ETV Bharat / state

সবকা সাথ সবকা বিকাশৰ শ্ল’গান অসাৰ পূৱ বিলাসীপাৰাত

author img

By

Published : Mar 22, 2021, 1:20 PM IST

Updated : Sep 23, 2022, 12:41 PM IST

বিজেপিৰ শ্ল’গান আছিল সবকা সাথ সবকা বিকাশ । কিন্তু বিলাসীপাৰা পূৱ সমষ্টিত উল্লেখিত শ্ল’গান বাস্তৱত ৰূপায়ন নোহোৱাৰ অভিযোগ । সবকা সাথ সবকা বিকাশৰ পৰিৱৰ্তে কেইজন মানৰ সাথ কেইজন মানৰ হে বিকাশ হ’ল । এই চাঞ্চল্যকৰ ভাষ্য বিলাসীপাৰা পূৱ সমষ্টিৰ অসম জাতীয় পৰিষদ দলৰ মনোনীত প্ৰাৰ্থী ডাঃ কানুলাল দাসৰ ।

সবকা সাথ সবকা বিকাশ শ্ল’গান অসাৰ পূৱ বিলাসীপাৰাত !
সবকা সাথ সবকা বিকাশ শ্ল’গান অসাৰ পূৱ বিলাসীপাৰাত !

পূৱ বিলাসীপাৰা, 22মাৰ্চ: নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানে যেন ইজন প্ৰাৰ্থীয়ে আনজন প্ৰাৰ্থীক তীব্ৰ বাক্যবান এৰিবলৈ ধৰিছে । 27নং বিলাসীপাৰা পূৱ সমষ্টিৰ অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী ডাঃ কানুলাল দাসে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে । নিৰ্বাচনী প্ৰচাৰ চলাবলৈ চাপৰ ফলিমাৰীত আহি তীব্ৰ বাক্যবানেৰে থকা সৰকা কৰিলে বিজেপি বিধায়ক অশোক কুমাৰ সিংহীক ৷

বিজেপি বিধায়ক অশোক কুমাৰ সিংহীক কটাক্ষ কৰি কয় যে, বিজেপি বিধায়ক জনে বৈষম্যমূলক ভাৱে সমষ্টিটোত কাম কৰিছে । কাম অকল তুলনা মূলকভাৱে বাট-পথৰ হে কৰিছে । কিন্তু সামগ্ৰীক ভাৱে সমষ্টিটোৰ কোনো উন্নয়ন কৰা নাই বুলি দাসে অভিযোগ উত্থাপন কৰে । লগতে তেওঁ কয় যে স্বাস্থ্য, শিক্ষা, কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত বহু কৰণীয় আছিল সমষ্টিটোত ৷ কিন্তু একো কাম এই ক্ষেত্ৰত কৰিব পৰা নাই বিধায়ক অশোক কুমাৰ সিংহীয়ে ৷ এই বুলি সাংবাদিকৰ আগত অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী গৰাকীয়ে নিৰ্বাচনী সভাত মন্তব্য কৰে ।

উল্লেখ্য যে, বিলাসীপাৰা পূৱ সমষ্টিত বিজেপিৰ শ্ল’গান বাস্তৱত ৰূপায়ন নহ’ল ৷ সবকা সাথ সবকা বিকাশৰ পৰিৱৰ্তে কেইজন মানৰ সাথ কেইজন মানৰ হে বিকাশ হ’ল । এই চাঞ্চল্যকৰ ভাষ্য বিলাসীপাৰা পূৱ সমষ্টিৰ অসম জাতীয় পৰিষদ দলৰ মনোনীত প্ৰাৰ্থী ডাঃ কানুলাল দাসৰ । বিধায়ক অশোক কুমাৰ সিংহীহে বৈষম্যমূলক ভাৱে ঠাই বিশেষে কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে ডাঃ কানুলাল দাসে ।

লগতে পঢ়ক: সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে প্ৰদ্যুত বৰদলৈয়ে

Last Updated : Sep 23, 2022, 12:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.