ETV Bharat / state

ৰাজ্যৰ চুকে কোণে অব্যাহত প্ৰতিবাদ : সান্ধ্য আইন জাৰি মহানগৰীত !

author img

By

Published : Dec 12, 2019, 1:13 PM IST

অধিক তীব্ৰতৰ হৈ পৰিছে প্ৰতিবাদৰ জুই
অধিক তীব্ৰতৰ হৈ পৰিছে প্ৰতিবাদৰ জুই

বহু বিতৰ্কিত কেব গৃহীত হোৱাৰ পিচত ৰাজ্যত অধিক তীব্ৰতৰ হৈ পৰিছে প্ৰতিবাদৰ জুই ৷ ধুবুৰীৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাধাৰণ জনতাৰ ৷ সান্ধ্য আইন জাৰি কৰাৰ ফলত সম্পূৰ্ণ স্তব্ধ হৈ পৰিছে গুৱাহাটী মহানগৰী ৷ কলগাছিয়াতো দেখিবলৈ পোৱা গ'ল কেব বিৰোধী প্ৰতিবাদ ৷

নিউজ ডেস্ক, 12 ডিচেম্বৰ: বুধবাৰে ৰাজ্যসভাৰ মজিয়াত বহু বিতৰ্কিত কেব গৃহীত হোৱাৰ পিচত ৰাজ্যত অধিক তীব্ৰতৰ হৈ পৰিছে প্ৰতিবাদৰ জুই ৷

ধুবুৰী: ধুবুৰীৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাধাৰণ জনতাৰ ৷ বিলাসীপাৰাৰ টিলাপৰা অঞ্চলৰ 31নং ৰাষ্ট্ৰীয় ঘাইপথত ওলাই আহিল একাংশ লোক ৷ চৰকাৰ বিৰোধী শ্লোগানেৰে ৰাইজৰ উত্তাল প্ৰতিবাদ সাব্যস্ত ৷

ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাধাৰণ জনতাৰ

গুৱাহাটী: ইতিমধ্যে সান্ধ্য আইন জাৰি কৰাৰ ফলত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে গুৱাহাটী মহানগৰী ৷ বেৰিকেড লগাই বন্ধ কৰি দিয়া হৈছে খানাপাৰাস্থিত মুখ্য প্ৰৱেশদ্বাৰ ৷ মোতায়েন কৰা হৈছে অধিক সেনা জোৱান ৷ জাৰি কৰিছে সেনাৰ ফ্লেগ মাৰ্চ ৷

সান্ধ্য আইন জাৰি মহানগৰীত


কলগাছিয়া: কলগাছিয়াতো দেখিবলৈ পোৱা গ'ল কেব বিৰোধী প্ৰতিবাদ ৷ কলগাছিয়াৰ চেনিমাৰিত দল-সংগঠন নিৰ্বিশেষে জঁপিয়াই পৰিছে আন্দোলনত ৷ আন্দোলনকাৰীয়ে দাহ কৰিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি ৷

আন্দোলনকাৰীয়ে দাহ কৰিলে প্ৰতিকৃতি

লগতে পঢ়ক: মহানগৰীত সেনাৰ ফ্লেগ মাৰ্চ, স্তব্ধ জনজীৱন !

Intro:বুধবাৰে ৰাজ্যসভাৰ মজিয়াত বিতৰ্কিত কেব গৃহীত হোৱাৰ পিছতো ৰাজ্যত জ্বলিছে প্ৰতিবাদৰ জুই। ধুবুৰীৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাধাৰণ জনতাৰ।Body:জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাৰ মজিয়াত গৃহীত হোৱাৰ পিছত আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত জ্বলিছে প্ৰতিবাদৰ জুই। ধুবুৰীৰ বিলাসিপাৰাৰ টিলাপৰা অঞ্চলৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথত ৰাতিপুৱাই ওলাই আহিল সাধাৰণ ৰাইজ। ৰাজপথত টায়াৰ জ্বলাই চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সাধাৰণ জনতাই।Conclusion:মুঠৰ ওপৰত কেবৰ বিৰুদ্ধে ৰাজপথত ওলাই আহিছে ধুবুৰীৰ সাধাৰণ জনতা।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.