷ আটাইকেইজনৰ বিৰুদ্ধে ৰুজু কৰা হৈছে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ দৰে কঠোৰ আইন ৷ খালিস্তানপন্থী নেতাসকলক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰাখিছে ডিব্ৰুগড় জিলা প্ৰশাসনে ৷ পূৰ্বৰ দৰে সাধাৰণ লোকে অনুমতি অবিহনে প্ৰবেশ কৰিব নোৱাৰে এতিয়া ডিব্ৰুগড় কাৰাগাৰলৈ ৷

লগতে পঢ়ক: Fugitive Amritpal Issue : শান্তি বিঘ্নিত কৰাৰ অপৰাধত পঞ্জাবত ১৫৪ জনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.