ETV Bharat / state

Bishnu Prasad Rabha : কৃষকৰ মুক্তিৰ বাবে আকৌ বিষ্ণু ৰাভাৰ প্ৰয়োজন অনুভৱ কৰিলে দীঘেলীবাসীয়ে

author img

By

Published : Jun 21, 2023, 10:07 AM IST

মংগলবাৰে ৰাজ্যজুৰি পালন কৰা হয় বৈপ্লৱিক সত্ত্বা বিষ্ণু প্ৰসাদ ৰাভাৰ 55 সংখ্যক মৃত্যু দিৱস ৷ এসময়ত আত্মগোপন কৰি থকা ডিব্ৰুগড় জিলাৰ খোৱাং আৰু বাক্সা জিলাৰ দীঘেলীবাসীয়ে শ্ৰদ্ধাৰে সোৱঁৰণ কৰে সৈনিক শিল্পীগৰাকীক ৷ আজিও বিষ্ণু ৰাভাৰ প্ৰাসংগিকতা অনুভৱ কৰে এসময়ত সৈনিক শিল্পীগৰাকীৰ সান্নিধ্য লাভ কৰা লোকসকলে ৷

55 th death anniversary of Bishnu Prasad Rabha celebration
বৈপ্লৱিক সত্ত্বা বিষ্ণু প্ৰসাদ ৰাভাৰ 55 সংখ্যক মৃত্যু দিৱস

বৈপ্লৱিক সত্ত্বা বিষ্ণু প্ৰসাদ ৰাভাৰ 55 সংখ্যক মৃত্যু দিৱস

নিউজ ডেস্ক, 21 জুন : সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ 54 সংখ্যক মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি মংগলবাৰৰ দিনটোত সমগ্ৰ ৰাজ্যতে স্মৰণ কৰা হয় সৈনিক শিল্পীগৰাকীক ৷ ডিব্ৰুগড় খোৱাঙত এসময়ত আত্মগোপন কৰা তথা উক্ত সময়ছোৱাত বৰশী বোৱা বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতি বিজড়িত ডিব্ৰুগড় খোৱাঙৰ সোণপাহি ঘাটত মৰাণহাট প্ৰেছ ক্লাবে ৰাভা দিৱসৰ আয়োজন কৰে । পুৱা বৃক্ষ ৰোপণৰে কাৰ্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানটোত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ কাৰ্যসূচী সম্পন্ন হোৱাৰ পিচতেই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় । উল্লেখ্য যে, ৰাইজে বিষ্ণুপ্ৰসাদ ৰাভাই বৰশী বোৱা ডিমৌ নদীৰ উক্ত ঠাইখিনি সোণপাহী ঘাটৰূপে নামাকৰণ কৰিছে । খোৱাঙৰ ৰাইজে নামাকৰণ কৰা বিষ্ণু ৰাভাৰ স্মৃতি বিৰাজমান সোণপাহী ঘাটটো সংৰক্ষণৰ দাবী উত্থাপিত হৈ আহিছে যদিও আজি পৰ্যন্ত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি স্থানীয় লোকে সভাত উল্লেখ কৰে । বিষ্ণু প্ৰসাদ ৰাভাই বৰশী বোৱা স্মৃতি বিজড়িত এই 'সোণপাহি ঘাটতে' মৰাণহাট প্ৰেছক্লাৱে বিষ্ণুৰাভা দিৱসৰ সৈতে সংগতি ৰাখি ‘সোণপাহী ঘাটলৈ যাওঁ বলক’ শীৰ্ষক এক ব্যতিক্ৰমী কাৰ্যসূচী অনুষ্ঠিত কৰে ।

