ETV Bharat / state

ষট পূজা : ধুবুৰীৰ পাঁচটা পাৰঘাটত লক্ষাধিক ভক্তৰ সমাগম

author img

By

Published : Nov 11, 2021, 12:44 PM IST

ধুবুৰীৰ পাঁচটা পাৰঘাটত ষট পূজা(Chhath Puja) উদযাপন ৷ পুৱাৰ ভাগত সূৰ্য দেৱতাক আৰাধনা কৰাৰ উদ্দেশ্যে নৈৰ পাৰঘাটত সমবেত হয় লক্ষাধিক ভক্ত ।

chhath puja celebrated in dhubri
ধুবুৰীত ষট পূজা

ধুবুৰী, 11 নৱেম্বৰ : ষট পূজা(Chhath Puja) উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰীৰ পাঁচটাকৈ পাৰঘাটত বিৰাজ কৰিছে উখল-মাখল পৰিৱেশে ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত সূৰ্য দেৱতাক পূজা অৰ্চনা কৰাৰ উদ্দেশ্যে ধুবুৰীৰ পাঁচটাকৈ নৈৰ পাৰঘাটত সমবেত হৈছে লাখ লাখ ভক্ত ।

chhath puja celebrated in dhubri
ধুবুৰীত ষট পূজা

সূৰ্য উদয় হোৱাৰ লগে লগে সূৰ্য দেৱতাক আৰাধনা কৰে ভক্তসকলে । চাৰি দিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে ষট পূজা ৷ প্ৰথম দিনা লাও ভাত খোৱা হয়, দ্বিতীয় দিনা খৰ্ণা পূজা, তৃতীয় আৰু চতুৰ্থ দিনা নৈৰ ঘাটত সূৰ্য দেৱতাক আৰাধনা কৰি কঠিন ব্ৰত পালন কৰা হয় ।

chhath puja celebrated in dhubri
ধুবুৰীত ষট পূজা

উল্লেখ্য যে, পূৰ্বে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ হিন্দু ধর্মৰ বিহাৰী সম্প্ৰদায়ৰ লোকসকলে এই ষট পূজা উদযাপন কৰিছিল ৷ কিন্তু বৰ্তমানহিন্দু ধর্মৰ বিভিন্ন সম্প্ৰদায়ৰ লোকসকলে এই পূজা কৰা পৰিলক্ষিত হয় ৷ পূৰ্বৰ পৰম্পৰা আৰু বিশ্বাস অনুসৰি অনুষ্ঠিত হয় ষট পূজা ।

chhath puja celebrated in dhubri
ধুবুৰীত ষট পূজা

প্ৰতিবছৰৰ দৰে এইবেলিও ধুবুৰীৰ পাঁচটাকৈ পাৰঘাটত এই পূজাৰ আয়োজন কৰা হৈছে ৷ সূৰ্য উদয় হোৱাৰ লগে লগে উদিত সূৰ্যক আৰাধনা কৰি নিজ নিজ ঘৰলৈ উভতি যায় ভক্তসকলে । লক্ষণীয় বিষয় যে, পাৰঘাটত সমবেত হোৱা লাখ লাখ ভক্তৰ ভিতৰত কোনো এজনেই ক’ভিড বিধি মানি চলা দেখা নগ’ল ৷ সম্পূৰ্ণৰূপে ক’ভিড প্ৰট’কল(Covid Protocol) ভংগ কৰি উদযাপন কৰা হৈছে ষট পূজা ৷

ধুবুৰীত ষট পূজা

লগতে পঢ়ক : মহানগৰীত ধৰ্মীয় ৰীতি-নীতিৰে পালন ষট পূজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.