ETV Bharat / state

বি টি আৰ চুক্তিক লৈ সৰৱ বিপিএফ নেত্ৰী মুন মুন ব্ৰহ্ম

author img

By

Published : Sep 28, 2020, 10:04 PM IST

একাংশই নিজৰ সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ বি টি আৰ চুক্তিক লৈ ৰাজনীতি আৰম্ভ কৰিছে বুলি নামনধৰাকৈ একাংশক ক্ষুৰধাৰ সমালোচনা কৰে মুন মুন ব্ৰহ্মই ৷ উল্লেখ্য যে, কেইদিনমান পূৰ্বে এখন সংবাদমেলৰ জৰিয়তে অসমৰ বিত্তমন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিটিচিক বি টি আৰ হোৱা বুলি ঘোষণা কৰাৰ পাছৰে পৰাই বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷

BPF leader Moon Moon Brahma oppse BTR
বি টি আৰ চুক্তিক লৈ সৰৱ বিপিএফ নেত্ৰী মুন মুন ব্ৰহ্ম

ধুবুৰী, 28 ছেপ্তেম্বৰ: বি টি আৰ চুক্তিৰ বিৰোধিতাৰে জাঙুৰ খাই উঠিছে বিপিএফ দল ৷ পূৰ্বৰে পৰা বি টি আৰ চুক্তিৰ বিৰোধিতা কৰি অহা বি পি এফে সোমবাৰেও বিৰোধিতা কৰিছে বি টি আৰ চুক্তিৰ। সোমবাৰে বি টি এ ডিৰ পৰ্বতঝৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত আয়োজিত হোৱা এক প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ অসম চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিপিএফ নেত্ৰী মুন মুন ব্ৰহ্ম ৷ ইয়াৰ ওপৰিও নাম উল্লেখ নকৰাকৈ একাংশ ৰাজনৈতিক দালালৰ বিৰুদ্ধে সৰৱ হৈ পৰে নেত্ৰী গৰাকী ৷ একাংশই নিজৰ সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ বি টি আৰ চুক্তিক লৈ ৰাজনীতি আৰম্ভ কৰিছে বুলি নামনধৰাকৈ একাংশক ক্ষুৰধাৰ সমালোচনা কৰে মুন মুন ব্ৰহ্মই ৷ উল্লেখ্য যে, কেইদিনমান পূৰ্বে এখন সংবাদমেলৰ জৰিয়তে অসমৰ বিত্তমন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বি টি চি ক বি টি আৰ হোৱা বুলি ঘোষণা কৰাৰ পাছৰে পৰাই বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷

বি টি আৰ চুক্তিক লৈ সৰৱ বিপিএফ নেত্ৰী মুন মুন ব্ৰহ্ম

আনহাতে বি টি চি নাম সলনি কৰিবলৈ হলে অসম বিধানসভা আৰু লোকসভাৰ মজিয়াত ভাৰতীয় আইন সংশোধনীৰ প্ৰস্তাৱ গৃহীত কৰিহে বি টি আৰ কৰিব পাৰিব বুলি উল্লেখ কৰে বি পি এফ নেত্ৰী গৰাকীয়ে ৷ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিচি এতিয়াৰ পৰা বি টি আৰ হ'ল বুলি ঘোষণা কৰিছে যদিওঁ সেইয়া মিছা কথা বুলি উল্লেখ কৰিছে বি পি এফে ৷ উল্লেখ্য যে, বি টি আৰ চুক্তিৰ বিৰুদ্ধে গভীৰভাৱে সৰৱ হৈ পৰিছে বিপিএফ । অনাগত দিনত বি টি আৰ চুক্তিৰ বিৰুদ্ধে বি পি এফে কি ভূমিকা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় বিষয় ৷

লগতে পঢ়ক:কেনে আছে ভ্ৰাম্যমাণৰ শিল্পীসকল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.