ETV Bharat / state

কিয় উত্তেজিত হৈ পৰিল ধুবুৰীৰ ই-ৰিক্সা চালক?

author img

By

Published : Jun 13, 2019, 6:46 PM IST

ৰিক্সা এৰি এতিয়া প্ৰতিবাদত নামিছে শতাধিক ই ৰিক্সা চালক

ই ৰিক্সা এৰি ধুবুৰী পৌৰসভা কাৰ্যালয়ত শতাধিক ই ৰিক্সা চালকে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ

ধুবুৰী,১৩ জুনঃ ধুবুৰীত ই-ৰিক্সা চালকৰ প্ৰতিবাদ । পৌৰসভা আৰু পৰিবহণ বিভাগৰ বিৰুদ্ধে ক্ষোভিত ই-ৰিক্সা চালকসকল । বৃহস্পতিবাৰে শতাধিক ই-ৰিক্সা চালকে ধুবুৰী পৌৰসভা কাৰ্যালয়ত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । ধুবুৰী পৌৰসভা, পৰিবহণ বিভাগ আৰু জিলা প্ৰশাসনৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি উত্তাল কৰি তোলে কাৰ্যালয়টোৰ চৌহদ । বিগত প্ৰায় তিনি বছৰৰ পৰা বহু কষ্ট কৰি বেংকৰ পৰা ঋণেৰে ই-ৰিক্সা ক্ৰয় কৰি এইসকল চালকে পৰিয়াল পোহপাল দি আহিছে। দিনটো ৰিক্সা চলাই চাৰিশৰ পৰা পাঁচশ টকা উপাৰ্জন কৰি পৰিয়াল পোহপাল দি আছে এইসকল ৰিক্সা চালকে । সেইখিনিলৈকে সকলো থিকেই আছিল । কিন্তু প্ৰথমাৱস্থাত পৌৰসভাই পঞ্জীয়ন নম্বৰ দিয়াৰ সিদ্ধান্ত লৈছিল যদিও পৰৱৰ্তী সময়ত জিলা পৰিবহণ বিভাগে পঞ্জীয়ন নম্বৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে । সেইমতে এমাহমান পূৰ্বে এবাৰ ই-ৰিক্সা সমূহ জব্দ কৰি আঢ়ৈ হাজাৰ টকাকৈ জৰিমনালৈ অহা ছেপ্টেম্বৰ মাহলৈকে চাৰি মাহ সময় সীমা বান্ধি দি পঞ্জীয়ন কৰিবৰ বাবে নিৰ্দেশ দিছিল জিলা পৰিবহণ বিভাগে । যদিও চাৰি মাহ পাৰ নৌহওঁতেই বৃহস্পতিবাৰে পৰিবহণ বিভাগৰ নিৰ্দেশমতেই যান-বাহন আৰক্ষীয়ে ১৪০ খন ই-ৰিক্সা জব্দ কৰে । ফলত উপাৰ্জন বন্ধ হৈ যোৱাৰ উপক্ৰম হোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এইসকল চালকৰ মাজত ।

ৰিক্সা এৰি এতিয়া প্ৰতিবাদত নামিছে শতাধিক ই ৰিক্সা চালক

উল্লেখযোগ্য যে, প্ৰথমাৱস্থাত ধুবুৰীত বহু ব্যৱসায়ীয়ে চীনৰ পৰা আমদানি হোৱা ই-ৰিক্সা ক্ৰয় কৰিছিল যদিও সম্পূৰ্ণ জি এছ টি আদায় দিছিল । সেই সময়ত ব্যৱসায়ীসকলক চীনৰ ই-ৰিক্সাসমূহ বিক্ৰী কৰাৰ বাবে দোকানৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছিল ধুবুৰী পৌৰসভাই । যদিও হঠাৎ চীনৰ ই-ৰিক্সাৰ চলাচল বন্ধ কৰি দিয়াৰ পিছত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সকলোৰে মাজত । পৰিবহণ বিভাগৰ চাৰি মাহৰ সময়সীমা পাৰ নৌহওঁতেই বৃহস্পতিবাৰে পুনৰ জাননী নিদিয়াকৈ ই-ৰিক্সাসমূহ জব্দ কৰি প্ৰতিখন ই-ৰিক্সাৰ পৰা আঢ়ৈ হাজাৰ টকা জৰিমনা বিহা হৈছে । ইয়াক লৈ ক্ষোভিত হৈ পৰা ই-ৰিক্সা চালকসকলে ধুবুৰী পৌৰসভাৰ কাৰ্যালয়ত উপস্থিত হৈ এইদৰে প্ৰতিবাদমুখী হৈ উঠে ।

Intro: ধুবুৰীত ই ৰিক্সা চালকৰ প্ৰতিবাদ। ই ৰিক্সা এৰি ধুবুৰী পৌৰসভা কাৰ্য্যালয়ত শতাধিক ই ৰিক্সা চালকৰ উত্তাল প্ৰতিবাদ। পৌৰসভা আৰু পৰিবহণ বিভাগৰ বিৰুদ্ধে ক্ষোভিত ফাটি পৰিছে ই ৰিক্সা চালক সকল।


