Cattle smuggling not ended: ধুবুৰীত সৰবৰাহৰ সময়তে আৰক্ষীয়ে জব্দ কৰিলে 11 টা গৰু

author img

By

Published : Dec 26, 2022, 8:22 AM IST

Cattle rescued in Dhubri

ধুবুৰীত গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান (Cattle smuggling in Dhubri)৷ একেদিনাই দুটাকৈ অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিলে বহিঃৰাজ্য তথা চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ চালান দিবলৈ অনা 11 টাকৈ গৰু (Cattle rescued in Dhubri) ৷ আৰক্ষীৰ অভিযানৰ উমান পাই গৰু এৰি পলাই পত্ৰং দিলে সৰবৰাহকাৰীয়ে ৷

ধুবুৰীত আৰক্ষীয়ে জব্দ কৰিলে গৰু

ধুবুৰী, 26 ডিচেম্বৰ: গো-সুৰক্ষা আইন 2021 (Cattle preservation act 2021) বলৱৎ হোৱাৰ পিছত ৰাজ্যত গৰুৰ চোৰাং সৰবৰাহ কিছু পৰিমানে ৰোধ হৈছে যদিও, ই সমূলি অন্ত পৰা নাই ৷ বৰ্তমানেও ৰাজ্যৰ বহুকেইটা স্থানত অব্যাহত আছে এই সৰবৰাহ (Cattle smuggling in Assam) ৷ পূৰ্বৰ কৌশল পৰিত্যাগ কৰি ন ন কৌশল অৱলম্বনেৰে অসাধু চক্ৰই চলাই গৈছে গো-ধনৰ সৰবৰাহ তথা বিক্ৰী ৷ ৰাজ্যত চোৰাং ব্যৱসায়ী চক্ৰই সৰবৰাহ চলাই যোৱাৰ সমান্তৰালকৈ কাষৰীয়া ৰাজ্য তথা চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈকো গোপনে চালান দি আহিছে গো-ধন (Cattle supply to abroad of Assam) ৷

বিশেষকৈ নামনি অসমৰ ধুবুৰী জিলাত গো-ধনৰ চোৰাং সৰবৰাহে অসম আৰক্ষীকো বিমোৰত পেলাইছে ৷ আৰক্ষীৰ অভিযানকো চেৰ পালাই পূৰ্বৰ কৌশল পৰিৱৰ্তন কৰি ন-কৌশলেৰে জিলাখনৰ বিভিন্ন অঞ্চলেৰে গোপনভাৱে আন্তঃৰাষ্ট্ৰীয় চোৰাং সৰবৰাহকাৰীয়ে গো-ধনসমূহক বাংলাদেশলৈ চালান দি আহিছে (Cattle smuggling continues in Assam) ৷

শেহতীয়াকৈ এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত দেওবাৰে জিলাখনৰ দুটা পৃথক অঞ্চলত আৰক্ষীয়ে অভিযান চলায় (Operation against cattle smuggling) ৷ এই অভিযান কালত আৰক্ষীয়ে চোৰাংভাৱে সৰবৰাহ কৰা ১১ টাকৈ গো-ধন জব্দ কৰে । অৱশ্যে আৰক্ষীৰ অভিযানৰ উমান পাই চোৰাং সৰবৰাহকাৰী দল দুটা পলাই যাবলৈ সক্ষম হয় ৷

ধুবুৰী জিলাৰ বন্দিহানা আৰক্ষী চকীৰ এগৰাকী উপ-পৰিদৰ্শক আবুল কাছেমে জানিবলৈ দিয়া অনুসৰি, এক গোপন তথ্যৰ ভিত্তিত বন্দিহানা আৰক্ষী চকীৰ অন্তৰ্গত গলাকটা অঞ্চলত অভিযান চলাই চাৰিটাকৈ গৰু উদ্ধাৰ কৰা হৈছে (Cattle rescued in Dhubri)। উদ্ধাৰ হোৱা গৰুকেইটা চোৰাংভাৱে বাংলাদেশলৈ চালান দিয়াৰ প্ৰক্ৰিয়া চলাই থকাৰ সময়তেই আৰক্ষীৰ দলে অভিযান চলায় ৷ আৰক্ষীয়ে গো-ধনকেইটা উদ্ধাৰ কৰে যদিও অভিযানৰ উমান পাই চোৰাং সৰবৰাহকাৰীকেইটা পলাই যাবলৈ সক্ষম হয় । অৱশ্যে গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে অভিযান অব্যাহত আছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Basistha Temple Guwahati : মন্দিৰৰ প্ৰাংগণত চলা যুৱতীৰ সুৰাৰ আড্ডাত সচেতন লোকৰ অভিযান

