ETV Bharat / state

ড্ৰাগছ সৰবৰাহৰ নেটৱৰ্কত পৰিণত ধুবুৰী

author img

By

Published : Feb 15, 2019, 10:11 AM IST

Updated : Feb 15, 2019, 10:55 AM IST

চিকিৎসা বিভাগৰ কৰ্মী জড়িত ড্ৰাগছ সৰবৰাহত

etv bharat


ধুবুৰী, ১৫ ফেব্ৰুৱাৰী : ধুবুৰীত অব্যাহত ড্ৰাগছৰ ৰমৰমীয়া বেহা। চিকিৎসা বিভাগৰ বাহনেৰে ড্ৰাগছ সৰবৰাহত লিপ্ত চিকিৎসা কৰ্মী। ৰাইজৰ ৰোষত পৰিল ড্ৰাগছ সৰবৰাহকাৰী।

dhubri drugs

দীৰ্ঘ দিনৰে পৰা ধুবুৰী জিলাত চলি আহিছে ড্ৰাগছৰ বেহা। আৰক্ষীৰ অভিযানত কেবাবাৰো ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ হৈছে যদিও বৰ্তমানেও আৰক্ষীৰ চকুত ধুলি চটিয়াই ড্ৰাগছৰ বেহাত লিপ্ত একাংশ চিকিৎসা কৰ্মী। বৃহস্পতিবাৰে নিশা কোকৰাঝাৰ চিকিৎসা কেন্দ্ৰৰ ৱাৰ্ড ৱয় এজনে চিকিৎসালয়খনৰে বাহনৰ যোগেদি সৰবৰাহ কৰিছিল অবৈধ ড্ৰাগছ। ধুবুৰীৰ নিউঘাট অঞ্চলৰ পৰা তীব্ৰ বেগেৰে আহি থকা বাহনখনে শংকিত কৰিছিল ৰাইজক। বাহনখনৰ গতি বৃদ্ধিৰ ফলত সন্দেহবশত বাহনখন ৰখাই সোধ-পোছত লাগিছিল স্থানীয় ৰাইজ। সোধ-পোছৰ পাচতেই পোহৰলৈ আহে বাহনখনত ঔষধ জাতীয় ড্ৰাগছ থকাৰ তথ্য। ঘটনাৰ ক্ষোভত ৰাইজে বাহনখনৰ চালক ছাইফুল ইছলামক উত্তম-মাধ্যম শোধোৱাৰ লগতে ভাঙি লণ্ড-ভণ্ড কৰে বাহনখনো। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চালকজন আটক কৰাৰ লগতে জব্দ কৰে ১০০ বটল কাফ চিৰাফ। বৰ্তমানে অভিযুক্ত চালকজনক চিকিৎসালয়ত ভৰ্তি কৰাইছে আৰক্ষীয়ে।

আনহাতে, একেইদিনাই জিলাখনৰ চাপৰ আৰক্ষীয়ে চলোৱা এক অভিযানতো উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ। চাপৰৰ হাৰ্দেমাৰাৰ চৰ এখনত ড্ৰাগছ জাতীয় ঔষধ খিনি সৰবৰাহৰ খবৰ লাভ কৰাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হৈছিল বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়া সহ চাপৰ আৰক্ষীৰ দল। ঘটনা স্থলীত এখন মিনি ট্ৰাকৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰায় ১৬ লাখ টকা মূল্যৰ ১০০ কাৰ্টুন নিচা জাতীয় ঔষধ। মুঠৰ ওপৰত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিলেও ধুবুৰী জিলাত এতিয়াও সক্ৰিয় হৈ আছে অবৈধ ড্ৰাগছৰ বৃহৎ নেটৱৰ্ক ।

Intro: ধুবুৰীত ড্ৰাগছ জাতীয় ঔষধৰ ৰোমৰমীয়া বেহা। দীৰ্ঘ দিনৰে পৰা ধুবুৰী জিলাত চলি আহিছে এনে ড্ৰাগছ জাতীয় ঔষধৰ কলা বজাৰ। আৰক্ষীৰ অভিযানত বিভিন্ন সময়ত ড্ৰাগছ জাতীয় ঔষধ জব্দ হৈছে যদিওঁ আজিও অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ। আনকি চিকিৎসকৰ প্ৰতীক চিহ্ন থকা বাহনত উদ্ধাৰ হল ড্ৰাগছ জাতীয় ঔষধ।


