ETV Bharat / state

ধুবুৰীত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

author img

By

Published : Mar 17, 2020, 6:31 PM IST

ধুবুৰীত যুৱকৰ মৃতদেহ উদ্ধাৰ ৷ সমৰ ৰজক নামৰ যুৱকজনক হত্যাৰ সন্দেহ যুৱকজনৰ পৰিয়ালবৰ্গৰ ৷

one-deathbody-recovered-at-dhubri
ধুবুৰীত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

ধুবুৰী,17 মাৰ্চঃ ধুবুৰীত এজন যুৱকৰ মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য ৷ ধুবুৰী সদৰ আৰক্ষী থানাৰ অন্তৰ্গত কাৰাই ফেক্টৰী এলেকাত উদ্ধাৰ হয় স্থানীয় সমৰ ৰজক নামৰ ৩৫ বছৰীয়া এজন যুৱকৰ মৃতদেহ ৷ সন্ধিয়া ঘৰৰ পৰা ওলাই যোৱা যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয় মাজনিশা ৷ যুৱকজনক হত্যাৰ সন্দেহ কৰিছে পৰিয়ালে ৷ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে । ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কোনো তথ্য পোহৰলৈ অহা নাই ৷

ধুবুৰীত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
লগতে পঢ়কঃ উহান চিটিৰ পৰা প্ৰাণ লৈ উভতিল মঙলদৈৰ ছাত্ৰ গৌৰৱ নাথ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.