ETV Bharat / state

Dhubri Sahitya Sabha : এশখন পতাকা উত্তোলনেৰে ধুবুৰী সাহিত্য সভাৰ শতবৰ্ষৰ কাৰ্যসূচী আৰম্ভ

author img

By

Published : Dec 26, 2022, 9:36 PM IST

Dhubri Sahitya Sabha
ধুবুৰী সাহিত্য সভাৰ শতবৰ্ষৰ কাৰ্যসূচী আৰম্ভ

সোমবাৰে আৰম্ভণি হ’ল ধুবুৰী সাহিত্য সভাৰ(Dhubri Sahitya Sabha) বছৰজোৰা কাৰ্যসূচীৰ ৷ এশখন পতাকা উত্তোলনে আৰম্ভ কৰা হ’ল শতবৰ্ষৰ কাৰ্যসূচী ৷ শুভাৰম্ভণি অনুষ্ঠানৰ লগত সংগতি ৰাখি বাহিৰ কৰা হ’ল বাৰেৰহনীয়া সাংস্কৃতিক শুভাযাত্ৰাৰ ৷

ধুবুৰী, 26 ডিচেম্বৰ : আৰম্ভণি হ’ল ধুবুৰী সাহিত্য সভাৰ গৌৰৱোজ্জল শতবৰ্ষৰ বছৰজোৰা কাৰ্যসূচীৰ ৷ ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত এশখন পতাকা উত্তোলনে আৰম্ভ কৰা হ’ল শতবৰ্ষৰ কাৰ্যসূচী (Centennial program of Dhubri Sahitya Sabha) ৷ উলিওৱা হ’ল বিশাল সাংস্কৃতিক শোভাযাত্ৰা ৷ সাহিত্য সভাৰ শতবৰ্ষ উপলক্ষে উখল-মাখল হৈ পৰিছে ধুবুৰী ৷

1971 চনত অসম সাহিত্য সভাই প্ৰতিষ্ঠা লাভ কৰাৰ পাঁচ বছৰ পিছত ধুবুৰীৰ একাংশ বৰেণ্য ব্যক্তিৰ প্ৰচেষ্টাৰ ফলত ১৯২৩ চনত প্ৰতিষ্ঠা লাভ কৰিছিল ধুবুৰী শাখা সাহিত্য সভাই । তেতিয়াৰ জমিদাৰ ৰবীন্দ্ৰ নাথ চৌধুৰীক প্ৰতিষ্ঠাপক সভাপতি আৰু প্ৰতিষ্ঠাপক সম্পাদক প্ৰমথনাথ চক্ৰৱৰ্তীৰ নেতৃত্বত ধুবুৰী শাখা সাহিত্য সভাই প্ৰাণ পাই উঠিছিল ৷

তেতিয়াৰ পৰাই ধুবুৰী শাখা সাহিত্য সভাৰ বৰ্ণিল যাত্ৰা আৰম্ভ হৈছিল । চাওঁতে চাওঁতে এশ বছৰত ভৰি দিয়া ধুবুৰী শাখা সাহিত্য সভাই সোমবাৰৰ পৰা বছৰজোৰা কাৰ্যসূচীৰে আৰম্ভ কৰে গৌৰৱোজ্জ্বল বৰ্ষপূৰ্তি (100 years of Dhubri Sahitya Sabha)। ধুবুৰী শাখা সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি উদয়ন চক্ৰৱৰ্তীৰ লগতে সম্পাদক হেমেন চক্ৰৱৰ্তী আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি পাচু গোপাল চক্ৰৱৰ্তীকে ধৰি ধুবুৰী বহু বিশিষ্ট সাহিত্যিক আৰু বৰেণ্য ব্যক্তিৰ উপৰিও উদযাপন সমিতিৰ সভাপতি হিচাবে জিলা উপায়ুক্ত দিবাকৰ নাথ উপস্থিত থাকে শুভাৰম্ভণিৰ কাৰ্যসূচীত ।

‘চিৰ চেনেহী মোৰ ভাষা জননী’ উদ্বোধনী গীতৰ জৰিয়তে কাৰ্যসূচী আৰম্ভ কৰা হয় । তাৰ পিছত পুৱা প্ৰায় চাৰে ন বজাত সাহিত্য সভাৰ সৈতে জড়িত এশগৰাকী বিশিষ্ট ব্যক্তিৰ জৰিয়তে সাহিত্য সভাৰ ১০০ খন পতাকা উত্তোলন কৰা হয় । ইপিনে সাহিত্য সভাৰ মূল পতাকা উত্তোলন কৰে ধুবুৰী শাখা সাহিত্য সভাৰ সভাপতি উদয়ন চক্ৰৱৰ্তীয়ে । পতাকা উত্তোলনৰ পিছত স্মৃতি তৰ্পন কৰা হয় ।

ধুবুৰী সাহিত্য সভাৰ শতবৰ্ষৰ কাৰ্যসূচী আৰম্ভ

তাৰ পিছতেই জিলা আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে(Dhubri District SP) উদ্বোধন কৰে বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰ । সাহিত্য সভাৰ বিষয়ববীয়া আৰু সকলো সদস্যৰ উপৰিও বিভিন্ন সাংস্কৃতিক দল, বিভিন্ন স্কুল কলেজৰ ছাত্ৰ ছাত্ৰবোৰে অংশগ্ৰহণ কৰে এই শোভাযাত্ৰাত । লগতে বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহৰ ফালৰ পৰাও সাহিত্য সভাৰ বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।

ইপিনে সন্ধিয়াৰ ভাগত সাহিত্য সভাৰ পতাকা অৱনমন কৰি এশগছি বন্তি প্ৰজ্জ্বলন কৰি সোমবাৰৰ কাৰ্যসূচীৰ সমাপ্ত কৰা হয় । উল্লেখ্য যে, সোমবাৰৰ পৰা আৰম্ভ হোৱা বছৰজোৰা বাৰেৰহনীয়া কাৰ্যসূচীৰ পিছত ২০২৪ৰ ডিচেম্বৰত ধুবুৰী সাহিত্য সভাৰ গৌৰৱোজ্জ্বল শতবৰ্ষ সমাপ্ত হ’ব বুলি ধুবুৰী সাহিত্য সভাৰ উদযাপন সমিতিয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Controversy on Bagh Hazarika: বাঘ হাজৰিকা ঐতিহাসিক চৰিত্ৰ নহয়, ড৹ মাধুৰ্যমণ্ডিত বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.