ETV Bharat / state

Himanta Biswa Sarma is in Dhubri:দুদিনীয়া কাৰ্যসূচী লৈ ধুবুৰীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Jun 20, 2023, 4:24 PM IST

ধুবুৰীৰ গোলকগঞ্জত উপস্থিত হৈ প্ৰথমে মুখ্যমন্ত্ৰীয়ে শুভ উদ্বোধন কৰে বহু প্ৰতীক্ষিত গংগাধৰ নৈৰ ৭০০ মিটাৰ দৈৰ্ঘ্যৰ নৱ নিৰ্মিত দলংখন । তাৰ পিচতেই ভাৰত বাংলা সীমান্তৰ সত্ৰশালত অৱস্থিত গুৰুজনাৰ ৰামৰাইকুটি সত্ৰত উপস্থিত হৈ সেৱা জনায় মুখ্যমন্ত্ৰীয়ে ।

Dhubri
ধুবুৰীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ধুবুৰীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ধুবুৰী, 20 জুন : প্ৰতিকূল বতৰৰ মাজতো দুদিনীয়া কাৰ্যসূচী লৈ মংগলবাৰে ধুবুৰীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । গুৱাহাটীৰ পৰা পোনে পোনে গৈ দিনৰ প্ৰায় এঘাৰ বজাত উপস্থিত হয় ধুবুৰীৰ গোলকগঞ্জত । প্ৰায় ৭৪ কোটি টকা ব্যয়েৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা গংগাধৰ নৈৰ ওপৰত থকা গোলকগঞ্জ-কানুৰী দলঙৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

গোলকগঞ্জ-কানুৰী সংযুক্ত উক্ত দলংখনৰ দৈৰ্ঘ্য প্ৰায় ৭০০ মিটাৰ । স্বাধীনতাৰ পিচত প্ৰয়াত প্ৰাক্তন বিধায়ক দীনেশ চন্দ্ৰ সৰকাৰৰ দিনৰ পৰাই গংগাধৰ নৈৰ ওপৰত এখন দলং নিৰ্মাণৰ দাবী উত্থাপন কৰি অহা হৈছিল । অৱশেষত ২০১৭ চনত নির্মাণ কাৰ্য আৰম্ভ হয় দলংখনৰ । ২০২১ চনতেই নির্মাণ কাৰ্য সম্পন্ন হোৱাৰ পিচত আজি ৰাইজৰ বাবে উচৰ্গা কৰা হয় দলংখন ।

ভাৰত বাংলা সীমান্তৱৰ্তী অঞ্চলটোৰ অৰ্থ সামাজিক উন্নয়নৰ ক্ষেত্ৰত এক ইতিবাচক ভূমিকা পালন কৰিব এই দলংখনে । ইপিনে এইখন দলং প্ৰয়াত প্ৰাক্তন বিধায়ক দীনেশ চন্দ্ৰ সৰকাৰৰ নামত নামাকৰণ কৰাৰ দাবী উত্থাপন হৈছে যদিও চৰকাৰে এতিয়ালৈকে গ্ৰহণ কৰা নাই কোনো সিদ্ধান্ত । অৱশ্যে দলংখনৰ শুভ উদ্বোধন কৰা মানেই ধুবুৰীৰ বাবে ভাল খবৰ আৰু ভাল খবৰেৰে কাম আৰম্ভ হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

আনহাতে কাৰ্যসূচীৰ পিচত উভতি যোৱাৰ সময়ত পথৰ কাষত থিয় হৈ থকা হেজাৰ হেজাৰ ভাগিনক সাক্ষাৎ কৰিবলৈ নাপাহৰিলে মুখ্যমন্ত্ৰীয়ে । মামা মামা বুলি চিঞৰা ভাগিনহতৰ সৈতে হাত মিলাই চেল্ফি উঠি বিদায় ল’লে সকলোৰে মামা হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ পিচত ভাৰত বাংলা সীমান্তৰ সত্ৰশালত অৱস্থিত গুৰুজনাৰ ঐতিহাসিক সত্ৰ শ্ৰী শ্ৰী ৰামৰাইকুটি সত্ৰত গৈ উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । সত্ৰত সেৱা জনাই সত্ৰাধিকাৰ সকলৰ সৈতে সাক্ষাৎ কৰি সত্ৰৰ সকলো দিশৰ বুজ লয় তেওঁ ।

বিয়লিৰ ভাগত ধুবুৰীৰ পৰা বিলাসীপাৰাত উপস্থিত হৈ এখন জনসভাত অংশগ্ৰহণ কৰাৰ পিছত সন্ধিয়া ৰথ যাত্ৰা কাৰ্যসূচীত অংশ লয় তেওঁ । তাৰ পিচতে সন্ধিয়া ধুবুৰীৰ ঝাগৰাৰ পাৰ ষ্টেডিয়ামত আয়োজিত বিষ্ণু ৰাভা দিৱসত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ ।

লগতে পঢ়ক : Ambubachi 2023 : অম্বুবাচী উপলক্ষে সহস্ৰাধিক ভক্তৰ সমাগম ঘটিছে কামাখ্যা ধামত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.