ETV Bharat / state

3 কোটি টকীয়া পথৰ নমুনাঃ ঠিকাদাৰৰ বিৰুদ্ধে তদন্তৰ দাবী ৰাইজৰ

author img

By

Published : Feb 28, 2020, 12:44 PM IST

People demanded investigation of 3 crore Road scam in Mancacher
3 কোট টকীয়া পথৰ নমুনাঃ ঠিকাদাৰৰ বিৰুদ্ধে তদন্তৰ দাবী ৰাইজৰ

মানকাচাৰৰ চাৰবাৰিত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ হোৱা এটা পথত ব্যাপক অনিয়মৰ ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ৰাইজৰ । পথটো নিৰ্মাণৰ বাবদ ৩ কোটি ৬৬ লাখ টকা আবন্টন দিছিল চৰকাৰে ।

ধুবুৰী,28 ফেব্ৰুৱাৰী: ধুবুৰী গড়কাপ্তানী বিভাগৰ পথ সংমণ্ডলৰ অধীনত মানকাচাৰত নিৰ্মাণ হৈ থকা এটা পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ ৷ মানকাচাৰৰ চাৰবাৰিত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনাত নিৰ্মাণ হোৱা এটা পথত ব্যাপক অনিয়মৰ ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ৰাইজৰ। দৰাচলতে দক্ষিণ শালমৰা মানকাচাৰ জিলাৰ চাৰবাৰিত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে।

3 কোট টকীয়া পথৰ নমুনাঃ ঠিকাদাৰৰ বিৰুদ্ধে তদন্তৰ দাবী ৰাইজৰ

উল্লেখ্য যে, গড়কাপ্তানী বিভাগৰ ধুবুৰী গ্ৰাম্য পথ সংমণ্ডলৰ অধীনত ২০১৯-২০ বিত্তীয় বৰ্ষৰ চাৰবাৰি এইচ এম ৰোডৰ পৰা উৰামাৰীলৈ প্ৰায় ডেৰ কিল'মিটাৰ দৈৰ্ঘ্যৰ এটা পকী পথ নিৰ্মাণৰ বাবদ ৩ কোটি ৬৬ লাখ টকা আবন্টন দিছে চৰকাৰে । উক্ত কামৰ ঠিকা লাভ কৰিছে গুৱাহাটীস্থিত আমিনুৰ ৰহমান নামৰ এজন ঠিকাদাৰে ৷ কিন্তু উক্ত অঞ্চলৰে স্থানীয় বাসিন্দা আখতাৰ হুছেইন নামৰ এজন চৰকাৰী বিদ্যালয়ৰ শিক্ষকে কোটি টকীয়া কামটোৰ উপ ঠিকা লৈ নিম্নমানৰ সামগ্ৰীৰে কাম কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে ৷ ক্ষোভিত ৰাইজে ঘটনাৰ উচিত তদন্ত কৰি পথ নিৰ্মাণৰ কাম ভালকৈ কৰাৰ বাবে প্ৰশাসন তথা চৰকাৰক দাবী জনাইছে ৷

Teacher Akhter Hussain
শিক্ষকতা এৰি ঠিকাদাৰী কামত ব্যস্ত থকা শিক্ষক আখতাৰ হুছেইন

ইয়াৰ উপৰিও চৰকাৰী দৰমহাত পৰিয়াল নচলা শিক্ষক আখতাৰ হুছেইনে শিক্ষকতা এৰি ঠিকাদাৰী কামত ব্যস্ত থকাৰ গুৰুতৰ অভিযোগ তুলি শিক্ষকজনৰ বিৰুদ্ধে আইনগত বিহিত ব্যৱস্থা ল'বলৈ প্ৰশাসন তথা চৰকাৰক দাবী জনায় ক্ষোভিত ৰাইজে ৷

লগতে পঢ়ক: টীয়কৰ যুৱ শিক্ষক কংকণ কিশোৰ দত্তলৈ ৰাষ্ট্ৰীয় সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.