Body: প্ৰতিবাদত উত্তাল ধুবুৰী পৌৰসভা কাৰ্য্যালয়। শতাধিক ই ৰিক্সা চালকে আজি এইদৰেই ক্ষোভত ফাটি পৰিছে। ধুবুৰী পৌৰসভা, পৰিবহণ বিভাগ আৰু জিলা প্ৰশাসনৰ বিৰুদ্ধে হায় হায় মূর্দাবাদ ধ্বনিত উত্তাল কৰি তুলিছে পৰিস্থিতি। কিন্তু কিয় ?
দৰাচলতে, এই সকল দৰিদ্ৰ নিবনুৱা বিগত প্ৰায় তিনি বছৰৰ পৰা বহু কষ্ট কৰি বেংক ঋণ লৈ এখন এখন ই ৰিক্সা ক্ৰয় কৰি লৈ নিজৰ পৰিয়াল পোহপাল দিয়াৰ এটা পথ বাছি লৈছে। দিনটো ৰিক্সা চলাই চাৰিশৰ পৰা পাঁচ শ টকা উপাৰ্জন কৰি পৰিয়ালক লৈ সুখে দুখে দুবেলা দুমুঠি ভাত খাবলৈ সক্ষম হৈছে। প্ৰথমাৱস্থাত পৌৰসভাই পঞ্জীয়ন নম্বৰ দিয়াৰ সিদ্ধান্ত লৈছিল যদিও পৰৱৰ্তী সময়ত জিলা পৰিবহণ বিভাগে পঞ্জীয়ন নম্বৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেইমতে এমহমান পূৰ্বে এবাৰ ই ৰিক্সা সমূহ জব্দ কৰি আঢ়ৈ হাজাৰ টকাকৈ জৰিমনা লৈ অহা ছেপ্টেম্বৰ মাহ লৈকে চাৰি মাহ সময় সীমা বান্ধি দি পঞ্জীয়ন কৰিবৰ বাবে নিৰ্দেশ দিছিল জিলা পৰিবহণ বিভাগে। যদিওঁ চাৰি মাহ পাৰ নৌহওতেই আজি পৰিবহন বিভাগৰ নিৰ্দেশ মতেই যান বাহন যান বাহন আৰক্ষীয়ে ১৪০ খন ই ৰিক্সা জব্দ কৰে। ফলত উপাৰ্জন বন্ধ হৈ যোৱাৰ ফলত হাঁহাকাৰৰ সৃষ্টি হৈছে এই সকল চালকৰ মাজত।
উল্লেখযোগ্য যে, প্ৰথমাৱস্থাত ধুবুৰীত বহু ব্যৱসায়ীয়ে চায়নাৰ পৰা আমদানি হোৱা ই ৰিক্সা ক্ৰয় কৰিছিল যদিওঁ সম্পূৰ্ণ জি এছ টি টেক্স আদায় দিছিল। সেই সময়ত ব্যৱসায়ী সকলক চায়নাৰ ই ৰিক্সা সমূহ বিক্ৰী কৰাৰ বাবে দোকানৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছিল ধুবুৰী পৌৰসভাই। যদিওঁ হঠাৎ চায়নাৰ ই ৰিক্সাৰ চলাচল বন্ধ কৰি দিয়াৰ পিছত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সকলোৰে মাজত। যদিওঁ জিলা পৰিবহণ বিভাগৰ নিৰ্দেশনাক মানি লৈ বহুতেই পঞ্জীয়ন কৰোৱাৰ বিপৰীতে জীৱন বীমা কৰোৱাইছে। তেনে সময়তে পৰিবহণ বিভাগৰ চাৰি মাহৰ সময়সীমা পাৰ নৌহওতেই আজি পুনৰ জাননী নিদিয়াকৈ ই ৰিক্সা সমূহ জব্দ কৰি প্ৰতিখন ই ৰিক্সাৰ পৰা আঢ়ৈ হাজাৰ টকা জৰিমনা বিহা হৈছে। ইয়াক লৈ ক্ষোভিত হৈ পৰা ই ৰিক্সা চালক সকলে ধুবুৰী পৌৰসভাৰ কাৰ্য্যালয়ত উপস্থিত এইদৰে প্ৰতিবাদত উত্তাল কৰি তোলে।
Byte:- প্ৰতিবাদকাৰী



Conclusion: অৱশ্যে, পৌৰসভাৰ ফালৰ পৰা এই সমস্যা সমাধানৰ আশ্বাস প্ৰদানৰ পিছতহে পৰিস্থিতি শান্ত হয়। যদিওঁ কিদৰে সমস্যা সমাধান কৰা হয় সেয়াই লক্ষণীয় বিষয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.