Body: ধুবুৰীত ড্ৰাগছ জাতীয় ঔষধৰ ৰোমৰমীয়া বেহা। দীৰ্ঘ দিনৰে পৰা ধুবুৰী জিলাত চলি আহিছে এনে অবৈধ ড্ৰাগছ জাতীয় ঔষধৰ কলা বজাৰ। ধুবুৰী আৰক্ষীৰ অভিযানত বিভিন্ন সময়ত ড্ৰাগছ জাতীয় ঔষধ জব্দ হৈছে যদিওঁ আজিও অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ। ইপিনে আজি ধুবুৰীত চিকিৎসকৰ প্ৰতীক চিহ্ন থকা বাহনৰ ভিতৰৰ পৰা ড্ৰাগছ জাতীয় ঔষধ উদ্ধাৰ হোৱাৰ পিছত আন এক ৰহস্যৰ সৃষ্টি কৰিছে।
হয়, প্ৰথমতে এ এছ -০১বিএফ-১৫০৫ নম্বৰৰ এইখন হোণ্ডা কোম্পানীৰ বাহনলৈ মন কৰক। বাহন খন ভাঙি চুৰমাৰ হৈ গৈছে। পিছে এয়া কোনো দুৰ্ঘটনাত পতিত হোৱা বাহন বুলি ভুল নকৰিব। চিকিৎসকৰ প্ৰতীক চিহ্ন থকা এইখন বাহন ভাঙিছে একাংশ উত্তেজিত জনতাই। জানিব পৰা মতে, নিশাৰ ভাগত ধুবুৰীৰ নিউঘাট অঞ্চলৰ পৰা তীব্ৰ বেগেৰে এ এম কোঃ ৰোড পথেৰে গৈ আছিল বাহন খন। বাহন খনৰ গতি বৃদ্ধিয়ে আতংকিত কৰিছিল ৰাইজক। কিন্তু তেনে সময়তে পিছ ফালৰ পৰা এচাম লোকে নুনিয়া পট্টি এলেকাত বাহনখন আবদ্ধ কৰি চালকৰ ৰূপত থকা ছাইফুল ইছলাম নামৰ এইজন যুৱকক আক্ৰমণ কৰে। আনহাতে বাহনখন ভাঙি চুৰমাৰ কৰে। এনে সময়তে ধুবুৰী আৰক্ষীয়ে খবৰ পাই ঘটনা স্থলীত উপস্থিত হৈ যুৱক জনক সংকটজনক উদ্ধাৰ কৰি ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই। যদিওঁ সংকট মুক্ত হোৱা নাই।
Byte:-আৰক্ষী

ইপিনে ছাইফুল ইছলাম নামৰ যুৱক জন কোকৰাঝাৰৰ কোনোবা স্বাস্থ্য কেন্দ্ৰত ৱাৰ্ড বয় হিচাপে কাম কৰাৰ কথা কোৱাৰ লগতে ৰাইজে আক্ৰমণ কৰিছে বুলি উল্লেখ কৰে। আনহাতে বাহনখন এজন চিকিৎসকৰ বুলি কয় আহত যুৱকজনৰ ভাতৃয়ে।
Byte:- আত্মীয়

উল্লেখযোগ্য যে, ৰাইজে ভাঙি চুৰমাৰ কৰা বাহন খনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰায় এশ বটল কফ চিৰাফ। উল্লেখযোগ্য যে, ঘটনাৰ তদন্তৰ খাতিৰত আৰক্ষীয়ে কোনো মন্তব্য দিব বিচৰা নাই যদিওঁ চিকিৎসকৰ প্ৰতীক চিহ্ন থকা বাহনৰ পৰা এনে অবৈধ কফ চিৰাফ উদ্ধাৰ হোৱা ঘটনাই আন এক ৰহস্যৰ সৃষ্টি কৰিছে।

ইপিনে আজি ধুবুৰী জিলা খনৰ চাপৰ আৰক্ষীয়ে চলোৱা এক অভিযানত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ অবৈধ ড্ৰাগছ জাতীয় ঔষধ। অভিযোগ মতে, চাপৰৰ হাৰ্দেমাৰাৰ চৰ এখনত ড্ৰাগছ জাতীয় ঔষধ খিনি সৰবৰাহৰ খবৰ লাভ কৰাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় বিলাসিপাৰা ৰাজহ চক্ৰ বিষয়া সহ চাপৰ আৰক্ষীৰ দল। পাছত ঘটনা স্থলীৰ পৰা এ এছ- ০১জিচি- ৩৯৬৪ নম্বৰৰ মিনি ট্ৰাকৰ পৰা ১০০ কাৰ্টুন নিচা জাতীয় ঔষধ উদ্ধাৰ কৰে। যাৰ বজাৰ মূল্য প্ৰায় ষোল্ল লাখ টকা।জানিব পৰা মতে চাপৰৰ ছালমা ড্ৰাগছ ডিষ্ট্ৰীবুটাৰ নামৰ ফাৰ্মাচী এখনৰ নামত চালান থকা ড্ৰাগছ জাতীয় অবৈধ ঔষধ সমূহ সৰবৰাহ কৰাৰ চেষ্টা কৰা হৈছিল।


Conclusion: মুঠৰ ওপৰত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিলেও ধুবুৰী জিলা খনত অবৈধ ড্ৰাগছৰ বৃহৎ নেটৱৰ্ক এতিয়াও সক্ৰিয় হৈ আছে। যি নেটৱৰ্কটোৱে বহিঃৰাজ্যৰ পশ্চিম বংগৰ পৰা ড্ৰাগছ সমূহ আমদানি কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে অৰুণাচল আৰু মেঘালয় লৈ ৰপ্তানি কৰি আহিছে বুলি জানিব পৰা গৈছে। যদিওঁ আৰক্ষীয়ে এই ক্ষেত্ৰত কেনে ভূমিকা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় বিষয়।।।


ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
Last Updated :Feb 15, 2019, 10:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.