কৃষক, বনুৱাৰ মুক্তিৰ মন্ত্ৰ লৈ সমাজবাদী চিন্তাৰে প্ৰতিবাদী কন্ঠ হৈ দীঘেলীত আত্মগোপন কৰা কমিউনিষ্ট বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি মংগলবাৰে পুনৰ দোহাৰিলে বাক্সাৰ দীঘেলীবাসীয়ে । ৰাভা দিৱসৰ দিনটোত দীঘেলী হাইস্কুল প্ৰাঙ্গনত থকা কলাগুৰুৰ প্ৰতিচ্ছবিত স্মৃতি তৰ্পণ কৰি স্মৃতি দোহাৰি, দীঘেলী অঞ্চলৰ জমিদাৰী প্ৰথা তথা কৃষকৰ সমস্যা সমাধান আৰু মুক্তিৰ বাবে বিষ্ণু ৰাভাৰ নেতৃত্বত আন্দোলন গঢ় লৈ উঠিছিল বুলি কয় স্থানীয় জ্যেষ্ঠলোকে । গীত, মাত, খেলৰ জৰিয়তে ৰাভাই আন্দোলনৰ প্ৰতি ৰাইজক সজাগ কৰি তুলিছিল বুলি উল্লেখ কৰে জ্যেষ্ঠলোকসকলে । ক’লা পতাকা উৰুৱাই ৰাভাই স্বাধীনতাক প্ৰত্যাখ্যান কৰা বুলি দোহাৰে । বিষ্ণু ৰাভাৰ মুক্তিৰ পথৰ পথিক দীঘেলীৰ ৰাইজে আজিও বিষ্ণু ৰাভাৰ প্ৰাসংগিকতা আছে বুলি দোহাৰি কৃষকৰ মুক্তিৰ বাবে আকৌ বিষ্ণু ৰাভা লাগে বুলি মত প্ৰকাশ কৰে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে জোনাইৰ চিমেন চাপৰি শাখা সাহিত্য সভাৰ উদ্যোগত আৰু চিমেন চাপৰিবাসীৰ সহযোগত আজি চিমেন চাপৰি শংকৰদেৱ শিশু নিকেতনত 54 সংখ্যক বিঞ্চুপ্ৰসাদ ৰাভা দিৱস দিনজোৰা বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্য্যসূচীৰে উদযাপন কৰা হয় । পুৱা 11 বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানত ৰাভা সংগীত, থিতাতে লিখা ৰচনা, বক্তৃতা, কবিতা আবৃত্তি, সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা আদি অনুষ্ঠানৰ আয়োজন কৰে উদ্যেক্তাসকলে ।

নগাঁও জিলাৰ হোজাইৰ 75 বছৰীয়া বিদ্যালয়ত সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয় ৷ দিৱসটোৰ সৈতে সংগতি ৰাখি শিক্ষাৰ্থীৰ মাজত মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । শিক্ষকৰ লগতে শিক্ষাৰ্থীসকলেও ৰাভা সন্দৰ্ভত বক্তব্য প্ৰদান কৰাৰ লগতে আবৃত্তি, গীত আদি পৰিৱেশন কৰে ।

কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটত অসম সাহিত্য সভাৰ উদ্যোগত, কাৰ্বি আংলং জিলা সাহিত্য সভাৰ আতিথ্যত আৰু বকলীয়াঘাট শাখা সাহিত্য সভাৰ সহযোগত কেন্দ্ৰীয় ভাৱে বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱসটি উদযাপন কৰা হয় ৷ অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকা ৷ সভাখনত মুখ্য অতিথি হিচাৱে অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা পদ্মশ্ৰী ৰংবং তেৰাঙে ৷ বিষ্ণুপ্ৰসাদ ৰাভাই কাৰ্বি আংলং ভ্ৰমণ কালত কাৰ্বি জনগোষ্ঠীটোৰ ভাষা, সাহিত্য আৰু সংস্কৃতিৰ বিষয়ত গভীৰ অধ্যয়ন কৰিছিল বুলি উল্লেখ কৰি ৰাভাই কাৰ্বিসকলক অসমৰ কলম্বাছ বুলি অভিহিত কৰিছিল বুলি তেৰাঙে উল্লেখ কৰে ৷

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে দুলীয়াজানতো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস পালন কৰা হয় । দুলীয়াজান সাহিত্য সভাৰ উদ্যোগত সাহিত্য ভৱনত উত্তৰণ কবি চক্ৰ‌‌, লেখিকা সমাৰোহ সমিতি আৰু লেখিকা সংস্থাৰ যৌথ সহযোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস পালন কৰা হয় ৷

লগতে পঢ়ক : Bishnu Prasad Rabha : সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাক মৃত্যু বাৰ্ষিকীত স্মৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.