ETV Bharat / state

Molestation Case : দলবদ্ধ ধৰ্ষণৰ চেষ্টা চলায় আটক হ’ল শ্বহীদ আলী

author img

By

Published : Nov 15, 2021, 8:03 PM IST

Dhubri police arrest one for attempting gang rape
দলবদ্ধ ধৰ্ষণৰ চেষ্টা চলোৱা অভিযোগত এজনক আটক ধুবুৰী আৰক্ষীৰ

মহিলাক ধৰ্ষণ আৰু হত্যাৰ চেষ্টা চলোৱাৰ অপৰাধত আটক হ’ল শ্বহীদ আলী নামৰ এজন লোক ৷ এগৰাকী মহিলাৰ ঘৰত বলপূৰ্বক প্ৰৱেশ কৰি মহিলাৰ হাত ভৰি বান্ধি দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ চেষ্টা চলাইছিল সাতজন লগৰীয়া সহ শ্বহীদ আলীয়ে ৷

ধুবুৰী, 15 নৱেম্বৰ : এগৰাকী মহিলাক ধৰ্ষণ আৰু হত্যাৰ চেষ্টা চলোৱা অভিযোগত মঙলবাৰে এজন লোকক আটক কৰিছে ধুবুৰী আৰক্ষীয়ে ৷ জানিব পৰা মতে, এগৰাকীৰ মহিলাক বলপূৰ্বকভাৱে যৌন নিৰ্যাতন আৰু হত্যাৰ চেষ্টা চলোৱা এক ঘটনা প্ৰায় এমাহ পূৰ্বে সংঘটিত হৈছিল ধুবুৰীত ৷

ধুবুৰীৰ কাইম ভাষানী অঞ্চলৰ এগৰাকী মহিলাৰ ঘৰত বলপূৰ্বক প্ৰৱেশ কৰি মহিলাৰ হাত ভৰি বান্ধি দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ চেষ্টা চলাইছিল গাঁওখনৰেই এটা দুষ্ট চক্ৰই । গাঁওখনৰ শ্বহীদ আলী নামৰ এইজন লোকৰ লগতে দলটোত আছিল সাত গৰাকী লোক ৷

লগতে পঢ়ক: চাহ শ্ৰমিকৰ ঘৰত নৈশযাপনেৰে দলক বচোৱাৰ চেষ্টা ভূপেন বৰাৰ !

মহিলা গৰাকীয়ে অভিযোগ কৰা মতে, ঘৰত প্ৰৱেশ কৰি দুৰ্বৃত্তৰ দলটোৱে প্ৰথমে বিভিন্ন ভয়-ভাবুকি প্ৰদান কৰিছিল মহিলা গৰাকীক ৷ ইয়াৰ পাচতে মহিলা গৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰিছিল দুৰ্বৃত্তৰ দলটোৱে ৷ আনকি মহিলা গৰাকীক চিঞৰ-বাখৰ নকৰিবলৈ সকিয়াই দিছিল লোক কেইজনে ৷

যদি মহিলা গৰাকীয়ে চিঞৰ-বাখৰ কৰে তেন্তে তেওঁৰ সন্তানটিকো প্ৰাণে মৰাৰ ভাবুকি দিছিল লোক কেইজনে ৷ আনকি ঘৰ-বৰী জ্বলাই দিয়াৰো ভাবুকি দিছিল । ইয়াৰ পাচতে লোক কেইজনে মহিলাৰ গৰাকীৰ হাত-ভৰি বান্ধি ধৰ্ষণৰ চেষ্টা কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলা গৰাকীয়ে ৷

উল্লেখ্য যে, উক্ত ঘটনাটো সংঘটিত হোৱাৰ পাচতে মহিলা গৰাকীৰ স্বামীয়ে লোক কেইজনৰ বিৰুদ্ধে ধুবুৰী সদৰ আৰক্ষীৰ থানাত দাখিল কৰে এখন এজাহাৰ । কিন্তু উক্ত এজাহাৰ ভিত্তিত লোক কেইজনৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল আৰক্ষীয়ে ৷

লগতে পঢ়ক: MLA Training Camp: মুম্বাইৰ পিছত এইবাৰ দিছপুৰত বিধায়কৰ প্ৰশিক্ষণ

উপায়হীন মহিলা গৰাকীয়ে পৰৱৰ্তী সময়ত ঘটনাটোৰ সন্দৰ্ভত ধুবুৰী জিলা আৰক্ষীৰ অধীক্ষকৰ কাষ চাপে । লগে লগে আৰক্ষী অধীক্ষকে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে মহিলা গৰাকীক ৷ মহিলা গৰাকীয়ে ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ কাষ চপা ফলশ্ৰুতিতে তৎকালীনভাৱে এক অভিযান চলাই শ্বহীদ আলী নামৰ লোক জনক আটক কৰে ধুবুৰী আৰক্ষীয়ে ৷

বৰ্তমান ধৃত শ্বহীদ আলীক ঘটনা সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ইফালে দলটোত থকা আন সাত গৰাকী লোক পলাতক অৱস্থাত আছে বুলি আৰক্ষীৰ এক সূত্ৰ পৰা জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Suman Swargiary : সামৰিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন শ্বহীদগৰাকীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.