ধন দাবীৰ অভিযোগত সংগঠনৰ পৰা বহিষ্কাৰ টাইপাৰ নেতা

author img

By

Published : Nov 19, 2021, 2:28 PM IST

Updated : Nov 19, 2021, 8:16 PM IST

press-meet-of-taypa-at-moran

15 নৱেম্বৰ তাৰিখে ডিব্ৰুগড়ৰ খোৱাঙৰ ব্যৱসায়ী এজনৰ পৰা লালী গুৰ ব্যৱসায় কৰাৰ অপৰাধত মৰাণ আবকাৰী আৰু টাইপাৰ কেইজনমান নেতাই দাবী ধমকি দি 2 লাখ টকা লোৱাৰ অভিযোগ উঠিছিল ৷ আইনৰ পৰা দোষমুক্ত নোহোৱালৈকে তেওঁলোকক সংগঠনৰ পৰা অব্যাহতি দিয়া হৈছে ৷ এইবুলি সদৰি কৰে মৰাণত অনুষ্ঠানত এক সংবাদমেলত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোঁহাইয়ে ৷

মৰাণ, 19নৱেম্বৰ : একাংশ জাতীয় সংগঠনৰ দায়িত্বত থকা এচাম নেতাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে ধন সংগ্ৰহৰ ৷ সংগঠনৰ নাম শুনিলেই এতিয়া আতংকিত হৈ পৰে বহু ব্যৱসায়ী ৷ বিগত 15 নৱেম্বৰ তাৰিখে ডিব্ৰুগড়ৰ খোৱাঙৰ ব্যৱসায়ী এজনৰ পৰা লালী গুৰৰ ব্যৱসায় কৰা বাবে মৰাণ আবকাৰী আৰু টাইপাৰ কেইজনমান নেতাই দাবী ধমকি দি 2 লাখ টকা লোৱা এক অভিযোগ উত্থাপিত হৈছিল ।

ইতিমধ্যে বুধবাৰে ভুক্তভোগী ব্যৱসায়ীজনে টাইপাৰ এই তিনি নেতাৰ বিৰুদ্ধে আৰক্ষী থানাত এখন এজাহাৰ দিয়ে ৷ এই এজেহাৰৰ ওপৰত ভিত্তি কৰি টাইপাৰ পৰা মৰাণ মহকুমা সমিতিৰ তিনি অভিযুক্ত নেতাক অব্যাহতি দিয়া হয় । বৃহস্পতিবাৰে মৰাণত অনুষ্ঠানত এক সংবাদমেলত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোঁহাইয়ে এই কথা সদৰি কৰে ৷

জানিব পৰা মতে অব্যাহতি দিয়া নেতা কেইজন ক্ৰমে মৰাণ মহকুমা সমিতিৰ কাৰ্যকৰী সভাপতি অনুপম বৰপাত্ৰ গোহাঁই, মৰাণ মহকুমা সমিতিৰ যুটীয়া সম্পাদক মিণ্টু গগৈ আৰু সহকাৰী সম্পাদক অভিজিৎ বেজবৰুৱা । এই সভাখনত তিনিওজন নেতা আইনৰ পৰা দোষমুক্ত নোহোৱালৈকে তেওঁলোকক সংগঠনৰ পৰা অব্যাহতি দিয়া হৈছে বুলিও কয় কেন্দ্ৰীয় সমিতিৰ সম্পাদকজনে ৷

লগতে সংবাদমেলখনত মৰাণ মহকুমা সমিতিৰ সভাপতি পলাশ জ্যোতি বৰগোহাঁ‌ই উপস্থিত থাকে ৷ এই সমগ্ৰ বিষয়টোৰ দ্বাৰা সংগঠনটোক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ কৰা এক ষড়যন্ত্ৰ বুলিও উল্লেখ কৰে কেন্দ্ৰীয় সমিতিৰ সম্পাদকজনে ।

লগতে পঢ়ক: জাতীয় সংগঠনৰ নেতাৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ

Last Updated :Nov 19, 2021, 8:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.