ETV Bharat / state

ধুবুৰীত আটক গঁড়ৰ চোৰাং খৰ্গৰ ব্যবসায়ী

author img

By

Published : Jan 22, 2021, 8:21 PM IST

গঁড়ৰ চোৰাং খৰ্গৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় প্ৰায় দুই কিলো ওজনৰ গঁড়ৰ খৰ্গৰ লগতে চাৰিজন লোকক গ্ৰেপ্তাৰ ৷ এই গড়ৰ খৰ্গৰ বৰ্তমান বজাৰ মূল্য আনুমানিক প্ৰায় ১ কোটি টকাৰ ওপৰত হ'ব বুলি জনালে আৰক্ষীয়ে ৷ ১১১/২১ নম্বৰত এক গোচৰ ৰুজু কৰি চাৰি চোৰাং খৰ্গ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰি হাজিৰ কৰায় ধুবুৰী আদালতত ৷

police_raid_dhuburi
ধুবুৰীত আটক গঁড়ৰ চোৰাং খৰ্গৰ ব্যবসায়ী

ধুবুৰী,22 জানুৱাৰী : গঁড়ৰ চোৰাং খৰ্গৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান ৷ অভিযানত উদ্ধাৰ হয় প্ৰায় দুই কিলো ওজনৰ গঁড়ৰ খৰ্গ আৰু লগতে চাৰি জন লোকক গ্ৰেপ্তাৰ কৰে ধুবুৰী আৰক্ষীয়ে ৷ ধুবুৰীৰ ঝগৰাৰপাৰ অঞ্চলত আৰক্ষীয়ে চলাইছিল এই অভিযান ৷ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰ্মনৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এক গোপন তথ্যৰ ভিত্তিত ঝগৰাৰপাৰৰ ভাঙাৰপাৰৰ নুৰ মহম্মদ নামৰ এজন লোকৰ ঘৰত অভিযান চলায় ৷ এই অভিযানতে উদ্ধাৰ হয় প্ৰায় দুই কিলো ওজনৰ গঁড়ৰ খৰ্গ আৰু ইয়াৰ পাছতেই নুৰ মহম্মদ নামৰ লোকজনক আটক কৰে আৰক্ষীয়ে ৷

police_raid_dhuburi
ধুবুৰীত আটক গঁড়ৰ চোৰাং খৰ্গৰ ব্যবসায়ী

ইপিনে এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত ঝগৰাৰপাৰ চতুৰ্থ খণ্ড গাঁওৰ আজাহাৰুল ইছলাম আৰু জিয়াউল হকক আটক কৰাৰ লগতে গৌৰীপুৰৰ পৰা ৰাজু সৰকাৰ নামৰ আন এজনক আটক কৰে আৰক্ষীয়ে । ধুবুৰী আৰক্ষীয়ে বৰ্তমান গড়ৰ খৰ্গৰ চাৰি চোৰাং ব্যাৱসায়ীৰ বিৰুদ্ধে ধুবুৰী সদৰ আৰক্ষী থানাত ১১১/২১ নম্বৰত এক গোচৰ ৰুজু কৰি চাৰি চোৰাং খৰ্গ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে আৰু ধুবুৰী আদালতত হাজিৰ কৰায় ৷ প্ৰাপ্ত তথ্য অনুসৰি, এই ক্ষেত্ৰত আৰু অধিক তথ্য উদঘাটনৰ বাবে চাৰি চোৰাংকাৰীক পুনৰ তিনিদিনৰ বাবে নিজৰ জিম্মালৈ নিয়ে ধুবুৰী আৰক্ষীয়ে ৷

ধুবুৰীত আটক গঁড়ৰ চোৰাং খৰ্গৰ ব্যবসায়ী

উল্লেখ্য যে, আৰক্ষীয়ে উদ্ধাৰ কৰা এই গড়ৰ খৰ্গৰ বৰ্তমান বজাৰ মূল্য প্ৰায় ১ কোটি টকাৰ ওপৰত হ'ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : লাঠিৰে কোবাই কোবাই হত্যা শুকুৰ আলীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.