ETV Bharat / state

Nipon Goswami death: ধুবুৰী আৰু ডিব্ৰুগড়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

author img

By

Published : Oct 28, 2022, 10:35 AM IST

Tribute
ধুবুৰী আৰু ডিব্ৰুগড়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ধুবুৰী প্ৰেছ ক্লাবৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় । সদৌ ডিব্ৰুগড় জিলা ছাত্র সন্থাইও ডিব্ৰুগড়ৰ কাৰ্যালয়ৰ চৌহদত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে (Tribute ceremony of Dibrugarh AASU)। ৰাজ্যৰ ভিন্ন প্ৰান্তত অভিনেতাগৰাকীৰ স্মৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।

নিউজ ডেস্ক,২৮ অক্টোবৰ : অসমীয়া চলচ্চিত্ৰ জগতৰ ভোটা তৰা স্বৰূপ অভিনেতা নিপন গোস্বামীৰ বিয়োগত (Veteran actor Nipon Goswami is no more) আজি মৰ্মাহত ৰাজ্যবাসী । দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি (PM Modi condoles death of Nipon Goswami) অসম মুখ্যমন্ত্ৰী, ৰাজনৈতিক নেতা, সাহিত্যিক, অভিনেতা-অভিনেত্ৰী সকলোৱে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ।

ৰাজ্যৰ ভিন্ন প্ৰান্তত অভিনেতাগৰাকীক স্মৰণ কৰা দেখা গৈছে । বিভিন্ন স্থানত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে (Nipon Goswamis tribute ceremony)। বৃহস্পতিবাৰে সন্ধিয়া ধুবুৰী প্ৰেছ ক্লাবৰ উদ্যোগতো ধুবুৰী চহৰৰ পাঁচমোড়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় । বিশিষ্ট অভিনেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই ধুবুৰী প্ৰেছ ক্লাৱৰ লগতে ধুবুৰীবাসীয়ে গভীৰ শোক প্ৰকাশ কৰে (Tribute ceremony of Dhubri press club)।

ধুবুৰী আৰু ডিব্ৰুগড়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

বিশিষ্ট অভিনেতা গৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি প্ৰথমে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় । লগতে শোকস্তব্ধ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে উপস্থিত ৰাইজে । ধুবুৰী প্ৰেছ ক্লাৱৰ উদ্যোগত আয়োজিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰেছ ক্লাৱৰ সভাপতি ৰাজীৱ শৰ্মা, সাধাৰণ সম্পাদক আমিনুৰ আহমেদ, উপ সভাপতি চৈয়দ নুৰুল আমিন, কাৰ্যকৰী সভাপতি ছাহানুৰ ইছলামকে ধৰি সকলো সদস্যৰ উপৰিও ধুবুৰী জিলা বিজেপিৰ সভাপতি প্ৰসেনজিৎ দত্ত, অগপ ধুবুৰী বিধান পৰিষদৰ সম্পাদক ছানোৱাৰ হুছেইন, সমাজ সেৱক শিমুল সৰকাৰ আৰু স্থানীয় বহু সংখ্যক লোক উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

ইফালে অভিনেতা গৰাকীৰ মৃত্যুৰ বাতৰিয়ে ৰাজ্যবাসীক মৰ্মাহত কৰাৰ সময়তে তেওঁৰ আত্মাৰ সদগতি কামনা কৰি সন্ধিয়া সদৌ ডিব্ৰুগড় জিলা ছাত্র সন্থাইও ডিব্ৰুগড়ৰ কাৰ্যালয়ৰ চৌহদত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে (Tribute ceremony of Dibrugarh AASU)। অনুষ্ঠানৰ জৰিয়তে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে আছুৱে । আনহাতে মৰাণত বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনালে অসমীয়া যুৱ মঞ্চই ।

ইয়াৰ সমান্তৰালভাৱে টিংখাঙত আঞ্চলিক ছাত্ৰ সন্থাই মাহমৰা থুলাই প্ৰাথমিক বিদ্যালয় খেলপথাৰত মাহমৰা সত্ৰীয়া সংগীত বিদ্যালয়ৰ উদ্যোগত প্ৰয়াত অভিনেতাগৰাকীলৈ শ্ৰদ্বাঞ্জলি জ্ঞাপন কৰা হয় ।

লগতে পঢ়ক :Nipon Goswami death : নিপন গোস্বামীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.