ETV Bharat / state

ধুবুৰী অসামৰিক চিকিৎসালয়ৰ পৰা গ্ৰেপ্তাৰ তিনিজন মধ্যভোগী

author img

By

Published : Sep 16, 2021, 11:53 AM IST

Three broker arrested in Dhubri
ধুবুৰী অসামৰিক চিকিৎসালয়ৰ পৰা গ্ৰেপ্তাৰ দালাল

ধুবুৰী অসামৰিক চিকিৎসালয়ত দালালৰ দৌৰাত্ম্য । ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ তিনিটাকৈ দালাল ৷

ধুবুৰী, 16 ছেপ্টেম্বৰ : ধুবুৰী জিলাৰ বিভিন্ন স্থানত দালালৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে । আৰক্ষীৰ এই অভিযানৰ সময়তে ধুবুৰী অসামৰিক চিকিৎসালয়ৰ পৰা বুধবাৰে গ্ৰেপ্তাৰ কৰা হয় তিনিজনকৈ দালালক । এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ধুবুৰীত ।

আৰক্ষীয়ে আটক কৰা দালালকেইটা ক্ৰমে ৰাব্বু শেখ, চাজিদুল হুছেইন আৰু আল ফাৰুক হুছেইন বুলি জানিব পৰা হৈছে ৷ চিকিৎসালয়খনত দীৰ্ঘদিন ধৰি একাংশ দালালৰ দৌৰাত্ম্য চলি থকাৰ অভিযোগ বহুদিন পূৰ্বৰে পৰা উত্থাপিত হৈ আহিছিল । একাংশ ৰোগীৰ আত্মীয়ই বিভিন্ন সময়ত দালালৰ বাবে চৰম হাৰাশাস্তিৰ সন্মুখীন হৈ অহাৰো অভিযোগ উত্থাপন হৈছিল ।

ধুবুৰী অসামৰিক চিকিৎসালয়ৰ পৰা গ্ৰেপ্তাৰ দালাল

এনে এগৰাকী ৰোগীৰ আত্মীয়ই এই সন্দৰ্ভত ধুবুৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৷ এই এজাহাৰৰ ভিত্তিত বুধবাৰে ধুবুৰী চহৰৰ আৰক্ষীৰ উপ পৰিদৰ্শক ত্ৰিলোচন দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ধুবুৰী অসামৰিক চিকিৎসালয় চৌহদৰ পৰা তিনিটাকৈ দালালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে, এই এজাহাৰত দালাল চক্ৰই চিকিৎসকৰ পৰামৰ্শ ল’বলৈ যোৱা ৰোগী আৰু ৰোগীৰ আত্মীয়ক বিপথে পৰিচালিত কৰাৰ লগতে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত কৰা হৈছিল । উক্ত এজাহাৰৰ ভিত্তিতে ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দালাল তিনিজনক ।

লগতে পঢ়ক : অৱশেষত আৰক্ষীৰ জালত ডিব্ৰুগড়ৰ SBI কাণ্ডৰ অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.