ETV Bharat / state

ধুবুৰীত অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায়

author img

By

Published : Jan 25, 2021, 4:02 PM IST

Updated : Jan 25, 2021, 5:24 PM IST

dhubri cattle_smuggling
ধুবুৰীত অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায়

ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায় । বহিঃৰাজ্যৰ পৰা ট্ৰাকে ট্ৰাকে উন্নত প্ৰজাতিৰ চোৰাং গৰু সৰবৰাহ কৰা হৈছে অসমত । অসম-বংগ সীমান্তত পুনৰ জব্দ হল ত্ৰিশ টাকৈ চোৰাং গৰু ।

ধুবুৰী, 25 জানুৱাৰী : ৰাজ্যত এতিয়াও অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায় । বিগত কিছু বছৰৰ পৰা ৰাজ্যখনত ধাৰাবাহিক ভাৱে গৰুৰ চোৰাং ব্যৱসায় অব্যাহত আছে । ৰাজ্য চৰকাৰে এই চোৰাং ব্যৱসায় বন্ধ কৰাৰ আশ্বাস দি দিছপুৰৰ গাদী দখল কৰিছিল যদিও গৰুৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং ছিণ্ডিকেট বন্ধ কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰি আহিছে ৰহস্যজনক ভূমিকা । যাৰ সুযোগ লৈ গৰুৰ আন্তঃৰাষ্ট্ৰীয় ছিণ্ডিকেটে চক্ৰই গৰুৰ চোৰাং ব্যৱসায় অব্যাহত ৰখাৰ অভিযোগ উত্থাপন হৈছে ।

উল্লেখ্য যে, বহিঃৰাজ্যৰ পৰা ট্ৰাকে ট্ৰাকে গৰু সমূহ আনি অসম বংগ সীমান্তৰে অসমলৈ অনা হয় । অসম বংগ সীমান্তৰ পৰা কিছু পৰিমাণৰ গৰু ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাৰ ভাৰত-বাংলা সীমান্তৰে বাংলাদেশলৈ চালান দিয়াৰ বিপৰীতে আন কিছু গৰু গুৱাহাটী লৈ নিয়া হয় । আনকি কিছু পৰিমাণৰ গৰু মেঘালয়েৰে বাংলাদেশলৈ চোৰাং চালান দিয়া হৈছে । মুঠৰ ওপৰত ৰাজ্যখনত আজিও সক্ৰিয় হৈ আছে আন্তঃৰাষ্ট্ৰীয় চোৰাং গৰুৰ বৃহৎ ছিণ্ডিকেট । ইপিনে বিগত বৰ্ষত ধুবুৰী আৰক্ষীয়ে কুখ্যাত গো মাফিয়া আদম আলীকে ধৰি কেইবাজনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ পিছতো বন্ধ হোৱা নাই গৰুৰ ছিণ্ডিকেট ।

সোমবাৰে পুৱতি নিশা অসম বংগৰ ছাগলীয়াত আৰক্ষীয়ে অভিযান চলাই UP-21CN/5373 নম্বৰৰ এখন কন্টেইনাৰ সহ জব্দ কৰে ৩০ টাকৈ উন্নত জাতৰ গৰু । গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে কন্টেইনাৰ সহ জব্দ কৰে গৰু কেইটা । লগতে চালক আৰু হেণ্ডিমেন সহ তিনিজনক আটক কৰে আৰক্ষীয়ে। আৰক্ষীয়ে উল্লেখ কৰা মতে বহিঃৰাজ্যৰ পৰা অহা গৰু সমূহ লৈ ট্ৰাকখনে গুৱাহাটী অভিমুখে যাত্ৰা কৰিছিল । ইপিনে কন্টেইনাৰ খনে বিস্কুট কঢ়িয়াই নিয়া বুলি ভুৱা নথি পত্ৰ প্ৰস্তুত কৰিছিল বুলিও উল্লেখ কৰে ধুবুৰী আৰক্ষীয়ে ।

dhubri cattle_smuggling
ধুবুৰীত অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায়

ইপিনে গো মাফিয়া আদম আলীকে ধৰি আটাইকেজন জেলৰ পৰা জামিনত মুক্তি লাভ কৰাৰ পিছত পুনৰ গৰুৰ চোৰাং ছিণ্ডিকেট আৰম্ভ কৰা বুলি সন্দেহ প্ৰকাশ কৰে ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই । লগতে বাংলাদেশৰ বেল্লাল নামৰ আন এজন কুখ্যাত গো মাফিয়া ৰাজ্যখনৰ বিশাল গৰুৰ ছিণ্ডিকেটৰ সৈতে জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰে জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ।

ধুবুৰীত অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায়

ধুবুৰী আৰক্ষীয়ে ইতিমধ্যে গৰুৰ এই বিশাল ছিণ্ডিকেটৰ অন্তৰালত জড়িত থকা গো মাফিয়া সকলৰ তথ্য লাভ কৰিছে যদিও আৰক্ষীয়ে পৰৱৰ্তী সময়ত কেনে সফলতা লাভ কৰে সেয়া সময়তহে লক্ষণীয় হ‘ব ।
লগতে পঢ়ক: বেলতলাৰ জামে মছজিদত প্ৰৱেশ কৰা কোন এই 15 জনীয়া দুৰ্বৃত্ত ?

Last Updated :Jan 25, 2021, 5:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.