আনহাতে, শনিবাৰে নিশা এখন বিলাসী বাহন স্কৰপিঅ’ত ভৰাই গো-ধন সৰবৰাহৰ সময়তে ধুবুৰীৰ গোলকগঞ্জ আৰক্ষীয়ে গো-ধনসহ জব্দ কৰে বাহনখন । আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা ডব্লিউ বি ৭৪ এফ ৮২৭৬ নম্বৰৰ স্কৰপিঅ’ বাহনখনত ৭ টাকৈ গৰু ভৰাই গৈ আছিল ৷ এই তথ্য লাভ কৰাৰ পাছতে বাহনখন পাৰ হোৱাৰ পূৰ্বেই জিলাখনৰ গোলকগঞ্জ আৰক্ষীৰ এটা দলে তামাৰহাটৰ ৰাজপথত বহুৱাই নাকা চেকিং ৷

সেই স্থান পাৰ হ’ব খোজা বাহনখন আৰক্ষীৰ দলে ৰখাবলৈ চেষ্টা কৰে যদিও সৰবৰাহকাৰীয়ে গৰুভৰ্তি বাহনখন সাহেবগঞ্জ হৈ গৌৰীপুৰ অভিমুখে লৈ তীব্ৰ বেগত পলায়ন কৰে ৷ পিছত গোলকগঞ্জ আৰক্ষীৰ দলটোৱে পিছে পিছে খেদি গৈ গৌৰীপুৰ অঞ্চলত গৰু ভৰ্তি বাহনখন ৰখাবলৈ সক্ষম হয় ৷ কিন্তু অন্ধকাৰৰ সুযোগ লৈ বাহনখনৰ চালককে ধৰি সৰবৰাহকাৰীয়ে বাহন এৰি পলায়ন কৰে । পাছত আৰক্ষীৰ দলটোৱে স্কৰপিঅ’খনৰ পৰা ৭ টাকৈ গো-ধন উদ্ধাৰ কৰে ৷

উল্লেখ্য যে, 2021 চনত ৰাজ্যত বলৱৎ হোৱা গো-সুৰক্ষা আইনত গো-ধনৰ সুৰক্ষা দিয়াই নহয়, চোৰাং বেহা আৰু অবৈধভাৱে গো-মাংস বিক্ৰী কৰা লোকৰ ক্ষেত্ৰত কঠোৰ শাস্তি প্ৰদানৰ দিহা আছে ৷ সেই অনুসৰি এই আইন ভংগ কৰোতাক ৩ বছৰৰ পৰা ৮ বছৰলৈ কাৰাদণ্ডৰ লগতে ৩ ৰ পৰা ৫ লাখ টকালৈকে জৰিমনা বিহাৰ নিৰ্দেশনা উল্লেখ আছে ৷ বিধেয়কখনত থকা আন এক গুৰুত্বপূৰ্ণ বিষয় হৈছে, অসমক গৰু সৰবৰাহৰ কৰিড'ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ দিয়া নহ'ব ৷ কেৱল কৃষিকাৰ্যত ব্যৱহাৰ কৰাৰ বাবেহে অনুমতি সাপেক্ষে গৰু বিক্ৰী বা সৰবৰাহ কৰিব পাৰিব ৷

লগতে পঢ়ক: Illegal Liquor in Nalbari: নলবাৰীৰ আৰিকুছিত ৰাইজে আবদ্ধ কৰি ৰাখিলে আৰক্ষীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.