ETV Bharat / state

বিজেপিয়ে এতিয়া ধৰ্মৰ ৰাজনীতি কৰিছে : Wazed Ali Choudhury

author img

By

Published : Nov 19, 2021, 7:22 PM IST

Wazed Ali Choudhury against BJP Govt
এ আই ইউ ডি এফ, বিজেপিক সমালোচনা ৱাজেদ আলী চৌধুৰীৰ

BJP আৰু AIUDF এটা মুদ্ৰাৰ ইপিঠি সিপিঠি । দুয়োটা সাম্প্ৰদায়িক দল । অসমত AIUDF থকালৈকে বিজেপিৰ জয়যাত্ৰা অব্যাহত থাকিব । এই মন্তব্য দক্ষিণ শালমাৰাৰ বিধায়ক ৱাজেদ আলী চৌধুৰী(Wazed Ali Choudhury)ৰ ।

ধুবুৰী, ১৯ নৱেম্বৰ: বিধানসভা নিৰ্বাচন(Assembly Election)ৰ পাচতে ভংগ হৈছিল মহাজোঁট বন্ধন । মিত্ৰতাৰ বান্ধোন ছিঙি যোৱাৰ পিছৰে পৰাই কংগ্ৰেছ(Congress) আৰু এ আই ইউ ডি এফ(AIUDF)ৰ নেতাসকলৰ মাজত আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি । কংগ্ৰেছ নেতা তথা দক্ষিণ শালমাৰাৰ বিধায়ক ৱাজেদ আলী চৌধুৰী(Wazed Ali Choudhury)য়ে এইবাৰ পুনৰ বিজেপি আৰু এ আই ইউ ডি এফক উদ্দেশ্যি কৰিলে আক্ৰমণাত্মক মন্তব্য । দৰাচলতে, কেইদিনমান পূৰ্বে কংগ্ৰেছৰ বিধায়কগৰাকীয়ে এ আই ইউ ডি এফৰ কাৰ্যালয়ত তলা ওলোমাই বদৰুদ্দিন আজমল(Badaruddin Ajmal)ক কংগ্ৰেছত চামিল হ'বলৈ আহ্বান জনাইছিল ।

কিন্তু আজমলে উভতি ধৰিছিল কংগ্ৰেছ নেতা ৱাজেদ আলীক । আজমলে দাবী কৰিছিল যে, বিগত বিধানসভা নিৰ্বাচনত আজমলে ৱাজেদ আলীক জয়ী কৰাইছিল । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৱাজেদ আলীয়ে কয় যে, এ আই ইউ ডি এফ যিমান দিনলৈকে থাকিব, তেতিয়ালৈকে অসমত বিজেপিৰ চৰকাৰ থাকিব । তেওঁৰ মতে, বিজেপি সাম্প্ৰদায়িক দল আৰু এ আই ইউ ডি এফেও কেৱল এটা ধৰ্মক লৈ ৰাজনীতি কৰে ।

বিজেপিয়ে এতিয়া ধৰ্মৰ ৰাজনীতি কৰিছে : Wazed Ali Choudhury

তেওঁ লগতে কয় যে, বিজেপিয়ে আন ধৰ্মক ঘৃণা কৰে । তেওঁ বিজেপিক সমালোচনা কৰি কয় যে, বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী হ'ব বুলি কৈ বিজেপিয়ে অসমৰ এটা শ্ৰেণীৰ লোকক পৃথক কৰি লৈছে ।

লগতে ৱাজেদ আলী চৌধুৰীয়ে পুনৰ পৰোক্ষভাৱে এ আই ইউ ডি এফৰ কাৰ্যালয়ত তলা লগাই কংগ্ৰেছত চামিল হোৱা বিষয়ত চিন্তা চৰ্চা কৰিবলৈ আজমলক আহ্বান জনায় । আনহাতে, কংগ্ৰেছৰ কেইবাগৰাকীও বিধায়কে এ আই ইউ ডি এফত যোগদানৰ কৰা বুলি চলা চৰ্চা সন্দৰ্ভত ৱাজেদ আলীয়ে কয় যে, এয়া গছত গৰু উঠা ধৰণৰ কথা । ইফালে, মূল্যবৃদ্ধি সন্দৰ্ভত বিজেপি চৰকাৰক সমালোচনা কৰি ৱাজেদ আলী চৌধুৰীয়ে কয় যে, মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছে ধাৰাবাহিক প্ৰতিবাদ চলাই আছে আৰু এই প্ৰতিবাদ অব্যাহত থাকিব ।

তেওঁ লগতে কয় যে, বিজেপি চৰকাৰে কেৱল ধৰ্মৰ নামত, মন্দিৰ মছজিদৰ নামত ৰাজনীতি কৰি আছে । চৰকাৰৰ ধন নাই বাবে বিধায়ক পুঁজি কৰ্তন কৰিছে । বিজেপিয়ে উন্নয়নৰ নামত কেৱল ভেকো ভাওনাহে কৰিছে । ইফালে, মিত্ৰতা ভংগ কৰাৰ পিছত কংগ্ৰেছে 'একলা চলো নীতি'ৰে আগবাঢ়িছে বুলি মন্তব্য কৰে ৱাজেদ আলী চৌধুৰীয়ে ।

লগতে পঢ়ক:ধন দাবীৰ অভিযোগত সংগঠনৰ পৰা বহিষ্কাৰ ছাত্ৰ নেতাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.