ETV Bharat / state

ধুবুৰীত মৰ্মান্তিক নাও দুৰ্ঘটনা

author img

By

Published : Apr 10, 2019, 3:40 PM IST

নিহত দুই, বৰ্তমানেও সন্ধানহীন এটি শিশু

ধুবুৰীত নাও দুৰ্ঘটনা

নিউজ ডেস্ক, 10 এপ্ৰিলঃ এটা মৰ্মান্তিক ঘটনা ৷ বিবাহৰ নিশাই অমানিশা নামি আহিল এটা পৰিয়াললৈ ৷ কইনা লৈ দৰা ঘৰলৈ উভতি অহাৰ পথতেই নাও দূৰ্ঘটনাত পতিত হৈ গদাধৰৰ বুকুত বুৰ গ'ল 45 জনকৈ লোক ৷ থিতাতে মৃত্যুক সাৱটিলে দুজনকৈ লোকে ৷

ধুবুৰীত নাও দুৰ্ঘটনা
SLUG- A_DHB_808_811_10APRIL_BOAT_ACCIDENT_UPDATE_STORY_VIS+BYTE_SHAHANUR

( Files+Pic send through MOJO )


         Anchor:- ধুবুৰীৰ কুন্তীৰ চৰত শোকৰ ছাঁ। ২০১২ চনৰ ত্ৰিশ এপ্ৰিলৰ ভয়াৱহ নাওঁ দুৰ্ঘটনাৰ পুনৰাবৃত্তি ঘটিল মঙ্গলবাৰে নিশা ন মান বজাত। ধুবুৰীৰ মেলাঘাটৰ সমীপৰ গদাধৰ নৈত সংঘটিত ভয়াৱহ নাওঁ দুৰ্ঘটনাত নিহত দুই সন্ধানহীন এগৰাকী স্কুলীয়া ছাত্ৰী৷ প্ৰাণ ৰক্ষা দৰা কইনা সহ বহু যাত্ৰীৰ।

     vo:- হয়, ধুবুৰীৰ কুন্তীৰ চৰত শোকৰ ছাঁ। গাঁও খনৰ জাহেৰ আলীৰ ঘৰৰ পৰিৱেশ এয়া। ঘৰৰ ভিতৰত এগৰাকী মাতৃৰ হিয়া ভগা কান্দোন। বাহিৰত শোকাকূল গাঁওবাসী আত্মীয়। দৰাচলতে জাহেৰ আলীৰ আঠ বছৰীয়া কন্যা তথা ধুবুৰীৰ বি চি মেমৰিয়ালৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী জাহিদা খাতুন বৰ্তমানেও সন্ধানহীন এইখন গদাধৰ নৈত। আৰক্ষী এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিওঁ সন্ধান উলিয়াব পৰা নাই। সন্ধানহীন জাহিদা খাতুনৰ বাবে শোকত ভাগি পৰা মাতৃ গৰাকী বৰ্তমান অসুস্থ।

      উল্লেখযোগ্য যে, কুন্তীৰ চৰ দ্বিতীয় খণ্ড গাঁওৰ মনোৱাৰ হুছেইন আৰু একে গাঁওৰেই গদাধৰ নৈৰ সিপাৰৰ মঞ্জিলা খাতুনৰ বিবাহ সম্পন্ন হয় যোৱা সোমবাৰে। বিবাহ সম্পন্ন হোৱাৰ পিছত যোৱা মঙ্গলবাৰে   দৰা ঘৰৰ ভোজভাত সম্পন্ন হোৱাৰ পিছত কইনা ঘৰলৈ যাত্ৰা কৰিছিল দৰা কইনা সহ বিবাহ ঘৰৰ প্ৰায় ৪৫ জন লোক। ইয়াতেই ঘটিল ভয়ংকৰ অঘটন। বিৱাহযাত্ৰীৰ নাওঁখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় বিপৰীত দিশৰ পৰা অহা মালৱাহী নাওঁ এখনৰ। এই সংঘৰ্ষৰ ফলত বিবাহ যাত্ৰী নাওঁখন ভাঙি যাত্ৰীসহ ডুবিল পানীৰ তলত৷ লগে লগে লাগিল হুৱা দুৱা। বিবাহযাত্ৰী থকা নাওঁ খনত থকা দৰা কইনা সহ অধিকাংশ লোক বাহিৰলৈ ওলাই গৈ কোনোমতে প্ৰাণ ৰক্ষা পেলায়। যদিওঁ নাওঁ খনৰ ভিতৰত ৰৈ আছিল এটি শিশু আৰু এগৰাকী মহিলা। একাংশ লোকে লগে লগে বিবাহযাত্ৰীৰ নাওঁ খন উদ্ধাৰ কৰাৰ বিপৰীতে নাওঁ খনৰ পৰা সংকটজনক অৱস্থাত সাতজনকৈ লোকক ধুবুৰী অসামৰিক চিকিৎসালয় নিয়ে। যদিওঁ চিকিৎসকে চায়না বিবি নামৰ এগৰাকী মহিলা আৰু ১২ বছৰীয়া বাবৰ আলী নামৰ এগৰাকী মৃত্যু হোৱা বুলি ঘোষণা কৰে। ইপিনে আজি ৰাতিপুৱাৰ পৰা আৰক্ষী আৰু এছ ডি আৰ এফৰ দলে উদ্ধাৰ কাৰ্য্য অব্যাহত ৰাখিছে। যদিওঁ এই মুহূৰ্ত লৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই সন্ধানহীন হৈ থকা জাহিদা খাতুনৰ। উল্লেখযোগ্য যে, ধুবুৰীৰ লগতে অসম তথা দেশবাসীয়ে এতিয়াও পাহৰিব পৰা নাই ২০১২ চনৰ ত্ৰিশ এপ্ৰিলৰ ভয়াৱহ নাওঁ দুৰ্ঘটনাৰ কথা। এতিয়াও নিহতৰ আত্মাই কান্দোনৰ সুৰ ভাহি উঠে প্ৰতিজন ধুবুৰীবাসীৰ বুকুত। কিন্তু সেই ভয়াৱাহতাৰ কথা মুহূৰ্ততেই পাহৰিলে জিলা প্ৰশাসন আৰু বিভাগীয় কতৃপক্ষই। যাৰ ফলত পুনৰ ছয় বছৰৰ মূৰত অনুৰূপ ঘটনা ধুবুৰীত। অৱশ্যে কথমপি ৰক্ষা পৰিছে প্ৰায় অৰ্ধ শতাধিক যাত্ৰী। ইপিনে দুৰ্ঘটনা সংঘটিত কৰা নাওঁ দুখন আৰক্ষীয়ে জব্দ কৰি তদন্ত আৰম্ভ কৰিছে। এক দণ্ডাধীশ পৰ্য্যায়ৰ তদন্ত চলিব বুলি জনাইছে ধুবুৰী চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ জয় শৰ্মাই।

              সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.