ETV Bharat / state

সাংবাদিক ৰাজীৱ শৰ্মাৰ জামিন মঞ্জুৰ ধুবুৰী আদালতৰ

author img

By

Published : Jul 31, 2020, 10:54 PM IST

Duburi correspondent Rajib Sharma Granted Bail
সাংবাদিক ৰাজীৱ শৰ্মাৰ জামিন মঞ্জুৰ ধুবুৰী আদালতৰ

শুকুৰবাৰে ধুবুৰী আদালতত জামিন লাভ কৰে সাংবাদিক ৰাজীৱ শৰ্মাই ৷ অন্তৱৰ্তীকালীন জামিনৰ অন্তিম দিনা আদালতত হাজিৰ কৰাৰ পিচতেই সাংবাদিক গৰাকীক ধুবুৰী আদালতে জামিনত মুকলি কৰাৰ নিৰ্দেশ প্ৰদান কৰে ৷ বিগত 22 জুলাইত আদালতে সাংবাদিক গৰাকীৰ অন্তৱৰ্তীকালীন জামিন 31 জুলাইলৈ বৃদ্ধি কৰিছিল ৷

ধুবুৰী, 31 জুলাই : শুকুৰবাৰে ধুবুৰী আদালতত জামিন লাভ কৰে সাংবাদিক ৰাজীৱ শৰ্মাই ৷ অন্তৱৰ্তীকালীন জামিনৰ অন্তিম দিনা আদালতত হাজিৰ কৰাৰ পিচতেই সাংবাদিক গৰাকীক ধুবুৰী আদালতে জামিনত মুকলি কৰাৰ নিৰ্দেশ প্ৰদান কৰে ৷ বিগত 22 জুলাইত আদালতে সাংবাদিক গৰাকীৰ অন্তৱৰ্তীকালীন জামিন 31 জুলাইলৈ বৃদ্ধি কৰিছিল ৷

সাংবাদিক ৰাজীৱ শৰ্মাৰ জামিন মঞ্জুৰ ধুবুৰী আদালতৰ

উল্লেখ্য যে, 15 জুলাইৰ নিশা প্ৰায় 2 বজাত ধুবুৰীৰ এটা ব্যক্তিগত সংবাদ মাধ্যমৰ সাংবাদিক ৰাজীৱ শৰ্মাক গৌৰীপুৰৰ বাসগৃহৰ পৰা আৰক্ষী গ্ৰেপ্তাৰ কৰিছিল ৷ ইফালে, দুৰ্ভাগ্যজনক ভাবে ৰাজীৱ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পিচতে 16 জুলাইৰ দিনৰ ভাগত তেওঁৰ অসুস্থ পিতৃ সুধীন শৰ্মাই প্ৰাণ ত্যাগ কৰিছিল ৷

সাংবাদিক ৰাজীৱ শৰ্মাৰ জামিন মঞ্জুৰ ধুবুৰী আদালতৰ

সাংবাদিক গৰাকীৰ বিৰুদ্ধে সদ্য বদলি হোৱা তথা পূৰ্বৰ ধুবুৰী জিলা বন প্ৰাধীকৰণ বিষয়া বিশ্বজিৎ ৰায়ে ধন দাবী সন্দৰ্ভত দাখিল কৰা এক এজাহাৰৰ ভিত্তিত ধুবুৰী সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ 389,384,385,354 আৰু 506 ধাৰাৰ 903/2020 নম্বৰত ধুবুৰী সদৰ থানাত এটা গোচৰ পঞ্জীয়ন কৰি উক্ত গোচৰৰ ভিত্তিত সাংবাদিক শৰ্মাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ কিন্তু 16 জুলাইৰ বিয়লিৰ ভাগত ধুবুৰী আদালতে তিনি দিনৰ বাবে অৰ্থাৎ 18 জুলাই লৈকে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল সাংৱাদিক গৰাকীক ৷ পিছত 18 জুলাইৰ দিনা আদালতে সাংবাদিক গৰাকীৰ অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ 22 জুলাইলৈ বৃদ্ধি কৰিছিল ৷ তাৰ পিচত 22 জুলাইৰ দিনা আদালতে সাংবাদিক গৰাকীৰ অন্তৱৰ্তীকালীন জামিন পুনৰ 31 জুলাইলৈকে বৃদ্ধি কৰিছিল ৷ শুকুৰবাৰে ধুবুৰী আদালতে ৰাজীৱ শৰ্মাক জামিন প্ৰদান কৰে ৷

লগতে পঢ়ক : অযোধ্যালৈ ৰাওনা হ'ব অসমৰ হিন্দু সুৰক্ষা সেনাৰ প্ৰতিনিধি দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.