ETV Bharat / state

অযোধ্যালৈ ৰাওনা হ'ব অসমৰ হিন্দু সুৰক্ষা সেনাৰ প্ৰতিনিধি দল

author img

By

Published : Jul 31, 2020, 4:54 PM IST

হিন্দু সুৰক্ষাৰ সেনাৰ সচিব সুনীল সিঙে শুকুৰবাৰে মৰিগাঁও জিলা মিডিয়া ক্লাৱত সংবাদ মেল সম্বোধন কৰি জনাই যে, 5 আগষ্টত পবিত্ৰ ৰাম জন্মভূমিৰ পূণ্যভূমিত প্ৰতিষ্ঠা হ'বলগীয়া ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অসমৰ পৰা সংগঠনটোৰ পাঁচ শীৰ্ষ নেতৃত্বই অংশ লোৱাৰ লক্ষ্যৰে অযোধ্যালৈ যাব ৷

Morigaon
অযোধ্যালৈ ৰাওনা হ'ব অসমৰ হিন্দু সুৰক্ষা সেনাৰ প্ৰতিনিধি দল

মৰিগাঁও,31 জুলাইঃ 5 আগষ্টত আধাৰশিলা স্থাপন কৰা হ’ব ৰাম মন্দিৰৰ । সেয়ে উক্ত দিনা অযোধ্যালৈ গৈ ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাজ্যিক হিন্দু সুৰক্ষা সেনাৰ নেতৃত্বই ৷ লগতে ৰাম জন্মভূমিৰ পৰা ভূমি আনি ৰাজ্যত ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰিব বুলি এক সংবাদ মেলৰ জৰিয়তে জানিবলৈ দিয়ে হিন্দু সুৰক্ষা সেনাৰ ৰাজ্যিক নেতৃত্বই ৷

অযোধ্যালৈ ৰাওনা হ'ব অসমৰ হিন্দু সুৰক্ষা সেনাৰ প্ৰতিনিধি দল

লগতে পঢ়কঃ ৰাজস্থান ৰাজনৈতিক সংকট : জয়শালমেৰলৈ স্থানান্তৰিত হ'ব অশোক গেহটল শিবিৰৰ বিধায়কক

হিন্দু সুৰক্ষাৰ সেনাৰ সচিব সুনীল সিঙে শুকুৰবাৰে মৰিগাঁও জিলা মিডিয়া ক্লাৱত সংবাদ মেল সম্বোধন কৰি জনাই যে,5 আগষ্টত পবিত্ৰ ৰাম জন্মভূমিৰ পূণ্যভূমিত প্ৰতিষ্ঠা হ'বলগীয়া ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অসমৰ পৰা সংগঠনটোৰ পাঁচ শীৰ্ষ নেতৃত্বই অংশ লোৱাৰ লক্ষ্যৰে অযোধ্যালৈ যাব ৷

ইয়াৰোপৰি সংবাদ মেলৰ জৰিয়তে,উক্ত দিনটোত দেশৰ লগতে ৰাজ্যবাসীকো ধূপ দীপ জ্বলাই দীপাৱলী উদযাপন কৰাৰ বাবে আহ্বান জনাই হিন্দু সুৰক্ষা সেনাৰ সম্পাদক সুনীল সিঙে । আনহাতে হিন্দু সুৰক্ষা সেনাই ইতিমধ্যে সমাজত অব্যাহত থকা বিভিন্ন জেহাদ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লোৱা বুলি সদৰী কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.