ETV Bharat / state

Cattle syndicate in Assam: বিলাসী বাহনত চোৰাংভাৱে সৰবৰাহ কৰা গৰু উদ্ধাৰ, আটক এজন

author img

By

Published : Feb 10, 2023, 10:47 PM IST

Cow recovered from luxury car in Dhubri
বিলাসী বাহনসহ আটক সৰবৰাহকাৰী

গো সুৰক্ষা আইন বলবৎ হোৱাৰ পিছতো ৰাজ্যত অব্যাহত আছে গৰুৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং বেহা । ধুবুৰীৰ হালাকুৰা আৰক্ষীৰ অভিযানত চোৰাং গৰু উদ্ধাৰ কৰাৰ লগতে বিলাসী বাহনসহ আটক হয় সৰবৰাহকাৰী(Smuggled cows recovered in luxury vehicles) ।

বিলাসী বাহনসহ আটক সৰবৰাহকাৰী

ধুবুৰী,10 ফেব্ৰুৱাৰী: ৰাজ্য চৰকাৰে পশুধনক সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে 2021 চনত গো-সুৰক্ষা আইন প্ৰণয়ন কৰিছিল ৷ এই গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ চোৰাং বেহা আৰু অবৈধভাৱে গৰুৰ মাংস বিক্ৰী কৰা লোকৰ ওপৰত কঠোৰ শাস্তি প্ৰদানৰ দিহা কৰা হৈছে ৷ কিন্তু ৰাজ্য চৰকাৰে গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ সৰবৰাহত বাধা আৰোপ কৰিছে যদিও এতিয়াও ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ (Cattle syndicate in Assam) ৷

ইফালে গৰুৰ অবৈধ সৰবৰাহ ৰোধ কৰাৰ ক্ষেত্ৰত পূৰ্বতকৈ অধিক কঠোৰ হৈছে অসম আৰক্ষী । বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে ইতিমধ্যে বহু চোৰাংভাৱে সৰবৰাহ কৰা গৰু উদ্ধাৰৰ লগতে সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । কিন্তু আৰক্ষীৰ চকুত ধূলি দি সৰবৰাহকাৰীয়ে গৰু সৰবৰাহৰ ক্ষেত্ৰত বহু নতুন নতুন পন্থা হাতত লোৱা দেখা গৈছে । কেতিয়াবা যদি নৈশ বাছৰ ভিতৰত, কেতিয়াবা আকৌ কণ্টেইনাৰ বাহনৰ ভিতৰত লুকাই গৰু সৰবৰাহ কৰিছে অসাধু চক্ৰটোৱে (Cattle smuggling in Assam) ।

কেৱল ইমানেই নহয়, বিগত কেইবছৰ ধৰি অসমৰ বিভিন্ন সীমান্ত অঞ্চলেদি বাংলাদেশলৈ গৰুৰ চোৰাং সৰবৰাহ চলি আছে । বিশেষকৈ ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰে ভয়াৱহভাৱে চলিছিল গৰুৰ চোৰাং সৰবৰাহৰ লগতে ব্যৱসায় । গঢ় লৈ উঠিছিল গৰুৰ এক আন্তঃৰাষ্ট্ৰীয় বৃহৎ ছিণ্ডিকেট । তাৰ পিছতেই পশুধনক সুৰক্ষা দিয়াৰ উদ্দেশ্যে আৰু গৰুৰ চোৰাং ছিণ্ডিকেট বন্ধ কৰাৰ বাবে অসমত বলবৎ কৰা হৈছিল গো সুৰক্ষা আইন । সমান্তৰালভাৱে আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনী কঠোৰ হোৱাৰ ফলত এক প্ৰকাৰ বন্ধ হ’বলৈ ধৰিছিল গৰুৰ চোৰাং সৰবৰাহ আৰু ব্যৱসায় ।

কিন্তু আৰক্ষী যদি ডালে ডালে, চোৰাং সৰবৰাহকাৰীও যেন পাতে পাতে । কাৰণ আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই অহাৰ সময়তে আৰক্ষীৰ চকুত ধূলি দিবলৈ গৰুৰ চোৰাং সৰবৰাহকাৰীয়ে নতুন নতুন কৌশল অৱলম্বন কৰি আহিছে । এইবাৰ ব্যক্তিগত বিলাসী বাহনত গৰু উঠাই সৰবৰাহ কৰিছে চোৰাং ছিণ্ডিকেট চক্ৰই । তেনে এক গোপন তথ্যৰ ভিত্তিত ধুবুৰীৰ হালাকুৰা আৰক্ষী চকীৰ এটা অভিযানকাৰী দলে অভিযান চলাই পাঁচটাকৈ গৰু উদ্ধাৰ কৰাৰ লগতে বিলাসী বাহনসহ এজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় (Cow recovered from luxury car in Dhubri)।

জানিব পৰা মতে, চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা ছাগলীয়া হৈ ৰাষ্ট্ৰীয় ঘাইপথেৰে গৌৰীপুৰ অভিমুখে গৈ থকা সময়তে আৰক্ষীয়ে তালাচী চলায় । আৰক্ষীৰ তালাচীত হালাকুৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা WB-70C / 1196 নম্বৰৰ এখন ইণ্ডিগো বাহনসহ পাঁচটা গৰু জব্দ কৰে (Smuggled cows recovered in luxury vehicles) । লগতে এই গৰুৰ চোৰাং কাৰবাৰৰ সৈতে জড়িত থকা মেহেৰ জামাল সেখ নামৰ এজনক গ্ৰেপ্তাৰ কৰে । অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ধৃত মেহেৰ জামাল শেখক ৷

লগতে পঢ়ক: Cattle syndicate: বিলাসী বাহনৰ ভিতৰৰ পৰা ওলাল ৪ টাকৈ চোৰাং গৰু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.